শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

লৰ্ডছত স্বপ্ন পূৰ কৰিলে বুমৰাহেঃ ভংগ কৰিলে কপিল দেৱৰ দুটাকৈ অভিলেখ, আক্ৰামক স্পৰ্শ

ভাৰত আৰু ইংলেণ্ডৰ মাজত লৰ্ডছত চলি থকা টেষ্টত আজি যশপ্ৰীত বুমৰাহে ইংলেণ্ডৰ ইনিংছত ৫টাকৈ উইকেট দখল কৰে। এইদৰে তেওঁ ভাৰতীয় কিংবদন্তি কপিল দেৱৰ দুটা অভিলেখ ভংগ কৰে। লগতে স্পৰ্শ কৰে পাকিস্তানৰ কিংবদন্তি ক্ৰিকেটাৰ ৱাচিম আক্ৰামক।

monjit-dutta
Monjit Dutta | Published: 11 Jul 2025 21:17 PM
ইংলেণ্ডৰ বিপক্ষে চলিত টেষ্ট শৃংখলাৰ দ্বিতীয়খন মেচত জিৰণি লোৱাৰ পিছত লৰ্ডছ টেষ্টত প্ৰত্যাৱৰ্তন ঘটিছে ভাৰতীয় তাৰকা পেচাৰ যশপ্ৰীত বুমৰাহৰ। এই প্ৰত্যাৱৰ্তন মেচতে বুমৰাহে সৃষ্টি কৰিছে এক ইতিহাস, পুনৰ এবাৰ প্ৰমাণিত কৰিছে নিজৰ শ্ৰেষ্ঠত্ব। ইংলেণ্ডৰ প্ৰথম ইনিংছত ইংৰাজ বেটাৰক শলঠেকত পেলাই বুমৰাহে পূৰ কৰিছে নিজ ক্ৰিকেট কেৰিয়াৰৰ এক অনন্য স্বপ্ন।

1 / 5
লৰ্ডছ টেষ্টত ইংলেণ্ডৰ প্ৰথম ইনিংছত বুমৰাহে পাঁচ উইকেট দখল কৰে। উল্লেখ্য যে নিজ কেৰিয়াৰত প্ৰথমবাৰৰ বাবে লৰ্ডছত পাঁচ উইকেট দখলৰ কৃতিত্ব অৰ্জন কৰিছে বুমৰাহে। ইংলেণ্ডৰ নিম্নক্ৰমৰ বেটাৰ জ’ফ্ৰা আৰ্চাৰৰ উইকেট দখলৰ লগে লগে বুমৰাহে ইনিংছত পাঁচ উইকেট সম্পূৰ্ণ কৰে। এইদৰে তেওঁ এক অনন্য অভিলেখ স্থাপন কৰে।

2 / 5
আজিৰ প্ৰদৰ্শনৰ সৈতে বুমৰাহে এইপৰ্যন্ত বিদেশৰ মাটিত ১৩ সংখ্যক বাৰৰ বাবে এটা ইনিংছত পাঁচ উইকেট দখল কৰিছে। এইদৰে তেওঁ বিদেশৰ মাটিত সৰ্বাধিকবাৰ ৫ উইকেট দখল কৰা ভাৰতীয় বলাৰ হিচাপে অভিলেখ ৰচে। এইক্ষেত্ৰত তেওঁ অতিক্ৰম কৰে কিংবদন্তি ভাৰতীয় তাৰকা কপিল দেৱক। বুমৰাহে বিদেশত মাত্ৰ ৩৫খন মেচতে ১৩ সংখ্যক বাবে ইনিংছত পাঁচ উইকেট দখল কৰাৰ বিপৰীতে কপিল দেৱে ৬৬খন মেচত ১২বাৰ এই কৃতিত্ব অৰ্জন কৰিছিল।

3 / 5
ইয়াৰ লগতে বুমৰাহে কপিল দেৱক অতিক্ৰম কৰিয়েই ইংলেণ্ডৰ মাটিত সৰ্বাধিক উইকেট দখলকাৰী ভাৰতীয় বলাৰৰ তালিকাত দ্বিতীয় স্থানলৈ উন্নীত হৈছে। বুমৰাহে এইপৰ্যন্ত ইংলেণ্ডত ১১ খন টেষ্ট খেলি ৪৭টা উইকেট দখল কৰিছে। কপিল দেৱে নিজ কেৰিয়াৰত কপিল দেৱে ইংলেণ্ডৰ মাটিত ৪৩টা উইকেট দখল কৰিছিল। ৪৮টা উইকেটেৰে এইক্ষেত্ৰত শীৰ্ষত আছে ঈশান্ত শৰ্মা। বুমৰাহে লৰ্ডছ টেষ্টৰ দ্বিতীয় ইনিংছতে ঈশান্তক অতিক্ৰম কৰিব পাৰে।

4 / 5
বুমৰাহে লগতে SENA (দক্ষিণ আফ্ৰিকা, ইংলেণ্ড, নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়া) দেশত সৰ্বাধিকবাৰ ৫ উইকেট দখল কৰা এছিয়ান বলাৰৰ ক্ষেত্ৰত শীৰ্ষস্থানত থকা ৱাছিম ​​আক্ৰামক স্পৰ্শ কৰিছে। পাকিস্তানৰ কিংবদন্তি তাৰকা ৱাছিম ​​আক্ৰামে  বিদেশৰ মাটিত ১১বাৰ এটা ইনিংছত পাঁচ উইকেট দখল কৰিছিল আৰু এতিয়া বুমৰাহেও ১১ বাৰৰ বাবে এই কৃতিত্ব অৰ্জন কৰিছে। চলিত শৃংখলাতে বুমৰাহে এতিয়া আক্ৰামক অতিক্ৰম কৰাৰ সুযোগ লাভ কৰিব।

5 / 5