India Squad for West Indies Test: ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে শৃংখলাৰ বাবে ভাৰতীয় ক্ৰিকেট দল ঘোষণাঃ ঋষভ পন্ত বাহিৰ, কোন কোন আছে তালিকাত চাওক…
India Squad for West Indies Test: অৱশেষত ঘোষণা হ'ল ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতে খেলিবলগীয়া ক্ৰিকেট দল। এই দলটোক ৰবীন্দ্ৰ জাদেজাক উপ-অধিনায়কৰ দায়িত্ব দিয়াৰ বিপৰীতে শুভমন গিলক অধিনায়কৰ দায়িত্ব প্ৰদান কৰে।

অৱশেষত ঘোষণা হ’ল ৱেষ্ট ইণ্ডিজ ছিৰিজৰ বিৰুদ্ধে খেলবলগীয়া ভাৰতীয় ক্ৰিকেট দল। প্ৰথমবাৰৰ বাবে ঘৰুৱা টেষ্ট শৃংখলাত শুভমন গিলক অধিনায়কৰ ৰূপত দেখা যাব। আনহাতে আঘাতৰ বাবে ঋষভ পন্তে এই দলটোৰ পৰা বাদ পৰে আৰু উপ-অধিনায়কৰ দায়িত্ব দিয়া হয় ৰবীন্দ্ৰ জাদেজাক। ছৰফৰাজ খানেও এই দলটোত স্থান লাভ কৰা নাই। এই দলটোৰ পৰা বাদ পৰিছে কৰুণ নাইৰ, অভিমন্যু ইয়াশ্বৰন, আকাশদ্বীপ, শাৰদুল ঠাকুৰ আৰু অংশুল কামোজ। ইফালে দলটোলৈ ঘূৰি আহিছে দেৱদত্ত পদিকল-অক্ষৰ পেটেল।
ভাৰতৰ দলটোত কোন কোন আছে
শুভমন গিল, যশস্বী জয়ছৱাল, কে এল ৰাহুল, দেৱদত্ত পডিক্কল, ছাই সুদৰ্শন, ধ্ৰুৱ জুৰেল, ৰবীন্দ্ৰ জাদেজা, ৱাশ্বিংটন সুন্দৰ, যশপ্ৰীত বুমৰাহ, অক্ষৰ পেটেল, নীতিশ কুমাৰ ৰেড্ডী, মহম্মদ চিৰাজ, প্ৰসিধ কৃষ্ণ, কুলদীপ যাদৱ, আৰু নাৰায়ণ জগদীচন।
সময়সূচী
২ অক্টোবৰৰ পৰা ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ দুখন খেলৰ টেষ্ট শৃংখলা আৰম্ভ হ’ব। প্ৰথমখন খেল আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। আনহাতে দ্বিতীয়খন মেচ ১০ অক্টোবৰত দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ।
Young guns will be back in action in whites! 🔥
Here’s #TeamIndia’s squad for the 2-match home Test series against West Indies! 🚨
👉 Ravindra Jadeja will be the Vice-captain
👉 Karun Nair & Shardul Thakur miss out#INDvWI | 1st TEST starts THU, OCT 2 on Star Sports &… pic.twitter.com/y3GO1Vk6aJ— Star Sports (@StarSportsIndia) September 25, 2025
ৱেষ্ট ইণ্ডিজ দল
কেভৰন এণ্ডাৰছন, এলিক এথানাজে, জন কেম্পবেল, টেগনাৰায়ন চন্দ্ৰপাল, শ্বো হোপ, টেভিন ইমলাচ, ব্ৰেণ্ডন কিং, ৰষ্টন চেজ (অধিনায়ক), জাষ্টিন গ্ৰীভছ, খাৰী পিয়েৰ, জন ৱাৰিকান, আলজাৰী জোচেফ, শ্বেমাৰ জোচেফ, এণ্ডাৰছন ফিলিপ, আৰু জেডেন ছিলছ।
মেচ
উল্লেখ্য যে, ভাৰত আৰু ৱেষ্ট ইণ্ডিজে এই পৰ্যন্ত ১০০ খন টেষ্ট মেচ খেলিছে। ইয়াৰে ২৩ খনত ভাৰতে আৰু ৩০ খনত ৱেষ্ট ইণ্ডিজে জয়লাভ কৰিছে। বাকী ৪৭খন টেষ্ট মেচ ড্ৰ’ হৈছে। একেৰাহে ৯ খন টেষ্ট শৃংখলাত ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰিছে ভাৰতে। শেষৰবাৰৰ বাবে ৱেষ্ট ইণ্ডিজ ২০০২ চনত ভাৰতৰ বিৰুদ্ধে জয়ী হৈছিল।
অন্য খবৰ পঢ়ক- BCCI ৰ সিদ্ধান্ত! ICC মহিলা বিশ্বকাপ মেচৰ পূৰ্বে জুবিন গাৰ্গৰ নামত উচৰ্গা কৰা হ’ব ৪০ মিনিট…