শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

লিঙ্গ পৰিৱৰ্তনৰ পিছতে অনয়া বাংগাৰে দিলে সুখবৰঃ ইনষ্টাগ্ৰাম যোগে ক’লে, ‘সোনকালেই…’

প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ সঞ্জয় বাংগাৰতকৈ তেওঁৰ সন্তানে এতিয়া লাভ কৰিছে অধিক চৰ্চা। সঞ্জয়ৰ পুত্ৰ আৰয়ান বাংগাৰে কিছুদিন পূৰ্বে নিজৰ লিঙ্গ পৰিৱৰ্তন কৰিছিল। ইয়াৰ পিছতে তেওঁ অনয়া বাংগাৰ ৰূপে নতুন নাম গ্ৰহণ কৰিছিল। এতিয়া তেওঁ অনুৰাগীৰ বাবে দিছে এক সুখবৰ।

লিঙ্গ পৰিৱৰ্তনৰ পিছতে অনয়া বাংগাৰে দিলে সুখবৰঃ ইনষ্টাগ্ৰাম যোগে ক’লে, ‘সোনকালেই…’
অনয়া বাংগাৰImage Credit source: anayabangar/instagram
monjit-dutta
Monjit Dutta | Published: 13 Jul 2025 14:25 PM

ক্ৰিকেটপ্ৰেমীৰ বাবে এখন চিনাকি মুখ সঞ্জয় বাংগাৰ ভাৰতীয় দলৰ হৈ তেওঁ খেলিছে ২৭ খন আন্তঃৰাষ্ট্ৰীয় মেচ খেলুৱৈ হিচাপে ক্ৰিকেট কেৰিয়াৰ সামৰাৰ পিছত প্ৰশিক্ষক হিচাপে কেৰিয়াৰ আগবঢ়াই নিছে বাংগাৰে দীৰ্ঘদিন ধৰি তেওঁ ভাৰতীয় দলৰ বেটিং প্ৰশিক্ষক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। সমান্তৰালকৈ আই পি এলতো তেওঁ প্ৰশিক্ষকৰ দায়িত্ব পালন কৰি আহিছে এতিয়া অৱশ্যে সঞ্জয় বাংগাৰতকৈ তেওঁৰ সন্তানেহে লাভ কৰিছে অধিক চৰ্চাত

বিগত কিছুদিন ধৰি সামাজিক মাধ্যমত ব্যাপকভাৱে চৰ্চিত হৈছে সঞ্জয় বাংগাৰৰ সন্তান ইয়াৰ মূলতে আছিল তেওঁৰ সন্তানৰ এক বিশেষ সিদ্ধান্ত সঞ্জয়ৰ পুত্ৰ আৰয়ান বাংগাৰে কিছুদিন পূৰ্বে নিজৰ লিঙ্গ পৰিৱৰ্তন কৰিছিল ইয়াৰ পিছতে তেওঁ অনয়া বাংগাৰ ৰূপে নতুন নাম গ্ৰহণ কৰিছিল তাৰ পিছৰে পৰা সামাজিক মাধ্যমত চৰ্চিত হৈ পৰে তেওঁ

উল্লেখ্য যে এই অনয়া বাংগাৰে এসময়ত যশস্বী জয়ছোৱালৰ লগত একেলগে যুৱ পৰ্যায়ত ক্ৰিকেট খেলিছিল। পিছলৈ তেওঁৰ জীৱনলৈ এক বৃহৎ পৰিৱৰ্তন আহে আৰু অস্ত্ৰোপচাৰৰ জৰিয়তে লিংগ পৰিৱৰ্তন কৰে এই সময়ছোৱাত এক কঠিন প্ৰক্ৰিয়াৰ মাজেৰে পাৰ হ’বলগীয়া হৈছিল অনয়াই। এই কঠিনতা কেৱল শাৰীৰিকেই নাছিল, সমান্তৰালকৈ আছিল মানসিকো এনে কঠিন সময় নেওচি এতিয়া অনয়া বাংগাৰে দিলে এক সুখবৰ।

শেহতীয়াকৈ অনয়াই নিজা সামাজিক মাধ্যম একাউণ্ট যোগে প্ৰকাশ কৰিছিল যে তেওঁৰ স্বীকৃতি পাবলৈ আৰু এখোজ বাকী আছে। লগতে তেওঁ বহু কথা প্ৰকাশ কৰিব বিচাৰে বুলিও উল্লেখ কৰিছিল। তেওঁৰ ইউটিউব চেনেলত এখন তথ্যচিত্ৰ মুক্তি পাব বুলিও অনয়াই ঘোষণা কৰিছিল। এইবাৰ অনয়াই এক নতুন পোষ্ট কৰি অনুৰাগীৰ বাবে এক সুখবৰ প্ৰকাশ কৰিছে।

 

 

View this post on Instagram

 

A post shared by Anaya Bangar (@anayabangar)

নিজা ইনষ্টাগ্ৰাম একাউণ্টত তেওঁ লিখিছে যে অপাৰেচনৰ পিছত তেওঁ সোনকালে সুস্থ হৈ উঠিছো। তেওঁ লগতে এই পোষ্টটোত শেহতীয়া সময়ছোৱাত তেওঁক সহায় কৰা লোকসকলৰ উপৰিও ঘৃণা কৰাসকলকো ধন্যবাদ জনায়। এই পোষ্টটোতো অনয়া বাংগাৰে শীঘ্ৰেই তেওঁৰ অস্ত্ৰোপচাৰ সন্দৰ্ভত এখন তথ্যচিত্ৰ প্ৰকাশ পাব বুলি ঘোষণা কৰিছে।