জিৰণি লোৱাৰ বাবে বুমৰাহক ১৮ কোটি টকা দিব নেকি BCCI য়ে? কি ক’লে ভৰত অৰুণে…
ভাৰতীয় খেলুৱৈ যশপ্ৰীত বুমৰাহক লৈ প্ৰাক্তন বলিং প্ৰশিক্ষকে দিয়া এটা মন্তব্য এতিয়া তীব্ৰ চৰ্চাত আছে। তেওঁ বুমৰাহক জিৰণি লোৱাৰ বাবে উপদেশ দিছে।

বৰ্তমান সময়ত শ্ৰেষ্ঠ বলাৰসকলৰ ভিতৰত যশপ্ৰীত বুমৰাহৰ নামো আছে। নিসন্দেহ বুমৰাহ এজন উচ্চমানৰ খেলুৱৈ। কিন্তু সমস্যা এয়াই যে যশপ্ৰীয়ে প্ৰায়ভাগ সময় আঘাতপ্ৰাপ্ত হৈ থাকে। অষ্ট্ৰেলিয়া ভ্ৰমণৰ পাছত ইংলেণ্ডতো তেওঁ আঘাতপ্ৰাপ্ত হৈছিল, যাৰ বাবে ৫ খন টেষ্ট মেচৰ মাত্ৰ ৩ খনহে তেওঁ খেলিব পাৰিছিলি। শেহতীয়াকৈ বুমৰাহৰ এনে অৱস্থাক লৈ বিশেষ মত প্ৰকাশ কৰিছে প্ৰাক্তন বলিং প্ৰশিক্ষক ভৰত অৰুণে।
প্ৰাক্তন বলিং প্ৰশিক্ষকগৰাকীৰ মতে, ভাৰতীয় দলৰ বলাৰসকল সুৰক্ষিত হৈ থকা আৱশ্যক। বুমৰাহৰ দৰে এজন বলাৰে গুৰুত্বপূৰ্ণ শৃংখলাৰ পূৰ্বে আই পি এল খেলিব নালাগে আৰু বি চি চি আইয়ে তেওঁক জিৰণি দিব লাগে। ইমানেই নহয়, বুমৰাহক ক্ষতিপূৰণ দিব লাগে বুলিও কয়।
কি ক’লে ভৰত অৰুণে
বম্বে স্প’ৰ্টছ এক্সচেঞ্জৰ প’ডকাষ্টত অংশ গ্ৰহণ কৰি ভৰত অৰুণে এইসমূহ মন্তব্য কৰে। তেওঁ আৰু কয় যে, বেগী বলাৰসকলে তিনিওটা ফৰ্মেট খেলিব নোৱাৰে। স্পিনাৰ আৰু বেটছমেনৰ বাবে তিনিটা ফৰ্মেটত খেলা কঠিন নহয় যদিও বেগী বলাৰৰ বাবে এয়া এক প্ৰকাৰ অসম্ভৱ। ইংলেণ্ড শৃংখলাৰ পূৰ্বে যদি তেওঁক আই পি এল খেলিব নিদিলেহেতেন তেন্তে তেওঁ কামত আহিলহেতেন। বলাৰসকলক সুৰক্ষিত কৰি ৰাখিব লাগে। বুমৰাহৰ দৰে এজন বলাৰক গুৰুত্বপূৰ্ণ শৃংখলাৰ পূৰ্বে জিৰণি দিব লাগে আৰু বিচিচিআইয়ে তেওঁলোকক ইয়াৰ ক্ষতিপূৰণ দিব লাগে কাৰণ তেওঁলোক চুক্তিৰ অংশ। এয়া তেওঁলোকৰ বাবে ভাল।
BCCI য়ে দিব নেকি ১৮ কোটি
উল্লেখ্য যে, এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও ভৰত অৰুণে আই পি এলৰ পৰা বুমহাৰক বিৰতি দিব লাগে বুলি কৈছিল। কিন্তু প্ৰশ্ন হয়, বিচিচিআইয়ে বুমৰাহক ১৮ কোটি টকা দিবনে? তথ্য অনুসৰি, মুম্বাই ইণ্ডিয়ানছে আই পি এলৰ প্ৰতিটো ছিজনৰ বাবে বুমৰাহক ১৮ কোটি টকা দিয়ে। গতিকে যদি বুমৰাহে আই পি এল নেখেল বা আৰাম কৰে তেন্তে ১৮ কোটি টকা লাভ নকৰে। তেনেক্ষেত্ৰত প্ৰশ্ন হয়, সেই টকা বিচিচিআইয়ে দিব নেকি? যদি এই ধন বিচিচিআইয়ে বুমৰাহক দিয়েও তাৰ পাছত মুম্বাই ইণ্ডিয়ানছে ডাঙৰ লোকচানৰ সন্মুখীন হ’ব লাগিব।
নিশ্চিতভাবে বুমৰাহক জিৰণি দিয়াৰ সন্দৰ্ভত ভৰত অৰুণে সঠিক কথা কৈছে। কিন্তু আই পি এলৰ পৰা আঁতৰি থাকিলে বুমৰাহ নিজেও ক্ষতিগ্ৰস্ত হ’ব। কিয়নো কেৱল টকাই নহয়, আই পি এলে বুমৰাহক জনপ্ৰিয়তা লাভ কৰাত সহায় কৰি আহিছে। ইয়াৰোপৰি আই পি এলেও বুমৰাহৰ দৰে খেলুৱৈৰ বাবে টি আৰ পি লাভ কৰি আহিছে। গতিকে বুমৰাহৰ দৰে খেলুৱৈ আঁতৰিলে নিশ্চয়কৈ আই পি এলৰ জনপ্ৰিয়তা প্ৰভাৱিত হ’ব।
অন্য খবৰ পঢ়কঃ ষ্টাৰলিংকক প্ৰত্যাহ্বান জিঅ’ৰ! দ্ৰুত ইন্টাৰনেট সেৱাৰ বাবে আৰম্ভ কৰিলে ডিজিটেল টুইন ব্যৱস্থা…