শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

দ্বিতীয় টেষ্টৰ বাবে ইংলেণ্ড দল ঘোষণাঃ ভাৰতক চিন্তিত কৰি উভতিল এইগৰাকী তাৰকা

ভাৰত আৰু ইংলেণ্ডৰ মাজত চলিত টেষ্ট শৃংখলাৰ দ্বিতীয়খন টেষ্ট অহা ২ জুলাইৰ পৰা আৰম্ভ হ’ব। এই টেষ্টখনৰ বাবে ইংলেণ্ড ক্ৰিকেট ব’ৰ্ডে আজি দল ঘোষণা কৰিছে। এই টেষ্টৰ বাবে ইংলেণ্ড দললৈ প্ৰত্যাৱৰ্তন ঘটিছে এগৰাকী তাৰকা খেলুৱৈৰ।

monjit-dutta
Monjit Dutta | Updated On: 26 Jun 2025 19:45 PM
যোৱা ২৪ জুনত অন্ত পৰিল ভাৰত আৰু ইংলেণ্ডৰ মাজৰ টেষ্ট শৃংখলাৰ প্ৰথমখন টেষ্ট। এই মেচখনত এক শক্তিশালী স্থিতিত থকাৰ পিছতো ইংলেণ্ডৰ বেটিং বিক্ৰমত ভাৰতীয় দল পৰাজয়ৰ সন্মুখীন হৈছিল। প্ৰথম টেষ্টত জয়েৰে ঘৰুৱা দল ইংলেণ্ডে পাঁচখনীয়া মেচৰ শৃংখলাটোত ১-০ৰ অগ্ৰগতি লাভ কৰিছে। ঘৰুৱা পৰিৱেশত এই ধাৰা অব্যাহত ৰখাৰ লক্ষ্যৰে এতিয়া দ্বিতীয় টেষ্টৰ বাবে সাজু হৈছে ষ্ট’কছ বাহিনী।

1 / 5
অহা ২ জুলাইৰ পৰা আৰম্ভ হ’ব এই শৃংখলাৰ দ্বিতীয়খন টেষ্ট আৰম্ভ হ’ব। এই মেচখন বাৰ্মিংহামৰ এডজবাষ্টনত অনুষ্ঠিত হ’ব। প্ৰথম টেষ্টত জয়ৰ পিছত স্বাভাৱিকতেই মনোবল বৃদ্ধি পাইছে ঘৰুৱা দলটোৰ। এই সময়তে আজি ইংলেণ্ড ক্ৰিকেট ব’ৰ্ডে দ্বিতীয় টেষ্টৰ বাবে ইংলেণ্ড দল ঘোষণা কৰিছে। ঘোষিত এই দলটোৱে ভাৰতীয় শিবিৰত একপ্ৰকাৰে চিন্তাৰ পৰিৱেশ সৃষ্টি কৰিছে। কিয়নো ৪ বছৰৰ পিছত টেষ্ট দললৈ প্ৰত্যাৱৰ্তন ঘটিছে দলটোৰ এগৰাকী তাৰকাৰ।

2 / 5
আজি ঘোষিত টেষ্ট দলত ইংলেণ্ড ক্ৰিকেট ব’ৰ্ডে স্থান দিছে তাৰকা পেচাৰ জ’ফ্ৰা আৰ্চাৰক। ৪ বছৰতকৈ অধিক সময়ৰ পাছত প্ৰথমবাৰৰ বাবে টেষ্ট দলত স্থান পাইছে পেচাৰগৰাকীয়ে। সততে আঘাতৰ সমস্যাৰে যুঁজিবলগা হোৱা আৰ্চাৰৰ প্ৰত্যাৱৰ্তন এফালে যিদৰে ইংলেণ্ড দলৰ বাবে সকাহৰ খবৰ হিচাপে বিবেচিত হৈছে, আনফালে চিন্তিত হৈছে ভাৰতীয় অনুৰাগী।

3 / 5
নিজ কেৰিয়াৰত ১৩খন টেষ্টত আৰ্চাৰে এইপৰ্যন্ত ৪২টা উইকেট দখল কৰিছে। লক্ষণীয়ভাৱে ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত তাৰকা পেচাৰগৰাকীয়ে ভাৰতৰ বিৰুদ্ধেই অন্তিমখন টেষ্ট খেলিছিল। ইংলেণ্ডৰ বাউন্সী উইকেটত যে আৰ্চাৰৰ পৰা ভাৰতীয় বেটাৰ কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব সেয়া নিশ্চিত।

4 / 5
দ্বিতীয় টেষ্টৰ বাবে ঘোষিত ইংলেণ্ড দলঃ বেন ষ্ট’কছ (অধিনায়ক), জ’ফ্ৰা আৰ্চাৰ, ছোৱেইব বছিৰ, জেকব বেথেল, হেৰী ব্ৰুক, ব্ৰাইডন কাৰ্ছ, ছেম কুক, জেক ক্ৰ’লি, বেন ডাকেট, জেমী অভাৰটন, অলি পোপ, জ’ ৰুট, জেমী স্মিথ, জোছ টংগু, ক্ৰীছ ৱ’কছ।

5 / 5