Daily Horoscope: বছৰৰ আজি প্ৰথমটো মঙলবাৰ, আপোনাৰ প্ৰতি সদয় হ’বনে ভগৱান হনুমান! চাওক আজিৰ ৰাশিফল
ধৰ্মীয় আৰু জ্যোতিষৰ দৃষ্টিকোণৰ পৰা মঙলবাৰ দিনটোৰ বিশেষ মহত্ব আছে। গতিকে আজি বছৰৰ প্ৰথমটো মঙলবাৰক লৈ ধৰ্ম বিশ্বাসীসকলৰ মাজত কিছু উৎকণ্ঠা থকাটো স্বাভাৱিক। এই উৎকণ্ঠাৰ দূৰ কৰিবলৈ চাওক আজি দিনটোৰ ৰাশিফল।
আজি ৬ জানুৱাৰী, মঙলবাৰ। সাধাৰণতেই মঙলবাৰ দিনটোৰ হিন্দু ধৰ্মত বিশেষ মহত্ব আছে। জ্যোতিষৰ দৃষ্টিকোণৰ পৰাও মঙলবাৰ দিনটো বিশেষ গুৰুত্বপূৰ্ণ। ধৰ্মীয় বিশ্বাস মতে সপ্তাহৰ এই দিনটো ভগৱান হনুমানৰ নামত উৎসৰ্গিত। গতিকে আজি বছৰৰ প্ৰথমটো মঙলবাৰক লৈ ধৰ্ম বিশ্বাসীসকলৰ মাজত কিছু উৎকণ্ঠা থকাটো স্বাভাৱিক। এই উৎকণ্ঠাৰ দূৰ কৰিবলৈ চাওক আজি দিনটোৰ ৰাশিফল-
মেষ ৰাশিৰ ৰাশিফল
আজি কামৰ বোজা অধিক হোৱাৰ বাবে অলপ চিন্তিত হ’ব পাৰে। আন লোকৰ সৈতে কথা পাতোঁতে ধৈৰ্য নেহেৰুৱাব, ভাষাৰ ব্যৱহাৰত সাৱধান হওক। স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়া উচিত হ’ব। মাতৃৰ সৈতে কোনো কথাত মতানৈক্য হ’ব পাৰে।
বৃষ ৰাশিৰ ৰাশিফল
আৰ্থিক দিশত উন্নতিৰ যোগ আছে। পিতৃ-মাতৃৰ আশীৰ্বাদে আধৰুৱা কামত সফলতা আনিব। নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শনৰ সুযোগ লাভ কৰিব। আপোনাৰ কামৰ দক্ষতাই সকলোৰে মন জয় কৰিব। পুৰণি শাৰীৰিক সমস্যাক অৱহেলা নকৰিব। কোনো বিশিষ্ট ব্যক্তিৰ সৈতে সাক্ষাৎ হ’ব পাৰে।
মিথুন ৰাশিৰ ৰাশিফল
দিনটো আমোদ-প্ৰমোদৰ মাজেৰে পাৰ হ’ব। অৱশ্যে মাটি-সম্পত্তি সম্পৰ্কীয় কোনো বিবাদৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। কর্মক্ষেত্ৰত কোনো অভিজ্ঞ ব্যক্তিৰ সঠিক পৰামৰ্শ লাভ কৰিব। ৰাজনীতিত খোজ দিব বিচাৰিলে সাৱধানে আগবাঢ়ক। পৰিয়ালৰ কোনো গোপন কথা আজি পোহৰলৈ আহিব পাৰে।
কৰ্কট ৰাশিৰ ৰাশিফল
আজি আপুনি যথেষ্ট আত্মবিশ্বাসী অনুভৱ কৰিব। ব্যৱসায়িক কোনো ডাঙৰ লেনদেনত সামান্য বাধা আহিব পাৰে। আৰ্থিক লাভ হোৱাৰ যোগ আছে। পৰিয়ালৰ সৈতে ভ্ৰমণৰ সম্ভাৱনা আছে। ওচৰ-চুবুৰীয়াৰ সৈতে অযথা তৰ্কত লিপ্ত নহ’ব। চৰকাৰী কামত সজাগ থাকক।
সিংহ ৰাশিৰ ৰাশিফল
ঘৰুৱা দায়িত্বৰ লগতে আন কামতো সমানে গুৰুত্ব দিব লাগিব। নতুন সম্পত্তি ক্ৰয়ৰ বাবে বেংকৰ ঋণ লোৱাৰ বাবে আজিৰ দিনটো ভাল। ব্যৱসায়ীসকলে ভাল খবৰ পাব। প্ৰেমৰ সম্পৰ্ক মধুৰ হ’ব। কোনো সিদ্ধান্ত লওঁতে খৰখেদা নকৰিব, অন্যথা পাছত অনুতাপ কৰিবলগীয়া হ’ব পাৰে।
কন্যা ৰাশিৰ ৰাশিফল
সামাজিক মান-সন্মান বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত ঊৰ্ধতন কৰ্তৃপক্ষৰ পৰা পোৱা দায়িত্ব নিষ্ঠাৰে পালন কৰক। আপোনাৰ নম্ৰ ব্যৱহাৰে সকলোকে আপ্লুত কৰিব। নতুন কোনো সৃষ্টিশীল কামৰ বাবে মনত উৎসাহ থাকিব। অৱশ্যে খৰচৰ মাত্ৰা নিয়ন্ত্ৰণত ৰখা প্ৰয়োজন। সন্তানৰ স্বাস্থ্যক লৈ চিন্তিত হ’ব পাৰে।
তুলা ৰাশিৰ ৰাশিফল
মনৰ কোনো পুৰণি আশা পূৰণ হ’লে আপুনি সুখী হ’ব। চাকৰি সলনি কৰিবলৈ চেষ্টা কৰি থকাসকলৰ বাবে আজি দিনটো শুভ। কাপোৰ বা ইলেকট্ৰনিক সামগ্ৰী ক্ৰয় কৰিব পাৰে। জীৱনসংগীৰ বাবে বিশেষ কোনো আয়োজন কৰিব পাৰে। ওচৰ-চুবুৰীয়াৰ প্ৰতি অলপ চকু ৰাখিব।
বৃশ্চিক ৰাশিৰ ৰাশিফল
দিনটো সুখ আৰু শান্তিৰে পাৰ হ’ব। পাৰিবাৰিক যিকোনো কাজিয়া আজি আলোচনাৰ জৰিয়তে শেষ হ’ব। পুৰণি সমস্যাসমূহ সমাধান হোৱাত মন পাতল লাগিব। জীৱনসংগীৰ পৰা পূৰ্ণ সহযোগ পাব। মাতৃৰ স্বাস্থ্যৰ উন্নতি হ’ব। ভ্ৰমণৰ সময়ত কোনো প্ৰয়োজনীয় কথা জানিব পাৰিব।
ধনু ৰাশিৰ ৰাশিফল
কাৰিকৰী শিক্ষাৰ সৈতে জড়িতসকলৰ বাবে দিনটো ভাল। নতুন কিবা এটা শিকাৰ সুযোগ লাভ কৰিব। শিক্ষাৰ্থীসকলে শিক্ষকৰ পৰা সহায় পাব। চৰকাৰী কামত কিছু পলম হোৱাৰ বাবে ব্যস্ততা বাঢ়িব পাৰে। অচিনাকি মানুহক সোনকালে বিশ্বাস নকৰিব।
মকৰ ৰাশিৰ ৰাশিফল
দিনটোৰ আৰম্ভণি মিশ্ৰিত হ’ব। ভ্ৰমণৰ পৰা নতুন অভিজ্ঞতা লাভ কৰিব। কামৰ ব্যস্ততা থাকিলেও আপুনি পৰিয়ালৰ বাবে সময় উলিয়াব পাৰিব। সন্তানৰ কোনো ভাল খবৰে ঘৰখনলৈ আনন্দ কঢ়িয়াই আনিব। জীৱনসংগীৰ পৰা কোনো উপহাৰ পাব পাৰে।
কুম্ভ ৰাশিৰ ৰাশিফল
আৰ্থিক ভেটি মজবুত কৰিবলৈ লোৱা সিদ্ধান্তই সফলতা আনিব। পুৰণি ধাৰ-ঋণ পৰিশোধ কৰিবলৈ সক্ষম হ’ব। পৰিয়ালৰ সদস্যৰ পৰা সহায় পাব। নতুন কোনো কাম আৰম্ভ কৰিবলৈ আজিৰ দিনটো অতি উপযুক্ত। স্বাস্থ্যৰ ক্ষেত্ৰত কোনো সৰু সমস্যা হ’লেও চিকিৎসকৰ পৰামৰ্শ ল’বলৈ নাপাহৰিব।
মীন ৰাশিৰ ৰাশিফল
ব্যৱসায়ীসকলৰ বাবে দিনটো লাভজনক হ’ব। নতুন পৰিকল্পনাৰ নামত কিছু টকা খৰচ হ’ব পাৰে। অহেতুক খৰচে পাছলৈ সমস্যা দিব পাৰে, গতিকে সাৱধান হওক। নিজৰ মূল্যৱান সামগ্ৰীৰ প্ৰতি লক্ষ্য ৰাখিব। জীৱনসংগীৰ সৈতে বুজাপৰা বজাই ৰাখিবলৈ যত্ন কৰক।