কোচ ৰজা নৰনাৰায়ণৰ দিনৰে এটি মন্দিৰ, য’ত গছত গামোচা বান্ধিলে মনৰ কামনা পূৰণ হয়!
সমাগত শ্ৰী কৃষ্ণৰ জন্মাষ্টমী। দেশৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ অসমতো ব্যতিক্ৰমী কাৰ্যসূচীৰে পালন কৰা হ'ব। অসমত কৃষ্ণৰ প্ৰতি উৎসর্গীকৃত কেইবাটাও বিখ্যাত মন্দিৰ আছে। তাৰে ভিতৰত এটা বিশেষ মন্দিৰ, য'ত সেৱা কৰিলে হেৰোৱা গৰু বিচাৰি পায়!জন্মাষ্টমীৰ পূৰ্বে সেই কোচ ৰজা নৰনাৰায়ণৰ দিনৰ সেই মন্দিৰটোৰ বিষয়ে জানো আহক...

অসমত বহুতো মঠ-মন্দিৰ আছে। তাৰে ভিতৰত অন্যতম মহাপ্ৰভু শ্ৰীশ্ৰী গৰখীয়া গোসাঁইৰ থান। কোচ ৰজা নৰনাৰায়ণৰ দিনৰেপৰা বৰনগৰৰ ঐতিহ্যমণ্ডিত ক্ষেত্ৰসমূহৰ ভিতৰত মহাপ্ৰভু শ্ৰীশ্ৰী গৰখীয়া গোসাঁইৰ থান অন্যতম।
প্ৰবাদ অনুসৰি মহাৰাজ নৰনাৰায়ণে শনিৰ দশাত পৰোতে বৰনগৰত অস্থায়ী ৰাজধানী পাতি শাসন কাৰ্য চলাইছিল। বাৰ বছৰ পিছত মহাৰাজ নৰনাৰায়ণে অস্থায়ী ৰাজধানী বৰনগৰ এৰি গুচি যোৱাৰ পিছত ভতিজাক ৰঘুদেৱ ৰায়ে বৰবাৰীত থাকি বৰনগৰৰ শাসন কৰিছিল। এই সময়ছোৱাত বৰ্তমানৰ সৰভোগ নগৰৰ কাষৰীয়া উত্তৰ গণকগাড়ী আৰু দক্ষিণ গণকগাড়ী গাঁৱৰ খেতিপথাৰবোৰ এসময়ত চৰণীয়া পথাৰ আছিল। এই অঞ্চলৰ গৰখীয়াসকলে প্ৰতিপালন কৰা গৰু-ম’হবোৰ এই চৰণীয়া পথাৰতে চৰাইছিল। এনেদৰে, গৰু চৰাই ফুৰোঁতে গৰখীয়াবোৰে মন কৰিলে যে- উত্তৰ গণকগাড়ী গাঁৱৰ(বৰ্তমান মেধিপৰা) বৰকোচ পৰিয়ালৰ এজনী কপিলী গাই দুপৰীয়া সদায় একে সময়তে জাকৰপৰা নোহোৱা হয় আৰু পিছত আকৌ জাকলৈ উভতি আহে। প্ৰায়ে এনেকুৱা হ’ব ধৰাত গৰখীয়াবোৰে অনুসন্ধান কৰি দেখিলে যে, গাইজনীয়ে জাকৰ পৰা ওলাই গৈ প্ৰত্যেক দিনেই এডোখৰ নিৰ্দিষ্ট ঠাইত নিজ ইচ্ছাৰে ওহাৰৰ পৰা গাখীৰ এৰি দিয়ে। এই ঘটনাটো দেখাৰ পিছত গৰখীয়াবোৰে সেই ঠাইৰ মাটি খান্দি চাবলৈ সিদ্ধান্ত কৰে। মাটি খন্দাৰ পিছত তাৰপৰাই মহাপ্ৰভু শ্ৰীশ্ৰী গৰখীয়া গোসাঁইৰ আবিৰ্ভাৱ হয়। লাহে লাহে গৰখীয়াবোৰে সেই ঠাইতেই থাপনা পাতি প্ৰভুৰ চৰণত সেৱা কৰিব লয়। গৰু হেৰালে প্ৰধান গৰখীয়াজনে প্ৰভুৰ চৰণত সেৱা জনাই, ঠিকনা চাই দিশ ধৰি দিয়ে আৰু সেইমতে গৰু বিচাৰি পায়। সেয়ে গৰু হেৰালে আন মানুহেও তালৈ গৈ মিঠাতেলৰ চাকি, কল-প্ৰসাদ আগবঢ়াই প্ৰভুৰ চৰণত পৰিলে হেৰোৱা গৰু পুনৰ বিচাৰি পায়। প্ৰভুৰ এই মহিমা দেখি এই অঞ্চলৰ ৰাইজে নিয়মিতভাৱে পূজা কৰিব ধৰে। মহাপ্ৰভু শ্ৰীশ্ৰী গৰখীয়া গোসাঁইৰ এই জন্মস্থানখিনি ‘মা শ্ৰীশ্ৰী তেলোলীয়া গোসাঁই’ৰ থান বুলি জনাজাত।
পৰৱৰ্তী সময়ত এই ঠাইৰপৰা প্ৰায় পাঁচশ মিটাৰ উত্তৰ-পশ্চিম দিশত মহাপ্ৰভু শ্ৰীশ্ৰী গৰখীয়া গোসাঁইক স্থানান্তৰ কৰা হয়। ইয়াৰ প্ৰকৃত কাৰণ সঠিককৈ একো ক’ব নোৱাৰি যদিও বৰ্তমানৰ ঠাইখন আহল-বহল লগতে, মেধি পৰিয়ালৰ ওচৰত হোৱা বাবে থানৰ ঘৰ-দুৱাৰ আদিৰ চোৱা-চিতাত সুবিধা হ’বৰ বাবে হয়তো প্ৰভুক ইয়ালৈ লৈ আহে। আনুমানিক ১২৯০-১৩০০ ভাস্কৰাব্দৰ ভিতৰত থানত টিনপাতৰ ভাঁজঘৰ এটি নিৰ্মাণ কৰা হয়। ইয়াৰ কেইবছৰ মান পিছত ভাঁজঘৰ সংলগ্ন টিন পাতৰ নামঘৰ এটিও নিৰ্মাণ কৰা হয়। পিছলৈ ১৩৯২ ভাস্কৰাব্দৰ জেঠ মাহৰ ১৫ তাৰিখ বুধবাৰে অতি প্ৰত্যুষতে বেদমন্ত্ৰ, শংখ-ঘণ্টা আৰু উৰুলিৰ ধ্বনিৰে মহাপ্ৰভুই নিজে (মহাপ্ৰভু শ্ৰীশ্ৰী গৰখীয়া গোসাঁইৰ বিগ্ৰহ) ভক্তসকলৰ সৈতে ভাঁজঘৰৰ দ্বাৰ উদঘাটন কৰিলে।
এই মন্দিৰৰ মূল নামঘৰটোৰ ভিতৰভাগত এখন ময়ূৰাসন আছে আৰু মণিকূটৰ ভিতৰত ভগৱান শ্ৰীকৃষ্ণৰ আৱিৰ্ভাৱ হোৱা বিগ্ৰহৰ মূৰ্ত্তিটো আছে। মূল নামঘৰটোৰ চাৰিওফালৰ বেৰবোৰত পুৰাণ, উপ-পুৰাণৰ ভালেমান কাহিনীৰ চিত্ৰ অংকন কৰা আছে। প্ৰধানকৈ শিশু কৃষ্ণৰ বাল্যকালৰ বিভিন্ন লীলা দেখুওৱা হৈছে। মূল নামঘৰটোৰ পিছপিনে এটা ডাঙৰ পুখুৰী আছে। পুখুৰীটোৰ সোঁমাজত শ্ৰীকৃষ্ণৰ কালী নাগৰ মূৰৰ ওপৰত নৃত্যৰত অৱস্থাত থকা মূৰ্ত্তি এটা আছে। এই পুখুৰীটোত ভালেমান প্ৰজাতিৰ মাছ আৰু আপুৰুগীয়া প্ৰজাতিৰ কাছ পোৱা যায়। তদুপৰি, চৌহদৰ ভিতৰত বিভিন্ন প্ৰজাতিৰ হৰিণ, ময়ূৰ আৰু শহাপহু সংৰক্ষণ কৰি ৰখা হৈছে। এই মন্দিৰটো যিয়ে যায়, তেৱেই গছত গামোচা বান্ধি মনৰ কামনা পূৰণ কৰি দিয়াৰ ইচ্ছা প্ৰকাশ কৰে গোপালৰ আগত।
থানৰ চৌহদৰ ভিতৰত ফুলনিত অনন্ত শয্যাগত শ্ৰীকৃষ্ণৰ মূৰ্ত্তি, দৌল মন্দিৰ, গড়ুৰ মন্দিৰ, শিৱৰ উপাসনা স্থান, ভকতসকলৰ চ’ৰাঘৰ, বৰনগৰ নাট্য মন্দিৰ, অতিথিশালা, চিকিৎসা গৃহ আৰু এটা পুথিভঁৰাল আছে। য’ত ভালেমান পুৰণি পুথিৰ লগতে সাঁচিপাত আৰু তুলাপাতত লিখা পুথি সংৰক্ষিত হৈ আছে। থানৰ পৰিচালনা সমিতিৰ কাৰ্যালয়ৰ কাষতে থকা ভোজনালয়টোত প্ৰতিদিনেই মন্দিৰলৈ অহা ৰাইজৰ বাবে সিদ্ধ প্ৰসাদৰ ব্যৱস্থা কৰা হয়।
ভাৰতৰ বিভিন্ন প্ৰান্তত জন্মাষ্টমী উৎসৱ পালন কৰা হয়। শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ পাঁচ দিন পিছত থানত পঁচতি উৎসৱ(নন্দ উৎসৱ) পালন কৰা হয়। সেইদিনা থানত ভাগৱত পাঠ আৰু নাম প্ৰসংগৰ পিছত গৰখীয়াসকলে চৌহদৰ ভিতৰত ‘পেক ভাওনা’ খেলে। এই খেলত পুৰস্কাৰ হিচাপে প্ৰত্যেককে নাৰিকল দিয়া হয়।