শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

এছিয়া কাপত ভাৰত-পাকিস্তানৰ মেচ! বিচিচিআইয়ে ক’লে, ‘ভাৰত চৰকাৰে….’

ভাৰত আৰু পাকিস্তানৰ মাজৰ শেহতীয়া ৰাজনৈতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এছিয়া কাপ এতিয়াও অনিশ্চয়তাৰ মাজত সোমাই পৰিছে। তাৰ মাজতে এক বিশেষ পোষ্টাৰে ক্ৰিকেট অনুৰাগীৰ মাজত ব্যাপক জল্পনা-কল্পনাৰ সৃষ্টি কৰিছে। এই পোষ্টাৰখন মুকলি কৰিছে চ’নী স্প’ৰ্টছে।

এছিয়া কাপত ভাৰত-পাকিস্তানৰ মেচ! বিচিচিআইয়ে ক’লে, ‘ভাৰত চৰকাৰে….’
এছিয়া কাপক লৈ দূৰ হোৱা নাই অনিশ্চয়তাImage Credit source: Alex Davidson-ICC/ICC via Getty Images
monjit-dutta
Monjit Dutta | Published: 27 Jun 2025 14:19 PM

চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত ভাৰতত অনুষ্ঠিত হ’ব এছিয়া কাপ ২০২৫। এই এছিয়া কাপ ২০২৫লৈ মাজত আছে আৰু মাত্ৰ তিনিটা মাহ, পিছে প্ৰতিযোগিতাখনক লৈ এতিয়াও দূৰ হোৱা নাই সন্দেহৰ ডাৱৰ। মূলতঃ ভাৰত আৰু পাকিস্তানৰ মাজৰ শেহতীয়া ৰাজনৈতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এছিয়া কাপ এতিয়াও অনিশ্চয়তাৰ মাজত সোমাই পৰিছে। তাৰ মাজতে এক বিশেষ পোষ্টাৰে ক্ৰিকেট অনুৰাগীৰ মাজত ব্যাপক জল্পনা-কল্পনাৰ সৃষ্টি কৰিছে। এই পোষ্টাৰখন মুকলি কৰিছে চ’নী স্প’ৰ্টছে।

এছিয়া কাপৰ অফিচিয়েল ব্ৰডকাষ্টাৰ চ’নী স্প’ৰ্টছ। চ’নীয়ে মুকলি কৰা এছিয়া কাপৰ পোষ্টাৰত ভাৰত, বাংলাদেশ আৰু শ্ৰীলংকাৰ অধিনায়কক দেখা গৈছে। পিছে এই পোষ্টাৰত নাই পাকিস্তানৰ অধিনায়ক। ইয়াৰ পিছতে সৃষ্টি হৈছে ব্যাপক চৰ্চাৰ। স্বাভাৱিকতেই এঁছিয়া কাপত ভাৰত আৰু পাকিস্তানৰ মুখামুখি হোৱাৰ সম্ভাৱনা প্ৰবল। পিছে দুয়োখন দেশৰ শেহতীয়া পৰিস্থিতিৰ পিছত দল দুটা মুখামুখি হ’বনে, সেয়া সন্দেহৰ বিষয়।

জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে অপাৰেচন সেন্দূৰৰ জৰিয়তে পাকিস্তানৰ বহু সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰে। ইয়াৰ পিছত দুয়োখন দেশৰ মাজত উত্তেজনা বহু পৰিমাণে বৃদ্ধি পাইছিল। দুয়োখন দেশৰ মাজত সম্প্ৰতি যুদ্ধবিৰতি থাকিলেও ক্ৰিকেটত দুয়োদেশৰ সংঘাতৰ প্ৰভাৱ পৰিলক্ষিত হৈছে। এনে পৰিস্থিতিত এছিয়া কাপ ২০২৫ৰ বাবে পাকিস্তানে ভাৰত ভ্ৰমণ নকৰাটো এক কথাত নিশ্চিত।

 

পিছে নিৰপেক্ষ কোন স্থানত খেলিব আৰু দুয়োটা দলৰ মাজত মেচ হ’বনে সেয়া এতিয়াও চৰ্চাৰ বিষয়। এতিয়া বিচিচিআইয়ে এই সন্দৰ্ভত ভাৰত চৰকাৰৰ পৰা নিৰ্দেশনা পোৱাৰ পিছতহে সিদ্ধান্ত লোৱা হ’ব বুলি উল্লেখ কৰিছে। বিচিচিআইৰ সূত্ৰ মতে এই বিষয়ত এতিয়ালৈকে কোনো নিশ্চয়তা প্ৰকাশ পোৱা নাই। অপাৰেচন সিন্দুৰৰ পিছত ভাৰত-পাকিস্তানৰ মেচখন সন্দেহৰ আৱৰ্তত সোমাই পৰিছে আৰু এই বিষয়ত ভাৰত চৰকাৰৰ সৈতে আলোচনা কৰা হ’ব বুলি সূত্ৰই লগতে কয়।

উল্লেখ্য যে বৰ্তমান পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ মুৰব্বী মহছিন নাকৱী এছিয়ান ক্ৰিকেট কাউঞ্চিলৰ সভাপতি। আনহাতে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ অধ্যক্ষ অৰুণ ধুমলো এই ব’ৰ্ডৰ সদস্য। গতিকে এছিয়া কাপ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত এছিয়ান ক্ৰিকেট কাউঞ্চিলৰ ভূমিকাও লক্ষণীয় হ’ব।