শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Morning News: ৰাজ্যৰ উচ্ছেদৰ পৰা লৰ্ডছৰ খেলপথাৰলৈ…পলকতে চাওক পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ

ৰাজ্যত উচ্ছেদকেন্দ্ৰিক বিতৰ্ক অব্যাহত থকাৰ সময়তে আজি পুনৰ গোৱালপাৰাত উচ্ছেদ চলাবলৈ সাজু হৈছে ৰাজ্য প্ৰশাসন। উচ্ছেদৰ বাবে প্ৰশাসনে গঢ়ি তুলিছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা। চাওঁ আহক পুৱাৰ আন কেইটামান প্ৰধান খবৰ।

Morning News: ৰাজ্যৰ উচ্ছেদৰ পৰা লৰ্ডছৰ খেলপথাৰলৈ…পলকতে চাওক পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ
monjit-dutta
Monjit Dutta | Published: 12 Jul 2025 08:34 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. ৰাজ্যত আজি পুনৰ চলিব উচ্ছেদ। ৰাজ্য প্ৰশাসনে ধুবুৰীত চলোৱা উচ্ছেদক কেন্দ্ৰ কৰি ৰাজ্যৰ ৰাজনীতি উত্তাল হৈ থকাৰ সময়তে আজি প্ৰশাসনে পুনৰ গোৱালপাৰা জিলাৰ কৃষ্ণাই বিদ্যাপাৰাত উচ্ছেদ অভিযান চলাবলৈ সাজু হৈছে। উচ্ছেদৰ সময়ত হ’বপৰা সম্ভাৱ্য যিকোনো পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে আৰক্ষীয়ে।
  2. শুকুৰবাৰে ‘Forum for Hills Autonomous State Movement (FHASM) Alliance’-ৰ ২১টা দলৰ প্ৰতিনিধিবৰ্গৰ সৈতে এখন গুৰুত্বপূর্ণ বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এই বৈঠকত তেওঁ কাৰ্বি চুক্তি ২০২১-ৰ বিভিন্ন দিশৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা কৰে। তেওঁ লগতে কাৰ্বি আংলঙৰ ২১টা সংগঠনৰ প্ৰতিনিধিবৰ্গৰ সৈতে ত্ৰিপাক্ষিক বৈঠকৰ বাবে অসম চৰকাৰে কেন্দ্ৰক হেঁচা প্ৰয়োগ কৰিব বুলিও প্ৰতিশ্ৰুতি দিছে।
  3. ধুবুৰীত হৈ যোৱা উচ্ছেদক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কৰ মাজতে শুকুৰবাৰে উচ্ছেদস্থলীত উপস্থিত হয় স্থানীয় সাংসদ ৰকিবুল হুছেইন। উচ্ছেদস্থলীত উপস্থিত হৈ সাংসদগৰাকীয়ে কংগ্ৰেছৰ চৰকাৰ আহিলে এই সকলোবোৰ ঠিক কৰা হ’ব বুলি আশ্বাস দিয়ে। জিলা প্ৰশাসনে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰি উচ্ছেদ চলোৱা বুলি অভিযোগ কৰে কংগ্ৰেছ নেতাগৰাকীয়ে।
  4. চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত শুকুৰবাৰে বিয়লি এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়। বহুকেইগৰাকী স্কুলীয়া নাবালিকা ছাত্ৰীক যৌন আতিশয্য চলোৱাৰ অভিযোগত অভিযুক্ত এগৰাকী কিশোৰক স্থানীয় এলাংশ উত্তেজিত লোকে থানাৰ ভিতৰৰ পৰা উলিয়াই গণপ্ৰহাৰ কৰে। এই ঘটনাত থিতাতে মৃত্যু ঘটে অভিযুক্ত কিশোৰজনৰ।
  5. স্বতন্ত্ৰ গৱেষণা সংস্থা চেণ্টাৰ ফৰ ৰিচাৰ্চ অন এনাৰ্জি এণ্ড ক্লিন এয়াৰ (CREA)- এ প্ৰকাশ কৰিছে এক বিশেষ প্ৰতিবেদন। এই প্ৰতিবেদন অনুসাৰে অসম-মেঘালয় সীমান্তত অৱস্থিত বৰ্নিহাট চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা জুন মাহৰ ভিতৰত দেশৰ আটাইতকৈ প্ৰদূষিত চহৰ হিচাপে পৰিগণিত হৈছে। আনহাতে এই সময়ছোৱাত মিজোৰামৰ আইজল চহৰ দেশৰ আটাইতকৈ পৰিষ্কাৰ চহৰ হিচাপে পৰিগণিত হৈছে।
  6. বিমান দুৰ্ঘটনা তদন্তকাৰী সংস্থাই (AAIB) আহমেদবাদ বিমান দুৰ্ঘটনা সন্দৰ্ভত প্ৰকাশ কৰিছে বহু চাঞ্চল্যকৰ তথ্য। দুৰ্ঘটনা সন্দৰ্ভত প্ৰাৰম্ভিক প্ৰতিবেদনত প্ৰকাশ পোৱা মতে উৰণৰ ঠিক লগে লগে এয়াৰ ইণ্ডিয়াৰ বিমানখনৰ দুয়োটা ইঞ্জিন স্বয়ংক্ৰিয়ভাৱে বন্ধ হৈ পৰিছিল আৰু তাৰ পিছতে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। ককপিটৰ ভইচ ৰেকৰ্ডাৰ (CVR)ত উদ্ধাৰ হোৱা দুয়োজন পাইলটৰ মাজত হোৱা কথা-বতৰাত কোনো এগৰাকী পাইলটে যে ইচ্ছাকৃতভাৱে ইন্ধন বন্ধ কৰা নাছিল সেয়া স্পষ্ট হৈ পৰিছে বুলিও প্ৰাৰম্ভিক প্ৰতিবেদনত প্ৰকাশ পাইছে।
  7. লৰ্ডছত চলি থকা ভাৰত আৰু ইংলেণ্ডৰ মাজৰ টেষ্টৰ আজি তৃতীয় দিন। কালি দ্বিতীয় দিনাৰ খেল সমাপ্তিলৈ ঘৰুৱা দল ইংলেণ্ডৰ প্ৰথম ইনিংছৰ স্ক’ৰ ৩৮৭ ৰানৰ প্ৰত্যুত্তৰত ভাৰতীয় দলে ৩ উইকেটত ১৪৫ ৰান সংগ্ৰহ কৰিছে। অপেনাৰ কে এল ৰাহুলে ৫৩ আৰু ঋষভ পণ্টে ১৯ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ ৰৈছে। ইংলেণ্ডৰ স্ক’ৰতকৈ ভাৰতীয় দল এতিয়াও প্ৰথম ইনিংছত ২৪২ ৰানত পিছপৰি আছে।