শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

গুৱাহাটীত স্থাপন হ’ব সেৱা বাছনি ব’ৰ্ডৰ কেন্দ্ৰঃ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক ধন্যবাদ জনালে মুখ্যমন্ত্রীয়ে

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত এই কেন্দ্র স্থাপনৰ বাবে প্রয়োজনীয় খালী সামৰিক ভূমি উপলব্ধ থকাৰো নিশ্চিতি প্রদান কৰিছিল। মুখ্যমন্ত্ৰীৰ পত্ৰৰ উত্তৰ প্ৰদান কৰি প্ৰতিৰক্ষা মন্ত্রালয়ে এই প্ৰস্তাৱ পৰীক্ষা কৰা হৈছে বুলি অৱগত কৰে।

গুৱাহাটীত স্থাপন হ’ব সেৱা বাছনি ব’ৰ্ডৰ কেন্দ্ৰঃ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক ধন্যবাদ জনালে মুখ্যমন্ত্রীয়ে
মুখ্যমন্ত্ৰী হিমন্ত শৰ্মাImage Credit source: PTI
monjit-dutta
Monjit Dutta | Published: 14 Aug 2025 23:29 PM

সেৱা বাছনি ব’ৰ্ড চমুকৈ SSB (Services Selection Board)ক এটা কেন্দ্ৰ স্থাপন হ’ব গুৱাহাটীত। এই সন্দৰ্ভত অসম চৰকাৰে আগবঢ়োৱা প্ৰস্তাৱ ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্রালয়ে সক্রিয়ভাবে বিবেচনা কৰিছে। শেহতীয়াকৈ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৰাজ্যৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মালৈ এক পত্ৰ প্ৰেৰণ কৰি এই কথা অৱগত কৰিছে। ইতিপূৰ্বে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ২০ ফেব্ৰুৱাৰীত প্ৰতিৰক্ষা মন্ত্ৰালয়লৈ এই প্ৰস্তাৱেৰে এখন পত্ৰ প্ৰেৰণ কৰিছিল।

এই পত্ৰখনত মুখ্যমন্ত্ৰীগৰাকীয়ে সশস্ত্র বাহিনীৰ বিষয়া নিৰ্বাচনৰ বাবে এক গুৰুত্বপূৰ্ণ মঞ্চ প্ৰদান কৰাৰ লগতে স্থানীয় যুৱক-যুৱতীসকলক প্ৰতিৰক্ষা বাহিনীত সেৱা আগবঢ়োৱাৰ বাবে অনুপ্রাণিত কৰাৰ দিশত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাৰ আহ্বান জনাইছিল।

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই এই পত্ৰত উত্তৰ, মধ্য আৰু দক্ষিণ ভাৰতত অৱস্থিত বৰ্তমানৰ এছ এছ বি কেন্দ্ৰসমূহে উত্তৰ-পূৰ্বাঞ্চলৰ প্রার্থীসকলৰ প্ৰয়োজনীয়তা পূৰণ কৰিব নোৱৰাৰ কথা আঙুলিয়াই দিছিল আৰু এনে পৰিস্থিতিত গুৱাহাটীত সেৱা বাছনি ব’ৰ্ডৰ এটা কেন্দ্ৰ স্থাপনৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক অনুৰোধ জনাইছিল।

এই ক্ষেত্রত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত এই কেন্দ্র স্থাপনৰ বাবে প্রয়োজনীয় খালী সামৰিক ভূমি উপলব্ধ থকাৰো নিশ্চিতি প্রদান কৰিছিল। মুখ্যমন্ত্ৰীৰ পত্ৰৰ উত্তৰ প্ৰদান কৰি প্ৰতিৰক্ষা মন্ত্রালয়ে এই প্ৰস্তাৱ পৰীক্ষা কৰা হৈছে বুলি অৱগত কৰে।

প্ৰতিৰক্ষা মন্ত্ৰালয়ে লগতে গুৱাহাটীত সেনা আৰু বায়ুসেনাৰ বাবে উত্তৰ-পূবৰ যুটীয়া বাছনি কেন্দ্ৰ স্থাপনৰ প্ৰস্তাৱ মন্ত্ৰালয়ৰ সক্রিয় বিবেচনাধীন হৈ আছে বুলিও উল্লেখ কৰে। উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক-যুৱতীসকলৰ সুবিধার্থে গুৱাহাটীত সেৱা বাছনি ব’ৰ্ডৰ কেন্দ্ৰ স্থাপনৰ এই গুৰুত্বপূৰ্ণ প্ৰচেষ্টাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।