শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Asia Cup Final 2025: এছিয়া কাপৰ ফাইনেলত ভাৰত-পাকিস্তানৰ মেচ, ৪১ বছৰৰ ইতিহাসত প্ৰথম…

Asia Cup Final 2025: অতি ৰোমাঞ্চকৰ হ'বলৈ গৈ আছে এছিয়া কাপ ২০২৫ ৰ মেচ। কিয়নো ৪১ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে ভাৰত-পাকিস্তান এছিয়া কাপৰ ফাইনেলত মুখামুখি হ'ব। যাৰ ওপৰত চকু ক্ৰিকেটপ্ৰেমীৰ।

Asia Cup Final 2025: এছিয়া কাপৰ ফাইনেলত ভাৰত-পাকিস্তানৰ মেচ, ৪১ বছৰৰ ইতিহাসত প্ৰথম…
পাকিস্তান ক্ৰিকেট দলImage Credit source: PTI
barasha-sarma
Barasha Sarma | Published: 26 Sep 2025 07:17 AM

এছিয়া কাপ ২০২৫ ৰ ফাইনেলত পাকিস্তান। বাংলাদেশক পৰাজিত কৰি দলটোৱে ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হয়। এনে পৰিস্থিতিত এইবাৰ ফাইনেলত দেখা যাব ৰোমাঞ্চকৰ ভাৰত-পাকিস্তানৰ খেল। ২৮ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া ভাৰত-পাকিস্তানৰ এই খেলৰ ওপৰত চকু সমূহ ক্ৰিকেটবাসীৰ। কিয়নো এছিয়া কাপৰ ৪১ বছৰৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ফাইনেলত ভাৰত-পাকিস্তান মুখামুখি হ’ব।

উল্লেখ্য যে, ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল এছিয়া কাপ ২০২৫ৰ ছুপাৰ ৪ পৰ্যায়ৰ পঞ্চমখন খেল। বাংলাদেশ আৰু পাকিস্তানৰ মাজত হোৱা এই খেলত পাকিস্তান জয়ী হৈ ফাইনেললৈ যোগ্যতা অৰ্জন কৰে। ইফালে ছুপাৰ ৪ পৰ্যায়ত দ্বিতীয়টো পৰাজয়ৰ সন্মুখীন হৈ বাংলাদেশে এছিয়া কাপৰ পৰা  বাহিৰ হয়। খেলৰ প্ৰথম অৱস্থাত পাকিস্তানৰ অৱস্থা ভাল নাছিল যদিও এই মেচত জয়ী হোৱাৰ বাবে বলাৰখিনিয়ে যথেষ্ঠ সহায় কৰে।

পাকিস্তানৰ ১৩৫ ৰান

পাকিস্তান ক্ৰিকেট দলটোৱে টচত পৰাজিত হৈ প্ৰথমে বেটিং কৰে আৰু ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ১৩৫ ৰান কৰে। পাকিস্তানৰ খেলৰ প্ৰদৰ্শন বিশষ ভাল নাছিল। মাত্ৰ ৪৯ ৰানতে তেওঁলোকে ৫ টা উইকেট হেৰুয়ায়। কিন্তু বলাৰসকলৰ অপ্ৰাণ চেষ্টাৰ বাবে পাকিস্তানৰ এই মেচ জয়ী হোৱাত সহায় হয়। ইফালে বাংলাদেশ দলটোৱে ২০ অভাৰত ৯টা উইকেট হেৰুৱাই মাত্ৰ ১২৯ ৰান কৰিবলৈ সক্ষম হয়। এনে অৱস্থাত ১১ ৰানত পৰাস্ত হয় দলটো।

ভাৰত-পাকিস্তানৰ ফাইনেল

ইতিমধ্যে ফাইনেলত প্ৰৱেশ কৰিছে ভাৰত। এনে অৱস্থাত ২৮ ছেপ্টেম্বৰত ভাৰত-পাকিস্তানৰ মাজত এছিয়া কাপ ২০২৫ ৰ ফাইনেল মেচ অনুষ্ঠিত হ’ব। ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত হবলগীয়া এই খেলৰ ওপৰত এতিয়া চকু বহুতৰ। কিয়নো ৪১ বছৰৰ ইতিহাসত এছিয়া কাপৰ ফাইনেলত ভাৰত-পাকিস্তানৰ মাজত খেল হ’বলৈ গৈ আছে।

উল্লেখ্য যে, ১৯৮৪ চনত এছিয়া কাপৰ আৰম্ভণি হৈছিল। প্ৰথমটো ছিজনত ভাৰতে শ্ৰীলংকাক হৰুৱাই জয়ী হৈছিল। ইয়াৰ পাছত ভাৰতীয় ক্ৰিকেট দলটোৱে ১৯৮৮, ১৯৯০, ১৯৯৫, ২০১০, ২০১৬, ২০১৮ আৰু ২০২৩ চনত জয়ী হৈছিল। ইয়াৰ বিপৰীতে পাকিস্তানে ২০০০ আৰু ২০১২ চনত জয়ী হৈছিল। পাকিস্তানে যোৱা ১৩ বছৰ ধৰি কোনো খিতাপ দখল কৰিবলৈ সক্ষম হোৱা নাই। বহু অপেক্ষাৰ অন্ত পেলাই এইবাৰ পাকিস্তান এছিয়া কাপত মুখামুখি হব’ ভাৰতৰ সৈতে।

 

অন্য খবৰ পঢ়কঃ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে শৃংখলাৰ বাবে ভাৰতীয় ক্ৰিকেট দল ঘোষণাঃ ঋষভ পন্ত বাহিৰ, কোন কোন আছে তালিকাত চাওক…