শ্ৰেয়াছ আয়াৰ অধিনায়ক, ধ্ৰুৱ জুৰেলৰ কান্ধত ডাঙৰ দায়িত্ব, ভাৰতীয়-A দলত কোন কোন?
অহা ১৬ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া চাৰিদিনীয়া দুখন মেচৰ অষ্ট্ৰেলিয়া-এৰ বিৰুদ্ধে ভাৰত-এ দল ঘোষণা কৰা হৈছে। য'ত দলৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে শ্ৰেয়াছ আয়াৰক।

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ বাছনি সমিতিয়ে টীম ইণ্ডিয়াৰ প্ৰবীণ বেটছমেন শ্ৰেয়াছ আয়াৰক ডাঙৰ দায়িত্ব অৰ্পণ কৰিছে। তেওঁক ইণ্ডিয়া-এ দলৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে। ১৬ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া অষ্ট্ৰেলিয়া-এৰ বিৰুদ্ধে চাৰিদিনীয়া খেল দুখনত দলৰ অধিনায়কৰ দায়িত্ব বহন কৰিব।
ইয়াৰ উপৰিও উইকেটকীপাৰ বেটছমেন ধ্ৰুৱ জুৰেলেও ডাঙৰ দায়িত্ব লাভ কৰিছে। এই দলত বহু প্ৰবীণ খেলুৱৈক সুযোগ দিয়া হৈছে। দুলীপ ট্ৰফীৰ ছেমি ফাইনেলত দুটা শতক অৰ্জন কৰা উইকেটকীপাৰ বেটছমেন নাৰায়ণ জগদীছনে এই দলত স্থান লাভ কৰাৰ বিপৰীতে দুলীপ ট্ৰফীৰ ছেমি ফাইনেলত উজ্জ্বল শতক অৰ্জন কৰিলেও ঋতুৰাজ গাইকৱাডক পুনৰবাৰ দলৰ বাহিৰত ৰখা হৈছে।
দায়িত্ব লাভ কৰে শ্ৰেয়াছ আয়াৰে
দুলীপ ট্ৰফী ২০২৫ৰ ছেমি ফাইনেলত ৱেষ্ট জ’নৰ হৈ খেলা শ্ৰেয়াছ আয়াৰক ইণ্ডিয়া-এ দলৰ নতুন অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে। ইয়াৰ উপৰিও ইংলেণ্ড ভ্ৰমণত টীম ইণ্ডিয়াৰ হৈ খেলা ছাই সুদৰ্শন, নীতিশ কুমাৰ ৰেড্ডী আৰু প্ৰসিদ্ধ কৃষ্ণয়ো দলত স্থান লাভ কৰিছে। উইকেটকীপাৰ বেটছমেন ধ্ৰুৱ জুৰেলক দলৰ উপ-অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে।
দুলীপ ট্ৰফীৰ ছেমি ফাইনেলত ৱেষ্ট জ’নৰ হৈ ১৮৪ ৰানৰ উজ্জ্বল ইনিংছ খেলা ঋতুৰাজ গাইকৱাডে দলত স্থান লাভ কৰা নাই। তেওঁক আকৌ এবাৰ উপেক্ষা কৰা হৈছে। ইয়াৰ উপৰিও ঈশান কিষাণকো উপেক্ষা কৰা হৈছে। ১৬ ছেপ্টেম্বৰৰ পৰা ভাৰতত অভিযান আৰম্ভ কৰিব অষ্ট্ৰেলিয়া-এয়ে।
অষ্ট্ৰেলিয়া-এৰ সূচী
অহা ১৬ ছেপ্টেম্বৰৰ পৰা ১৯ ছেপ্টেম্বৰলৈ লক্ষ্ণৌত অনুষ্ঠিত হ’ব অষ্ট্ৰেলিয়া-এ আৰু ইণ্ডিয়া-এৰ মাজত চাৰিদিনীয়া খেল দুখনৰ ভিতৰত প্ৰথমখন খেল।২৩ ছেপ্টেম্বৰৰ পৰা ২৬ ছেপ্টেম্বৰলৈ লক্ষ্ণৌত অনুষ্ঠিত হ’ব দ্বিতীয়খন চাৰিদিনীয়া খেল।ইয়াৰ পিছতে ৩০ ছেপ্টেম্বৰৰ পৰা ৫ অক্টোবৰলৈ কানপুৰত তিনিখন খেলৰ এদিনীয়া শৃংখলা অনুষ্ঠিত হ’ব। এদিনীয়া শৃংখলাৰ বাবে এতিয়াও ঘোষণা হোৱা নাই ভাৰত-এ দল। খবৰ অনুসৰি ৰোহিত শৰ্মাই এদিনীয়া শৃংখলাৰ বাবে ইণ্ডিয়া-এ দলত স্থান লাভ কৰিব পাৰে।
ভাৰত-এ দলীয় দল
শ্ৰেয়াছ আয়াৰ (অধিনায়ক), অভিমন্যু ইয়াশ্বৰন, নাৰায়ণ জগদিশন (উইকেটকীপাৰ), ছাই সুদৰ্শন, ধ্ৰুৱ জুৰেল (উপ অধিনায়ক আৰু উইকেটকীপাৰ), দেৱদত্ত পডিক্কল, হৰ্ষ ডুবে, আয়ুষ বদোনি, নীতিশ কুমাৰ ৰেড্ডী, তনুষ কোটিয়ান, প্ৰসিধ কৃষ্ণ, গুৰনুৰ ব্ৰা, খলিল আদেদ, মানৱ সুথাৰ, যশ ঠাকুৰ।