27 June 2025
TV9 ASSAM
Photos Credit: Getty Images
ধূমপান ত্যাগ কৰিব বিচাৰে নেকি? এই অভ্যাস হঠাতে ত্যাগ কৰিলে ভাল নে লাহে লাহে এই অভ্যাস ত্যাগ কৰিলে ভাল! জানক
হঠাতে ধূমপান ত্যাগ কৰিলে অধিক উপকাৰিতা আছে। নিকোটিনৰ পৰা সোনকালে শৰীৰটো মুক্ত হয়। মানসিক স্বাস্থ্যও উন্নত হয়।
ক্ৰমান্বয়ে যদি ধূমপান ত্যাগ কৰে তেন্তে শাৰীৰিক আৰু মানসিক চাপৰ পৰা উপশম পাব আৰু নিজৰ নিয়ন্ত্ৰণ শক্তিশালী হ'ব।
হঠাতে যদি ধূমপান ত্যাগ কৰে তেন্তে মূৰৰ বিষ, টোপনিৰ সমস্যা আদি হ'ব। যদি ক্ৰমান্বয়ে এই অভ্যাস ত্যাগ কৰে তেন্তে এই সমস্যাৰ সন্মুখীন নহয়।
হঠাতে ধূমপান ত্যাগ কৰিবলৈ কঠোৰ মানসিক প্ৰস্তুতি লাগিব । যদি লাহে লাহে এই অভ্যাস ত্যাগ কৰে তেন্তে মনটোক সহজে নিয়ন্ত্ৰণ কৰিব পাৰিব।
ধূমপান ত্যাগ কৰিবলৈ বিশেষজ্ঞ পৰামৰ্শ অনুসৰি আগবাঢ়িলে অতি ফলপ্ৰসূ হ'ব। এই ক্ষেত্ৰত কাউন্সেলিং আৰু নিকোটিন ৰিপ্লেচমেণ্ট থেৰাপী(NRT) অতি ফলপ্ৰসূ।
এই অভ্যাস লাহে লাহে যদি ত্যাগ কৰে তেন্তে মনটোৰ ওপৰত নিয়ন্ত্ৰণ অধিক শক্তিশালী হ'ব। সম্পূৰ্ণৰূপে ত্যাগ কৰাটো সহজ হৈ পৰিব।
পঢ়িবলৈ ক্লিক কৰক