TV9 ASSAM
স্তনৰ সমস্যা কেৱল মহিলাৰেই নহয় পুৰুষৰ ক্ষেত্ৰতো থাকে। বহু সময়ত পুৰুষৰ স্তন মহিলাৰ দৰে ডাঙৰ হৈ পৰা দেখা যায়। এই কথাত বিদ্ৰুপৰো সন্মুখীন হ’বলগা হয়।
কিছু লোকে উল্লেখ কৰা মতে এই সমস্যা অধিক ওজন থকা লোকৰ ক্ষেত্ৰত এনে হ’ব পাৰে। পিছে ইয়াৰ প্ৰকৃত কাৰণ কি? বিশেষজ্ঞ চিকিৎসক এছ এ মালিকে এই বিষয়ে উল্লেখ কৰিছে।
চিকিৎসা বিজ্ঞানৰ ভাষাত পুৰুষৰ স্তনৰ এনে আকাৰ বৃদ্ধি ‘গাইনেকোমাষ্টিয়া’ বুলি কোৱা হয়। হৰম’ন অৰ্থাৎ ইষ্ট্ৰজেন আৰু টেষ্টষ্টেৰনৰ ভাৰসাম্যহীনতা থাকিলে এনে হ’ব পাৰে।
এছ এ মালিকে কয় যে ইষ্ট্ৰজেন বৃদ্ধি আৰু টেষ্টষ্টেৰন কমি গ’লে এই সমস্যা হ’ব পাৰে। এই সমস্যা শিশুৰ শৰীৰত হ’ব পাৰে, যদি মাতৃৰ শৰীৰত ইষ্ট্ৰজেন বেছি থাকে।
বয়সৰ লগে লগে যিহেতু দেহত টেষ্টষ্টেৰন কমিবলৈ আৰম্ভ কৰে, সেয়েহে এনে সমস্যা হ’ব পাৰে। কিছুমান ঔষধৰ বাবেও এইধৰণৰ সমস্যা হ’ব পাৰে।
উচ্চ ৰক্তচাপৰ ঔষধত থকা কেলচিয়াম ব্লকাৰ, গেছৰ ঔষধত চিমেটিডিন, কেমোথেৰাপি, থাইৰয়ড বা অন্যান্য বিভিন্ন কাৰণত এনে হ’ব পাৰে।
চিকিৎসকৰ মতে নিপ’লৰ পৰা কোনো ধৰণৰ তৰল পদাৰ্থৰ নিৰ্গমন হয়, স্তন দুটা অসমানভাৱে বৃদ্ধি হ’লে, বিষ হ’লে বা স্পৰ্শ কৰিলে কিবা কঠিন অনুভৱ হ’লে সাৱধান হোৱা প্ৰয়োজন।
তেনে ক্ষেত্ৰত স্তন কেন্সাৰ বা আন কোনো সমস্যা আছে নে নাই পৰীক্ষা কৰাটো গুৰুত্বপূৰ্ণ। নহ’লে ডাঙৰ বিপদ হ’ব পাৰে। পলম নকৰাকৈ চিকিৎসকৰ পৰামৰ্শ লওক।
পঢ়িবলৈ ক্লিক কৰক
বিশ্বৰ আটাইতকৈ শান্তিপূৰ্ণ দেশৰ তালিকা