শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Today’s Rashifal:দিনটো কেনে যাব আপোনাৰ? চাওক আজিৰ ৰাশিফল…

Today's Horoscope: হিন্দু ধৰ্মত জ্যোতিষ শাস্ত্ৰৰ গুৰুত্ব বহুত। জ্যোতিষ শাস্ত্ৰ অনুসৰি ৰাশিফল ১২ টা। আজি কিছুমান ৰাশিৰ ধন লাভৰ যোগ আছে। ইয়াৰোপৰি কিছুমানৰ ভ্ৰমণৰ যোগ আছে। আপোনাৰ কেনে যাব আজিৰ দিনটো?

Today’s Rashifal:দিনটো কেনে যাব আপোনাৰ? চাওক আজিৰ ৰাশিফল…
ৰাশিফলImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 21 Nov 2025 06:00 AM

আজি ২১ নৱেম্বৰ. শুকুৰবাৰ। আজিৰ দিনটো কেনে যাব আপোনাৰ, চাওক ৰাশিফল-

মেঘ ৰাশিঃ আজি আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত আপোনাৰ পৰিকল্পনাই ৰং আনিব। আৰ্থিকস্থিতি ভাল হ’ব। ধন প্ৰাপ্তিৰ যোগ আছে। প্ৰেমত শুভ। সংগীৰ সৈতে ভাল সময় কটাব। পৰিয়ালত কোনো শুভ কামৰ আয়োজন হ’ব। শিক্ষাৰ্থীসকলৰ বাবে দিনটো শুভ। সফলতা লাভ কৰিব পাৰে।

বৃষ ৰাশিঃ আজি আপোনাৰ ভাগ্যই লগ দিব। কৰ্মক্ষেত্ৰত ভাল ফল লাভ কৰিব। আৰ্থিক দিশটো ভাল। প্ৰেমত শুভ। পৰিয়ালত ভাল পৰিৱেশ থাকিব। শিক্ষাৰ্থীসকলে কোনো ভাল ফল লাভ কৰিব। ভ্ৰমণৰ সম্ভাৱনা আছে। কোনো ধৰ্মীয় অনুষ্ঠানত অংশ লোৱাৰ সম্ভাৱনা। স্বাস্থ্য ভাল।

মিথুন ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে শুভ আৰু লাভদায়ক হোৱাৰ সম্ভাৱনা। আত্মবিশ্বাস বৃদ্ধি পাব। কঠিন কাম এটাও সহজে শেষ কৰিব পাৰিব। আজি আপুনি ব্যস্ত থাকিব। শৰীৰত গুৰুত্ব দিয়া প্ৰয়োজন। ধৰ্মীয় কামত মনোযোগ বাঢ়িব। শিক্ষাৰ্থীসকলৰ অধ্যয়ন সম্পৰ্কীয় চিন্তা দূৰ হ’ব।

কৰ্কট ৰাশিঃ আজিৰ দিনটো আপোনাৰ সুখ-সুবিধা বৃদ্ধি হ’ব পাৰে। ভৌতক সা-সুবিধা বৃদ্ধি পাব। চৰকাৰী ক্ষেত্ৰত জড়িতসকলে ভাল ফল লাভ কৰিব। পদোন্নতিৰ যোগ আছে। কোনো বিশিষ্ট ব্যক্তিক লগ পোৱাৰ সম্ভাৱনা। বৈবাহিক জীৱন ভাল হ’ব। দূৰৰ যাত্ৰাত যাব পাৰে। স্বাস্থ্য ভালে যাব।

সিংহ ৰাশিঃ আজি আপোনাৰ দিনটো ভাল বেয়াৰ মাজেৰে পাৰ হ’ব। বেছিকৈ পৰিশ্ৰম কৰিব লাগিব পাৰে। অৱশ্যে তাৰ পৰিণাম লাভ কৰিব। আৰ্থিক দিশটোত কিছু পৰিমাণে সমস্যা আহিব পাৰে। খৰচৰ ওপৰত গুৰুত্ব দিয়া প্ৰয়োজন। স্বাস্থ্য ভালে থাকিব। প্ৰেমত ভাল।

কন্যা ৰাশিঃ আজি আপুনি আপোনাৰ কামত বেছিকৈ গুৰুত্ব দিয়া প্ৰয়োজন। আনৰ কামত হস্তক্ষেপ কৰাৰ পৰা বিৰত থাকক। ভাগ্যই লগ দিব। আৰ্থিক দিশত সফলতা লাভ কৰিব। আনৰ পৰা ধন ধাৰলৈ লোৱাৰ পৰা বিৰত থাকিব। সংগীৰ পৰা কোনো উপহাৰ লভ কৰিব। ভ্ৰমণৰ সম্ভাৱনা আছে।

তুলা ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল হ’ব। আৰ্থিক দিশৰ সমস্যাবোৰ কিছু পৰিমাণে দূৰ হ’ব। নতুন চাকৰি বিচাৰি থকাসকলে ভাল ফল লাভ কৰিব। কোনো আধৰুৱা কাম সম্পূৰ্ণ হ’ব। সন্তানৰ চিন্তাৰ পৰা মুক্তি লাভ কৰিব। পাবলগীয়া ধন ঘূৰাই পাব পাৰে। সম্পত্তিৰ লগত জড়়িত সমস্যা দূৰ হ’ব পাৰে।

বৃশ্চিক ৰাশিঃ আজিৰ দিনটো আপোনাৰ ভাল বেয়াৰ মাজেৰে পাৰ হ’ব। কেৰিয়াৰক কোনো সমস্যা আহিব পাৰে। ব্যৱসায়ত সাৱধান হ’ব। কোনো কাম আধৰুৱা হ’ব পাৰে। ইয়াক লৈ চিন্তা বাঢ়িব। ভ্ৰমণৰ সময়ত কোনো সমস্যা আহিব পাৰে। স্বাস্থ্যত গুৰুত্ব দিয়া প্ৰয়োজন। সিদ্ধান্ত লওতে সাৱধান হ’ব।

ধনু ৰাশিঃ আপোনাৰ বাবে আজিৰ দিনটো ভাল। কিন্তু আৰ্থিক দিশটোত গুৰুত্ব দিয়া প্ৰয়োজন। বাহন চলাওতে সাৱধান হ’ব। সংগীৰ সৈতে ভাল সময় কটাব। কোনো কাম সম্পূৰ্ণ হ’ব, যাক লৈ সুখী থাকিব। স্বাস্থ্যজনিত সমস্যাই দেখা দিব পাৰে। পৰিয়ালৰ সৈতে ভাল সময় কটাব।

মকৰ ৰাশিঃ আজি আপুনি শত্ৰুৰ পৰা সাৱধান হোৱা দৰকাৰ।কাম সম্পূৰ্ণ হোৱাত বাধা আহিব পাৰে। পাৰিবাৰিক জীৱনত সমস্যা অহাৰ সম্ভাৱনা। সম্পত্তিত বিনিয়োগ কৰিব বিচৰাসকলৰ বাবে দিনটো ভাল। স্বাস্থ্য ভাল থাকিব। ধৰ্মীয় কামত মনোযোগ বাঢ়িব।

কুম্ভ ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল। ভাগ্যই লগ দিব। চৰকাৰী চাকৰি বিচাৰি থকাসকলৰ বাবে ভাল ফল লাভ কৰিব। কোনো ভাল খবৰ লাভ কৰিব। দাম্পত্য জীৱন ঠিকে থাকিব। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব চেষ্টা কৰিব। স্বাস্থ্যজনিত সমস্যা হ’ব পাৰে। দিনটো ভাল যাব।

মীন ৰাশিঃ আজি আপুনি ব্যস্ত থাকিব। কিন্তু অলপ সাৱধান থকা দৰকাৰ। ধৈৰ্য ধৰি কাম কৰিব। সম্পত্তিৰ লগত জড়িত কামত সমস্যা আহিব পাৰে। শিক্ষাৰ্থীসকলৰ সমস্যা আহিব পাৰে। সংগীৰ সৈতে ভাল সময় কটাব। স্বাস্থ্য ভালে যাব। দিনটো অলপ সাৱধানে চলিব।