স্বাধীনতা দিৱসৰ প্ৰস্তুতিৰ পৰা কিষ্টোৱাৰৰ প্ৰাকৃতিক দুৰ্যোগলৈ, দিনটোৰ শীৰ্ষ খবৰ
জম্মু-কাশ্মীৰৰ কিষ্টোৱাৰত ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগ। ডাৱৰ বিস্ফোৰণৰ ফলত প্ৰায় ১০ গৰাকীকৈ লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।
কাইলৈ দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস। দেশজুৰি উদযাপন কৰা হ’ব এই দিৱস। লালকিল্লাত দেশৰ জাতীয় পতাকা উত্তোলন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তাৰ লগতে তেওঁ সেনা বাহিনীৰ অভিবাদনো গ্ৰহণ কৰিব। অসমতো জিলাই জিলাই ব্যাপকভাৱে আয়োজন কৰা হৈছে স্বাধীনতা দিৱস। স্বাধীনতা দিৱসৰ বিশেষ ক্ষণত পাকিস্তানৰ বিৰুদ্ধে ভাৰতীয় সেনাই চলোৱা অপাৰেচন সেন্দূৰত অংশ লোৱা কেবাজনো জোৱানক জনোৱা হৈছে সন্মান।
জম্মু-কাশ্মীৰৰ কিষ্টোৱাৰত ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগ। ডাৱৰ বিস্ফোৰণৰ ফলত প্ৰায় ১০ গৰাকীকৈ লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। যাৰ ফলত বাৰ্ষিক তীৰ্থযাত্ৰা স্থগিত ৰখা হৈছে। লগতে উদ্ধাৰ তথা সাহায্য অভিযান তীব্ৰতৰ কৰি তোলা হৈছে অঞ্চলটোত।
