শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

লৰ্ডছত শতক অৰ্জন কৰি ইতিহাস ৰচিলে ৰাহুলে

লৰ্ডছত শতক অৰ্জনৰ লগে লগে ৰাহুলে এনে এটা কাম কৰিলে, যিটো ভাৰতীয় ক্ৰিকেটৰ ইতিহাসত পূৰ্বে মাত্ৰ এবাৰহে হৈছিল। এই ঐতিহাসিক খেলপথাৰত টেষ্টত এটাতকৈ অধিক শতক অৰ্জন কৰা দ্বিতীয়জন ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হয় ৰাহুল।

লৰ্ডছত শতক অৰ্জন কৰি ইতিহাস ৰচিলে ৰাহুলে
কে এল ৰাহুলImage Credit source: BCCI
raj-saikia
Raj Saikia | Published: 12 Jul 2025 19:56 PM

ইংলেণ্ড ভ্ৰমণকালত নিজৰ উজ্জ্বল বেটিং অব্যাহত ৰাখি ইতিহাসৰ সৃষ্টি কৰিছে কে এল ৰাহুলে। টেষ্ট শৃংখলাৰ প্ৰথমখন মেচত শতক অৰ্জন কৰাৰ পিছত এতিয়া লৰ্ডছতো শতক অৰ্জন কৰিছে ৰাহুলে। লৰ্ডছ টেষ্টৰ তৃতীয় দিনা টিম ইণ্ডিয়াৰ অ’পেনাগৰাকীয়ে নিজৰ নৱমটো টেষ্ট শতক সম্পূৰ্ণ কৰে।

এই শতক অৰ্জনৰ লগে লগে ৰাহুলে এনে এটা কাম কৰিলে, যিটো ভাৰতীয় ক্ৰিকেটৰ ইতিহাসত পূৰ্বে মাত্ৰ এবাৰহে হৈছিল। এই ঐতিহাসিক খেলপথাৰত টেষ্টত এটাতকৈ অধিক শতক অৰ্জন কৰা দ্বিতীয়জন ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হয় ৰাহুল।

লৰ্ডছত অনুষ্ঠিত টেষ্ট শৃংখলাৰ তৃতীয়খন খেলৰ তৃতীয় দিনা টিম ইণ্ডিয়াৰ প্ৰথম ইনিংছৰ সময়ত এই কৃতিত্ব অৰ্জন কৰে ৰাহুলে। দ্বিতীয় দিনা অৰ্ধশতক অৰ্জন কৰি ৫৩ ৰানত অপৰাজিত হৈ উভতি অহা ৰাহুলে দ্বিতীয় দিনা কিছু আগ্ৰাসী শৈলী দেখুৱাই বাউণ্ডেৰী সংগ্ৰহত মনোনিৱেশ কৰে। ইয়াৰ মাজতে ৰাহুলে ব্ৰাইডন কাৰ্ছৰ এটা অভাৰত একেৰাহে ৩টা চাৰি কোবায়। এই সময়ছোৱাত পন্তৰ সৈতে ৰাহুলে টিম ইণ্ডিয়াৰ স্ক’ৰ ২৫০ ৰান অতিক্ৰম কৰায়।

কিন্তু ৰাহুলে ৯৮ ৰান কৰি খেলি থকাৰ সময়ত দুপৰীয়াৰ ভোজন বিৰতিৰ পূৰ্বৰ অন্তিম অভাৰত ৰান সন্দৰ্ভত তেওঁৰ আৰু ঋষভ পণ্টৰ মাজত হঠাতে ভুল বুজাবুজিৰ সৃষ্টি হয় আৰু পণ্ট ৰান আউট হয়। এনে পৰিস্থিতিত ভাৰতীয় বেটছমেনগৰাকীয়ে নিজৰ শতকৰ বাবে পৰৱৰ্তী ছেচনলৈ অপেক্ষা কৰিবলগীয়া হৈছিল।

তাৰ পিছত দ্বিতীয় ছেচন আৰম্ভণিতে ৰাহুলে এক ৰান লৈ টেষ্ট কেৰিয়াৰৰ নৱমটো শতক সম্পূৰ্ণ কৰিলে। ইয়াৰ লগে লগে ৰাহুলেও লৰ্ডছত একেৰাহে দ্বিতীয়টো শতক সম্পূৰ্ণ কৰিলে। ২০২১ চনৰ শেষৰটো ভ্ৰমণত ৰাহুলে এই খেলপথাৰত শতক অৰ্জন কৰিছিল। সেয়া আছিল ইয়াত ৰাহুলৰ প্ৰথম শতক আৰু এতিয়া এই ঐতিহাসিক স্থানত দ্বিতীয়বাৰৰ বাবে শতক অৰ্জন কৰিছে ৰাহুলে।

অৱশ্যে শতক অৰ্জন কৰাৰ পাছতো ৰাহুল বেছি সময় টিকি থাকিব নোৱাৰিলে শ্বোৱেইব বছিৰে তেওঁক আউট কৰে। ১৩টা চাৰিৰ সহায়ত ১৭৭টা বলত ১০০ ৰান সংগ্ৰহ কৰে ৰাহুলে। তেওঁ হয়তো নিজৰ শতকক ডাঙৰ স্ক’ৰলৈ ৰূপান্তৰিত কৰিব পৰা নাছিল, কিন্তু এই ইনিংছৰ জৰিয়তে তেওঁ নিশ্চিতভাৱে ইতিহাসৰ সৃষ্টি কৰিছিল। লৰ্ডছ খেলপথাৰত এটাতকৈ অধিক শতক অৰ্জন কৰা ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হৈছে ৰাহুল।

তেওঁৰ পূৰ্বে জনপ্ৰিয়ভাৱে ‘কৰ্ণেল’ নামেৰে পৰিচিত কিংবদন্তি বেটছমেন দিলীপ ভেংছাৰকাৰে এই খেলপথাৰত তিনিটা শতক অৰ্জন কৰিছিল। ৰাহুলৰ এই কৃতিত্বও বিশেষ কাৰণ সুনীল গাভাস্কাৰ, শচীন তেণ্ডুলকাৰ, বিৰাট কোহলীৰ দৰে মহান ভাৰতীয় বেটছমেনে এই খেলপথাৰত এবাৰো শতক অৰ্জন কৰিব নোৱাৰিলে।