২০১৫ চনৰ পৰাহে দুৰ্নীতিমুক্ত জয়ন্ত মল্লবৰুৱা ! কংগ্ৰেছৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ…
জয়ন্ত মল্লবৰুৱাই দাবী কৰিছে যে, ২০১৫ চনত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰাৰ পিছৰে পৰা তেওঁ কোনো ধৰণৰ দুৰ্নীতিৰে জড়িত নহয়। এই ক্ষেত্ৰত কোনেও এটা খুঁত দেখুৱাব নোৱাৰে।

বিজেপিত যোগদান কৰাৰ পাছৰ পৰাহে দুৰ্নীতিমুক্ত হৈছে বৰ্তমানৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱা! এফালে যদি জয়ন্ত মল্লবৰুৱাই নিজকে কোনো ধৰণৰ দুৰ্নীতিৰে জড়িত নহয় বুলি স্পষ্ট কৰি দিব বিচাৰিছে, আনফালে আকৌ কংগ্ৰেছত থকাৰ দিনত কিছু পৰিমাণে দুৰ্নীতিৰে জড়িত থকাটো এক প্ৰকাৰে স্বীকাৰ কৰিছে। একে সময়তে কংগ্ৰেছৰ বিৰুদ্ধেও বিস্ফোৰক অভিযোগ আনিছে কেবিনেট মন্ত্ৰীগৰাকীয়ে।
তেওঁ দাবী কৰিছে যে, ২০১৫ চনত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰাৰ পিছৰে পৰা তেওঁ কোনো ধৰণৰ দুৰ্নীতিৰে জড়িত নহয়। এই ক্ষেত্ৰত কোনেও এটা খুঁত দেখুৱাব নোৱাৰে। বৰ্তমানৰ বিজেপি চৰকাৰ দিনত দুৰ্নীতিমুক্তভাৱে ৰাইজৰ স্বাৰ্থত কাম কৰি যোৱা বুলি দাবী কৰিছে জয়ন্ত মল্লবৰুৱাই।
তেওঁ কয়,”দায়বদ্ধতাৰে মই ক’ব পাৰো যে, মই বিজেপিত যোগদান কৰাৰ দিনৰে পৰা মোৰ ক্ষেত্ৰত কোনেও কোনো ভুল দেখুৱাব বা কোনো অনৈতিক কামৰ তথ্য প্ৰমাণ কৰিব নোৱাৰে।” পূৰ্বৰ ৰাজনৈতিক জীৱনৰ কথা উল্লেখ কৰি তেওঁ স্বীকাৰ কৰে যে, কংগ্ৰেছ দলত থকা সময়ছোৱাত বিশেষকৈ যুৱ কংগ্ৰেছৰ দিনত কৰা কিছুমান কামে তেওঁক খেদি ফুৰিছে।
তেওঁ কয়, “ইয়াৰ দায়িত্ব কংগ্ৰেছ দলে ল’ব লাগিব।” লগতে সেই কাৰ্যসমূহ দলৰ নিৰ্দেশনা অনুসৰি কৰা বুলি দাবী কৰি তেওঁ কয়, “বিজেপিত যোগদান কৰাৰ ১০ বছৰ হ’ল আৰু মই গৌৰৱেৰে ক’ব পাৰো যে মই কোনো অবৈধ বা অনৈতিক কাম কৰা নাই।”
“কংগ্ৰেছৰ দিনত এইধৰণৰ কামত জড়িত কৰোৱা হৈছিল। দলৰ নিৰ্দেশ মানিহে সেই ধৰণৰ কাম কৰিছিলোঁ। তাৰ দায়িত্ব কংগ্ৰেছে ল’ব লাগিব। বিজেপিত যোগদান কৰাৰ পাছত কোনো ধৰণৰ অনৈতিক কাম কৰা নাই আৰু ভৱিষ্যতেও নকৰোঁ।”এইদৰে কয় জয়ন্ত মল্লবৰুৱাই।