Asia Cup 2025: উপ-অধিনায়ক শুভমন, ষ্টেণ্ডবাইত ৰিয়ান পৰাগ! এছিয়া কাপৰ দল নিৰ্বাচনৰ ৫টা ডাঙৰ কথা…
Asia Cup 2025 India Squad: অৱশেষত ঘোষণা হ'ল এছিয়া কাপ ২০২৫ৰ বাবে ভাৰতীয় দল। এইবাৰ অধিনায়কৰ দায়িত্ব সূৰ্য কুমাৰ যাদৱক দিয়াৰ বিপৰীতে উপ-অধিনায়কৰ দায়িত্ব লাভ কৰে শুভমন গিলে।

অৱশেষত ঘোষণা হ’ল এছিয়া কাপ ২০২৫ ৰ বাবে ভাৰতীয় দল। এছিয়া কাপৰ বাবে মুম্বাইত বাচনিকাৰীৰ বৈঠকত ১৫জন খেলুৱৈক ভাৰতীয় দলৰ বাবে নিৰ্বাচন কৰে। ডাঙৰ খবৰ এয়াই যে এছিয়া কাপত দেখা যাব শুভমন গিলক। তেওঁক উপ-অধিনায়কৰ পদ অৰ্পন কৰিছে শুভমনক। ইয়াৰ বিপৰীতে অধিনায়কৰ দায়িত্ব লাভ কৰিছে সূৰ্য কুমাৰ যাদৱে।
ইয়াৰ পূৰ্বে শুভমন শ্ৰীলংকাৰ টি-২০ ছিৰিজৰ উপ-অধিনায়ক হিচাপে আছিল। সেই সময়ত তেওঁৰ প্ৰদৰ্শন অতি আকৰ্ষণীয় আছিল। এছিয়া কাপৰ দলত এইবাৰ যশপ্ৰীত বুমৰাহেও স্থান লাভ কৰিছে। ইংলেণ্ডৰ টেষ্ট শৃংখলাৰ অন্তিমখন খেলত আঘাতপ্ৰাপ্ত হৈছিল বুমৰাহ। এছিয়া কাপ ২০২৫ ৰ বাবে খেলুৱৈ নিৰ্বাচনৰ ৫ টা ডাঙৰ কথা তলত উল্লেখ কৰা হ’ল-
- টি-২০ দলত যশস্বী জয়ছৱালে স্থান লাভ নকৰিলে। ইয়াৰোপৰি অক্ষৰ পেটেলে উপ-অধিনায়কৰ পদ হেৰুৱায়। ইয়াৰ বিপৰীতে শুভমনে উপ-অধিনায়কৰ পদ লাভ কৰে।
- টিম ইণ্ডিয়ালৈ উভতি আহিছে উইকেটকিপাৰ জিতেশ শৰ্মা। RCB ৰ হৈ আই পি এলত আকৰ্ষণীয় প্ৰদৰ্শন আগবঢ়াইছিল তেওঁ। জিতেশে মেচ ফিনিছাৰ হিচাপে খেলিছিল আৰু ইয়াতো একেই ভূমিকাত থাকিব তেওঁ।
- এছিয়া কাপৰ দলত স্থান লাভ কৰিছে ৰিংকু সিঙে। বাওঁহাতৰ বেটছমেনগৰাকীয়ে এই ফৰ্মেটত ধাৰাবাহিকভাৱে ভাল প্ৰদৰ্শন কৰি আহিছে যাৰ বাবে তেওঁক স্থান দিয়া হয়।
- কুলদীপ যাদৱক বিশেষ স্পিনাৰ হিচাপে সুযোগ দিয়া হৈছে। ইয়াৰ বিপৰীতে দলত স্থান পোৱা নাই ৰবি বিষ্ণোই।
- ধ্ৰুৱ জুৰেল, প্ৰসিদ্ধ কৃষ্ণ, যশস্বী জয়ছৱাল, ৱাশ্বিংটন সুন্দৰ আৰু ৰিয়ান পৰাগক ষ্টেণ্ডবাইত ৰখা হৈছে।
দলটোত কোন কোন আছে
সূৰ্য কুমাৰ যাদৱ (অধিনায়ক), শুভমন গিল (উপ-অধিনায়ক), অভিষেক শৰ্মা, তিলক বৰ্মা,, হাৰ্দিক পাণ্ডিয়া, শিৱম ডুবে, অক্ষৰ পেটেল, জিতেশ শৰ্মা, যশপ্ৰীত বুমৰাহ, বৰুণ চক্ৰৱৰ্তী, আৰ্শদীপ সিং, কুলদীপ যাদৱ, সঞ্জু চেমচন, হৰ্ষিত ৰাণা, ৰিংকু সিং।
সময়সূচী
- এছিয়া কাপত টীম ইণ্ডিয়াৰ প্ৰথমখন খেল ১০ ছেপ্টেম্বৰত আছে। UAE ৰ বিৰুদ্ধে খেলিব।
- দ্বিতীয়খন খেল ১৪ ছেপ্টেম্বৰত পাকিস্তানৰ বিৰুদ্ধে আছে।
- তৃতীয়খন ১৯ ছেপ্টেম্বৰত ওমানৰ বিৰুদ্ধে আছে।
৯ ছেপ্টেম্বৰৰ পৰা ইউ এ ইত অনুষ্ঠিত হ’ব এছিয়া কাপৰ ১৭ সংখ্যক সংস্কৰণ। ৰোহিত শৰ্মাৰ অধিনায়কত্বত ২০২৩ চনৰ এছিয়া কাপত ভাৰত জয়ী হৈছিল। এতিয়ালৈতে ভাৰতে এছিয়া কাপত ৮ বাৰ জয়ী হৈছে।
এছিয়া কাপৰ পাছতে ভাৰতীয় দলটোৱে অষ্ট্ৰেলিয়া ভ্ৰমণত পাঁচখন টি-২০ মেচ খেলিব। এই খেল অক্টোবৰ-নৱেম্বৰ মাহত অনুষ্ঠিত হ’ব। পাছত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পাঁচখন টি-২০ মেচ খেলিব। এই খেল হ’ব ডিচেম্বৰ মাহত । ইয়াৰ পিছত ২০২৬ চনৰ জানুৱাৰী মাহত টিম ইণ্ডিয়াই নিউজিলেণ্ডৰ বিৰুদ্ধে পাঁচখন খেলৰ টি-২০ ছিৰিজ খেলিব।
অন্য খবৰ পঢ়কঃ Babar Azam Salary: এছিয়া কাপৰ পৰা বাহিৰ বাবৰ আজম, হ্ৰাস পালে ২০ লাখ টকা দৰমহা…