Babar Azam Salary: এছিয়া কাপৰ পৰা বাহিৰ বাবৰ আজম, হ্ৰাস পালে ২০ লাখ টকা দৰমহা…
Babar Azam salary:পাকিস্তান ক্ৰিকেট বোৰ্ডে খেলুৱৈৰ নতুন কেন্দ্ৰীয় চুক্তিৰ তালিকা প্ৰকাশ কৰিছে। এই তালিকাত দেখা গৈছে যে হ্ৰাস পাইছে বাবৰ আজমৰ দৰমহা। বহু লাখ টকা হ্ৰাস পাই তেওঁৰ দৰমহা।

ইতিমধ্যে এছিয়া কাপ ২০২৫ ৰ বাবে দল ঘোষণা কৰিছে পিচিবি (PCB)য়ে। এই তালিকাক নাই বাবৰ আজম, ৰিজৱানৰ দৰে খেলুৱৈৰ নাম। এই তালিকাৰ পৰা দুয়োৰে নাম বাদ পৰাৰ পাছত হ্ৰাস পাইছে দৰমহা। শেহতীয়াকৈ পাকিস্তান ক্ৰিকেট বোৰ্ডে খেলুৱৈৰ বাবে কেন্দ্ৰীয় চুক্তিৰ তালিকা প্ৰকাশ কৰিছে। য’ত দেখা গৈছে যে, বাবৰৰ স্থান তললৈ আহিছে। নতুন কেন্দ্ৰীয় চুক্তি অনুসৰি, বাবৰ আজমক A ৰ পৰা B শ্ৰেণীৰ খেলুৱৈৰ তালিকাত অন্তৰ্ভুক্ত কৰা হয়। A ৰ পৰা B শ্ৰেণীলৈ অৱনতি হোৱাৰ পাছতে এতিয়া তেওঁৰ দৰমহাও হ্ৰাস পাইছে।
কিমান কৰ্তন হয়
নতুন কেন্দ্ৰীয় চুক্তি তালিকাত A শিতানৰ পৰা B শিতানলৈ যোৱাৰ বাবে বাবৰ আজমনৰ মাহিলী দৰমহা ৬ লাখ টকাৰো অধিক হ্ৰাস পায়। এই হাৰ ভাৰতীয় টকাৰ হাৰত। যদি আমি পাকিস্তানী মুদ্ৰাৰ হিচাপত চাওঁ তেন্তে বাবৰৰ দৰমহা প্ৰায় ২০ লাখ টকা হ্ৰাস পাইছে।
A শাখাৰ খেলুৱৈয়ে পিচিবিৰ পৰা লাভ কৰে ৬৫,৭০,০০০ পাকিস্তানী টকা। ভাৰতীয় টকাৰ মূল্যত ইয়াৰ পৰিমাণ ২০,৩৩,৯৮৪ টকা। আনহাতে পিচিবিয়ে B কেটেগৰীৰ খেলুৱৈক ৪৫,৫২,০০০ পাকিস্তানী টকা দিয়ে। ভাৰতীয় টকাত এই ধনৰাশি ১৪,০৯,২৩৮ টকা।
পদৰ স্থান নিম্মগতি হোৱাৰ লগতে বাবৰৰ দৰমহাও হ্ৰাস পায়। নিশ্চয়কৈ বাবৰ আজমৰ বাবে এয়া এক ডাঙৰ আঘাত। উল্লেখ্য যে, কিছুদিন পূৰ্বে পাকিস্তানে এছিয়া কাপৰ বাবে দল ঘোষণা কৰিছিল। এই দলত ১৭ গৰাকীকৈ খেলুৱৈ নিৰ্বাচিত কৰা হৈছিল যদিও বাবৰে স্থান লাভ কৰা নাছিল। UAE ত বাবৰে এইবাৰ সুন্দৰ প্ৰদৰ্শন কৰিছে, কিন্তু তাৰ পাছতো এই সমস্যাৰ সন্মুখীন হৈছে।
ৰিজৱান
বাবৰ আজমৰ লগতে মহম্মদ ৰিজৱানেও পাকিস্তানৰ এছিয়া কাপৰ দলত স্থান নাপালে। এতিয়া তেওঁক নতুন কেন্দ্ৰীয় চুক্তি তালিকাত পদচ্যুত কৰা হৈছে। বাবৰৰ দৰে ৰিজৱানকো A শ্ৰেণীৰ পৰা B শ্ৰেণীলৈ স্থানান্তৰ কৰা হৈছে। অৰ্থাৎ ৰিজৱানৰ দৰমহাও বাবৰৰ সমান পৰিমাণে হ্ৰাস কৰা হৈছে। অৱশ্যে বাবৰ-ৰিজৱানৰ দৰমহাৰ এই পৰিসংখ্যা বৃদ্ধি বা কমি যাব পাৰে কাৰণ খেলুৱৈয়েও পিচিবিৰ ৰাজহৰ অংশ লাভ কৰে।
অন্য খবৰ পঢ়কঃ আমিৰ খানৰ আছে অবৈধ সন্তানঃ পৰিয়ালৰ সৈতে সম্পৰ্ক শেষ কৰি ভাতৃয়ে ভেদ কৰিলে ডাঙৰ ৰহস্য…