ৰাজ্যত ৩৪০০ মেগাৱাট তাপবিদ্যুৎ প্ৰকল্পৰ ৰূপায়ণৰ পৰিকল্পনা, মুখ্যমন্ত্রীয়ে কৰিলে ঘোষণা
সোণাপুৰত অনুষ্ঠিত হোৱা উত্তৰ-পূৰ্বাঞ্চল খনি মন্ত্ৰীসকলৰ সন্মিলনত আজি অংশগ্ৰহণ কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। সন্মিলনত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই অসমত ৩৪০০ মেগাৱাট তাপবিদ্যুৎ প্রকল্প ৰূপায়ণৰ বাবে ৰাজ্য চৰকাৰে পৰিকল্পনা কৰিছে বুলি জানিবলৈ দিয়ে।

কেন্দ্ৰীয় কয়লা আৰু খনিজ মন্ত্ৰী জি কিষাণ ৰেড্ডিৰ উপস্থিতিত গুৱাহাটীৰ সোণাপুৰত অনুষ্ঠিত হৈছে উত্তৰ-পূৰ্বাঞ্চল খনি মন্ত্ৰীসকলৰ সন্মিলন। এই সন্মিলনত আজি অংশগ্ৰহণ কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। সন্মিলনত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই তিনি বছৰ পূৰ্বে নাগালেণ্ডত অনুষ্ঠিত হোৱা প্ৰথম সন্মিলনে এক উল্লেখযোগ্য মাইলৰ খুঁটি নিৰ্মাণ কৰিছিল বুলি অভিহিত কৰে। এই সন্মিলনত উত্তৰ পূৰ্বাঞ্চলৰ সকলো ৰাজ্যকে এক সমূহীয়া মঞ্চত একত্ৰিত কৰি খনিজ খণ্ডৰ সৈতে জড়িত মূল বিষয়সমূহৰ ওপৰত আলোচনা কৰা হৈছিল বুলিও তেওঁ দোহাৰে।
সেই ভেটিৰ আধাৰতে আন্তঃৰাজ্যিক সহযোগিতা শক্তিশালী কৰা, উপযোগীমূলৰ নীতি, পৰিকাঠামো বিকশিত কৰা আৰু অঞ্চলটোৰ খনিজ সম্পদ ভৱিষ্যত গঢ় দিব পৰা নতুন প্ৰযুক্তিৰ ব্যৱহাৰ আৰু বিনিয়োগৰ সুযোগ অন্বেষণৰ উদ্দেশ্যে সন্মিলন আয়োজিত হৈছে বুলিও তেওঁ লগতে কয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে এই গুৰুত্বপূৰ্ণ সম্মিলন আয়োজন কৰাৰ বাবে কেন্দ্ৰীয় কয়লা আৰু খনিজ মন্ত্রী জি কিষাণ ৰেষ্ট্ৰীক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে।
তেওঁ লগতে কয় যে ড’নাৰ মন্ত্রণালয়ৰ দায়িত্বত থকা সময়ত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অনাবিষ্কৃত সম্ভাৱনা মুকলি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল আৰু এতিয়া খনিজ মন্ত্রী হিচাপে খনিজ সম্পদক অর্থনৈতিক বিকাশৰ মূল চালিকা শক্তি হিচাপে ব্যৱহাৰ কৰাৰ বাবে কৌশলগত পদক্ষেপ দ্রুতগতিত আৰম্ভ কৰিছে। ইফালে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বৰ বাবে উত্তৰ-পূৰ্বাঞ্চল আজি পৰিৱৰ্তন, প্ৰগতিৰ সাক্ষী হৈ পৰিছে আৰু অঞ্চলটোৰ জনসাধাৰণৰ দীৰ্ঘদিনীয়া আকাংক্ষা বাস্তৱত পৰিণত হৈছে বুলিও তেওঁ মন্তব্য কৰে।
বিভিন্ন খণ্ডত প্ৰধানমন্ত্ৰীৰ সাহসী পদক্ষেপে উন্নয়নৰ এক নতুন গতি প্রদান কৰিছে বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই মন্তব্য কৰে। মুখ্যমন্ত্রীগৰাকীয়ে কয় যে দীর্ঘদিন ধৰি বন্ধ হৈ থকা কয়লা ক্ষেত্ৰসমূহ প্ৰধানমন্ত্ৰীৰ নীতিগত হস্তক্ষেপৰ বাবে মুকলি হৈ পৰিল আৰু ইয়াৰ সুফল লাভ কৰাটো সম্ভৱ হৈ উঠিছে। প্ৰধানমন্ত্ৰীৰ বিকাশৰ বাবে থকা এই প্রয়াসক অধিক ত্বৰান্বিত কৰাৰ প্ৰয়োজনীয়তা আছে আৰু অসম চৰকাৰে এই দিশত সর্বাধিক গুৰুত্ব আৰোপ কৰিছে বুলিও তেওঁ কয়।
ভাষণ প্রসংগত মুখ্যমন্ত্রীগৰাকীয়ে ৰাজ্যৰ খনিজ সম্পদৰ অন্বেষণৰ দিশত থকা দীঘলীয়া ইতিহাসৰ বিষয়েও সুঁৱৰে। তেওঁ কয় যে ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ সংস্থাসমূহলৈ খনিজ সম্পদ আৰু পেট্রলিয়ামৰ অন্বেষণ, অনুজ্ঞা পত্র আৰু লিজিং খনন পট্টা অঞ্চলৰ পৰা উৎপাদিত বিভিন্ন খনিজ, তেল আৰু প্ৰাকৃতিক গেছৰ ওপৰত ৰয়েল্টি ইত্যাদি দায়িত্ব বিভাগটোক দিয়া হৈছে। ইফালে চুণশিল ব্লক নিলামৰ প্রক্রিয়াও আৰম্ভ হৈছে বুলিও তেওঁ ভাষণত জানিবলৈ দিয়ে।
তেওঁ সদৰী কৰা মতে বিভাগে ডিমাহাচাও জিলাৰ বড়োহাংদুং আৰু উমৰাংছু অঞ্চলত সাতটা চূণশিলৰ ব্লকৰ নিলামৰ কাম আৰম্ভ কৰিছে। ইয়াৰ পাঁচটা ব্লক ইতিমধ্যে সফলতাৰে নিলাম কৰা হৈছে আৰু নিবিদা লাভ কৰা সকলক লেটাৰ অৱ ইনডেণ্ট প্ৰদান কৰা হৈছে বুলি তেওঁ প্ৰকাশ কৰে। দুটা চূণ শিলৰ ব্লক দ্বিতীয় পৰ্যায়ৰ নিবিদা প্রক্রিয়াত আছে আৰু ২০২৫ চনৰ ভিতৰত নিলাম হোৱা সম্ভাৱনা আছে বুলি তেওঁ জানিবলৈ দিয়ে।
খনি মন্ত্রণালয়ৰ সহযোগত ৰাজ্য চৰকাৰে কাৰ্যক্ষম হৈ নথকা চূণশিল খনি পুনৰুজ্জীৱিত কৰাৰ পৰিকল্পনা কৰিছে বুলিও মুখ্যমন্ত্রীগৰাকীয়ে ভাষণত কয়। ইফালে এডভান্টেজ আছাম ২.০ সন্মিলনৰ বিষয়ে আলোকপাত কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে এই সন্মিলনৰ সময়ত খনি আৰু খনিজাত বিভাগে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিনিয়োগকাৰীৰ সৈতে ৪৬ হাজাৰ কোটি টকাৰ অধিক পুঁজিৰ ১৪ খন বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছে। সেই চুক্তিবোৰক কাৰ্যকৰী কৰাৰ দিশত ৰাজ্য চৰকাৰে পদক্ষেপ আৰম্ভ কৰিছে বুলিও তেওঁ কয়।
ভাষণ প্ৰসংগত মুখ্যমন্ত্রীগৰাকীয়ে পাহাৰীয়া জিলাসমূহত খনিজ সম্পদ অন্বেষণৰ বাবে ৰোড মেপ প্ৰস্তুত কৰা হৈছে বুলিও জানিবলৈ দিয়ে। অসম খনিজ নীতি প্ৰণয়নৰ দিশত ৰাজ্য চৰকাৰ অগ্ৰসৰ হৈছে বুলিও তেওঁ সদৰী কৰে। অসম ক্ষুদ্র খনিজ ৰেহাই ন্যাস, ২০২৫ সংশোধন কৰি ঘূর্ণীয়মান অর্থনীতি ভিত্তিক শূন্য আৱৰ্জনা খনন প্ৰৱৰ্তন কৰা হৈছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়।
তেওঁ জানিবলৈ দিয়া মতে, খনিজ অন্বেষণ ট্রাষ্টে চূণশিল, লোহা আৰু চিলিমেনাইটৰ তিনিটা অন্বেষণ প্রকল্প সম্পূর্ণ কৰিছে। ডিমাহাচাও জিলাৰ লাৰ্বোত কয়লা অন্বেষণৰ ক্ষেত্ৰত কেন্দ্ৰীয় খনি পৰিকল্পনা আৰু ডিজাইন প্রতিষ্ঠানে যথেষ্ট অগ্রগতি লাভ কৰিছে। কাৰ্বি আংলং জিলাৰ আমলখী চিলনিজানৰ লালদেৰা আৰু ছার্পো-টেৰনত কয়লাৰ অন্বেষণ ব্যক্তিগত অন্বেষণ সংস্থাই আৰম্ভকৰিছে। প্রধানমন্ত্রী খনিজ ক্ষেত্র কল্যাণ যোজনাৰ অধীনত ৰাজ্যৰ বিভিন্ন জিলাত খোৱাপানী, শিক্ষা, অনাময়, মহিলা আৰু শিশুৰ কল্যাণ আদি খণ্ডত বিভিন্ন সম্প্রদায় পৰ্যায়ৰ প্ৰকল্প ৰূপায়ণ কৰা হৈছে।
অসমত ৩৪০০ মেগাৱাট তাপবিদ্যুৎ প্রকল্প ৰূপায়ণৰ বাবে ৰাজ্য চৰকাৰে পৰিকল্পনা কৰিছে বুলিও তেওঁ উল্লেখ কৰে। তেওঁ সদৰী কৰা মতে কেন্দ্ৰীয় চৰকাৰে ইয়াৰ বাবে কয়লা দিয়াৰ আশ্বাস প্রদান কৰিছে। সেই আশ্বাস ক্ষিপ্ৰতাৰে ৰূপায়ণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আহ্বান জনায়। যৌথ উদ্যোগত ১ হাজাৰ মেগাৱাট সৌৰশক্তি উৎপাদনৰো লক্ষ্য ৰাখিছে বুলি তেওঁ কয়। মুখ্যমন্ত্রীয়ে কয় যে উত্তৰ-পূৰ্বাঞ্চল খনিজ সম্পদৰে ভৰপূৰ। ভাৰত চৰকাৰে এক্সপ্ল’ৰেশ্যনৰ ক্ষেত্ৰত সহায় আগবঢ়ালে অঞ্চলটো খনিজ সম্পদৰ ক্ষেত্রত সমৃদ্ধশালী হৈ উঠিব।
ভাষণ প্রসংগত মুখ্যমন্ত্রীগৰাকীয়ে কয় যে এই খনিজ সম্পদৰ আহৰণৰ জৰিয়তে যি ৰাজহ আদায় হ’ব, তাৰ জৰিয়তে প্ৰতিখন ৰাজ্য উপকৃত হ’ব পাৰিব। এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰক সহযোগ কৰিবলৈ প্ৰতিখন ৰাজ্যকে মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়। আনহাতে, ইয়াৰ জৰিয়তে ১৯৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ বাবে প্রধানমন্ত্রীয়ে দেখা সপোন সার্থক হ’ব বুলিও তেওঁ মন্তব্য কৰে। লগতে অহা ৫ বছৰৰ ভিতৰত অসমে এখন আত্মনিৰ্ভৰশীল ৰাজ্য হিচাপে নিৰ্মাণ কৰাৰ বাবে লক্ষ্য লৈছে বুলিও তেওঁ মন্তব্য কৰে।
আজিৰ এই অনুষ্ঠানত কেন্দ্রীয় কয়লা আৰু খনিজ বিভাগৰ মন্ত্ৰী জি কিষাণ ৰেড্ডী, কয়লা আৰু খনিজ বিভাগৰ ৰাজ্যিক মন্ত্ৰী শতীশ চন্দ্ৰ ডুবে, অসমৰ খনি আৰু খনিজাত মন্ত্রী কৌশিক ৰয়, অৰুণাচল প্ৰদেশৰ খনিজ মন্ত্রী ৱাংকি লৱাং, চিকিমৰ খনি মন্ত্ৰী পিন্টছ’ নামগেয়াল লেপচা, মেঘালয়ৰ শক্তি মন্ত্রী এ টি মণ্ডল, নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ উপদেষ্টা তথা বিধায়ক ডাব্লিউ চিংগাং কন্যাক, ভাৰতৰ চৰকাৰৰ খনি মন্ত্রণালয়ৰ সচিব ভি এল কান্থা ৰাও আৰু ভাৰত চৰকাৰৰ কয়লা মন্ত্রণালয়ৰ সচিব বিক্রম দেৱ দত্ত উপস্থিত থাকে।