চাৰিবাৰৰ ফিফা বিশ্বকাপজয়ী দেশৰ দলক এইবাৰ দেখা যাব টি-২০ বিশ্বকাপতঃ ইতিহাস ৰচি অৰ্জন কৰিলে যোগ্যতা
আগন্তুক টি-২০ বিশ্বকাপত দেখিবলৈ পোৱা যাব চাৰিবাৰকৈ ফুটবল বিশ্বকাপ জয় কৰা বিশ্ব ফুটবলৰ এখন শক্তিশালী দেশৰ ক্ৰিকেট দলক। এই দেশখনৰ ক্ৰিকেট দলে আগন্তুক টি-২০ বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰি সমগ্ৰ বিশ্বক স্তম্ভিত কৰি তুলিছে। সমান্তৰালকৈ সৃষ্টি কৰিছে ইতিহাস।

সাধাৰণতে ফুটবল বিশ্বত দপদপাই থকা দেশৰ ক্ৰিকেটত চমক কিছু কম। ক্ৰীড়াৰ ইতিহাসত এই কথা প্ৰায় প্ৰমাণিত হৈছে। কেৱল মাত্ৰ ইংলেণ্ডক এইক্ষেত্ৰত কিছু ব্যতিক্ৰম বুলি ধৰিব পাৰি। অৱশ্যে শেহতীয়া সময়ত ফুটবলৰ অধিক জনপ্ৰিয়তা থকা কিছুমান দেশতো ক্ৰিকেটে স্থান পাবলৈ সক্ষম হৈছে। ইয়াৰে ফলশ্ৰুতিত এইবাৰ আগন্তুক টি-২০ বিশ্বকাপত দেখিবলৈ পোৱা যাব চাৰিবাৰকৈ ফুটবল বিশ্বকাপ জয় কৰা বিশ্ব ফুটবলৰ এখন শক্তিশালী দেশৰ ক্ৰিকেট দলক। এই দেশখনৰ ক্ৰিকেট দলে আগন্তুক টি-২০ বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰি সমগ্ৰ বিশ্বক স্তম্ভিত কৰি তুলিছে। সমান্তৰালকৈ সৃষ্টি কৰিছে ইতিহাস।
ভাৰত আৰু শ্ৰীলংকাত অনুষ্ঠিত হ’ব ২০২৬ চনৰ টি-২০ বিশ্বকাপ। সকলোকে আচৰিত কৰি এই বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰিছে ইটালীয়ে। সাধাৰণতে ইটালী বুলি ক’লেই সকলোৰে মনত ভাহি আহে দুৰ্ভেদ্য ৰক্ষণ শৈলী আৰু চমকপ্ৰদ কাউণ্টাৰ এটেকৰ মহাশক্তিৰে শক্তিশালী এক ফুটবল দলৰ কথা। লগতে ভাহি আহে কেইখনমান পৰিচিত মুখ।
ৰ’বাৰ্ট’ বাজ্জিঅ’, পাওলো মালডিনি, ফেবিঅ’ কান্নাভাৰ’, আন্দ্ৰে পিৰ্ল’, ডেল পিয়েৰ’, জিয়ানুলুইজি বুফন, ফ্ৰান্সেস্ক’ ট’টিৰ দৰে ফুটবল বিশ্বৰ প্ৰখ্যাত ৰথী মহাৰথীৰ দেশ ইটালী। গতিকে ক্ৰিকেট বিশ্বকাপলৈ ইটালীৰ যোগ্যতা অৰ্জনৰ খবৰে স্বাভাৱিকতেই সকলোকে চমকিত কৰি তুলিব। কিয়নো ফুটবল জগতত এক মহাশক্তি হিচাপে পৰিচিত হ’লেও ক্ৰিকেট বিশ্বত প্ৰায় অজানা ইটালী। কিন্তু এই ইটালী দলেই এতিয়া ক্ৰিকেটৰ জগতত ভৰি দি প্ৰথমবাৰৰ বাবে বিশ্বকাপ খেলিবলৈ সাজু হৈছে।
ইটালীৰ ক্ৰিকেট দলটোৱে ইউৰোপীয় কোৱালিফায়াৰত শক্তিশালী প্ৰদৰ্শন কৰি প্ৰথমবাৰৰ বাবে এই সফলতা লাভ কৰে। টি-২০ বিশ্বকাপৰ ইউৰোপীয় কোৱালিফায়াৰ ২০২৫ত ইটালীৰ দলটোৱে ৫খন দেশৰ ভিতৰত দ্বিতীয় স্থান দখল কৰি বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰে। কোৱালিফায়াৰ ৰাউণ্ডৰ অন্তিমখন মেচত ইটালীয়ে নেদাৰলেণ্ডৰ বিৰুদ্ধে ৯ উইকেটত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল যদিও নেট ৰান ৰেটৰ ভিত্তিত দ্বিতীয় স্থান দখল কৰি প্ৰথমবাৰৰ বাবে বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰে।
প্ৰতিযোগিতাখনত নিজৰ ৪খন মেচৰ ভিতৰত ২খনত জয়লাভ কৰে ইটালীয়ে। দলটোৱে তুলনামূলকভাৱে কিছু অভিজ্ঞ দল স্কটলেণ্ডকো প্ৰতিযোগিতাত পৰাস্ত কৰিবলৈ সক্ষম হয়। এইদৰে ইটালীয়ে কোনো ফৰ্মেটত প্ৰথমবাৰৰ বাবে স্কটলেণ্ডক পৰাস্ত কৰে। ইটালীৰ লগতে শীৰ্ষস্থানত থাকি নেদাৰলেণ্ডে আগন্তুক এই বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰে।
ফুটবলৰ ইতিহাসত অন্যতম শ্ৰেষ্ঠ দেশ হিচাপে পৰিচিত হ’লেও পিছে শেহতীয়া সময়ছোৱাত এই পৰিচয় লোপ পাইছে ইটালীৰ। বিগত দুবাৰৰ ফিফা বিশ্বকাপলৈ একেৰাহে যোগ্যতা অৰ্জনত ব্যৰ্থ হৈছে দলটো। একে সময়তে আগন্তুক বৰ্ষতে অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপৰ বাবেও ইটালীয়ে যোগ্যতা অৰ্জন কৰিব পৰা নাই। ফুটবলৰ এই হতাশাৰ মাজতে ইটালীৰ ক্ৰিকেট দলে এতিয়া নিজৰ দেশক সুখী হোৱাৰ কিছু সুযোগ প্ৰদান কৰিছে।