TV9 ASSAM
চলিত বৰ্ষত যুদ্ধৰ পৰা আৰম্ভ কৰি ভিন্ন কাৰণত বিশ্বৰ শান্তি লাঘৱ হৈছে। তাৰ মাজতে কিছু দেশে সুখে-শান্তিৰে থকাৰ কলা আয়ত্ত কৰিছে আৰু শান্তিৰে সময় কটাইছে।
Global Peace Index ২০২৫ য়ে বৰ্ষটোৰ শান্তিপূৰ্ণ দেশৰ তথ্য প্ৰকাশ কৰিছে। চাওঁ আহক চলিত বৰ্ষৰ বিশ্বৰ আটাইতকৈ শান্তিপূৰ্ণ দেশৰ তালিকাৰ শীৰ্ষ ১০টা স্থানত কোনকেইখন দেশ আছে।
GPI স্ক’ৰ ১.০৯৫ৰে তালিকাৰ শীৰ্ষস্থানত আছে আইচলেণ্ড। দেশখনে ২০০৮ চনৰ পৰা এই সন্মানীয় স্থিতি বজাই ৰাখি বিশ্বৰ আটাইতকৈ শান্তিপূৰ্ণ দেশ হিচাপে পৰিগণিত হৈছে।
তালিকাৰ দ্বিতীয় স্থানত আছে আয়াৰলেণ্ড। কেইবাদশক জোৰা আভ্যন্তৰীণ সংঘাতৰ পৰা অন্যতম সুস্থিৰ গণতন্ত্ৰলৈ পৰিণত হৈছে দেশখনৰ GPI স্ক’ৰ হৈছে ১.২৬০।
কম জনসংখ্যা আৰু শক্তিশালী গণতান্ত্ৰিক পৰম্পৰাই শান্তিপূৰ্ণ পৰিস্থিতি বজাই ৰখাৰ সুবাদত ১.২৮২ GPI স্ক’ৰেৰে নিউজিলেণ্ডে তালিকাৰ তৃতীয় স্থান দখল কৰিছে।
পৰ্যটন, উৎপাদন, সেৱাৰ ওপৰত আধাৰিত অষ্ট্ৰিয়া GPI স্ক’ৰ ১.২৯৪ৰে এই তালিকাৰ চতুৰ্থ স্থানত আছে। শিক্ষা, স্বাস্থ্যসেৱা আৰু সমাজ সেৱাত দেশখনৰ বিনিয়োগ উল্লেখনীয়।
প্ৰত্যক্ষ গণতন্ত্ৰ, ফেডাৰেলিজম আৰু অৰ্থনৈতিক সমৃদ্ধিৰ সংমিশ্ৰণেৰে ছুইজাৰলেণ্ড অষ্ট্ৰিয়াৰ সৈতে সমসংখ্যক GPI স্ক’ৰেৰে এই তালিকাৰ পঞ্চম স্থানত আছে।
এছিয়াৰ একমাত্ৰ দেশ হিচাপে এই তালিকাৰ শীৰ্ষ দহৰ ভিতৰত স্থান পাইছে ছিংগাপুৰ। দেশখনৰ GPI স্ক’ৰ হৈছে ১.৩৫৭।
ইয়াৰ পিছতে ক্ৰমে পৰ্তুগাল, ডেনমাৰ্ক, শ্ল’ভেনিয়া আৰু ফিনলেণ্ডে স্থান পাইছে। আনহাতে ২.২২৯ GPI স্ক’ৰেৰে ১৬৩ খন দেশৰ ভিতৰত ১১৫ সংখ্যক স্থানত আছে ভাৰত।
পঢ়িবলৈ ক্লিক কৰক
শ্বাহৰুখৰ পাছপ'ৰ্টৰ ৰং মেৰুণ কিয়?