শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

হাতত হেণ্ডকাফ লগাই CID কাৰ্যালয়লৈ অনা হ’ল শ্যামকানু-সিদ্ধাৰ্থক

অৱশেষত গ্ৰেপ্তাৰ শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা। CJM আগত হাজিৰ কৰাৰ পাছতে শ্যামকানু-সিদ্ধাৰ্থক ১৪ দিনৰ জিম্মালৈ প্ৰেৰণ কৰা হয়।

Manas Borah
Manas Borah | Published: 01 Oct 2025 11:15 AM
১৪ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক। জুবিন গাৰ্গৰ মৃত্যুৰ গোৰচত মূল অভিযুক্ত এই দুয়োগৰাকীকে দিল্লীৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

1 / 5
জুবিনৰ মৃত্যুৰ ১২ দিনৰ পাছত গ্ৰেপ্তাৰ কৰা হৈছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক। ছিংগাপুৰৰ পৰা আহি থকা অৱস্থাত শ্যামকানুক নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থক গুৰুগাঁৱৰ এপাৰ্টমেণ্টৰ পৰা গ্ৰেপ্তাৰ কৰা হয়।

2 / 5
আজি পুৱা ভাগতে এই দুয়োগৰাকী অভিযুক্তক গুৱাহাটীলৈ অনা হয়। ইয়াৰ পাছতে বৰঝাৰ বিমান বন্দৰৰ পৰা CJM ৰ বাসগৃহলৈ লৈ যোৱা হয় দুয়োকে। CJM ৰ আগত হাজিৰ কৰাৰ পাছতে ১৪ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে।

3 / 5
হাতত হেণ্ডকাফ লগাই শ্যামকানু আৰু সিদ্ধাৰ্থক CID কাৰ্যালয়লৈ লৈ যোৱা হয়। একে প্ৰকাৰে পলাতক অৱস্থাত আছিল এই দুয়োগৰাকী অভিযুক্ত। যাৰ বাবে মহন্ত আৰু শৰ্মাৰ বিৰুদ্ধে‘লুকআউট নোটিচ’ জাৰি কৰি ৬ অক্টোবৰৰ ভিতৰত চিআইডিৰ সন্মুখত হাজিৰ হ’বলৈ কোৱা হৈছিল।

4 / 5
খবৰ অনুসৰি, উদ্ধাৰ কৰা হৈছে জুবিন গাৰ্গৰ মোবাইল ফোন। ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত সংঘটিত হোৱা এই ঘটনাৰ পিছৰে পৰা জুবিন গাৰ্গৰ মোবাইল মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ লগত আছিল। ছিংগাপুৰত জুবিনৰ লগত থকা তেওঁৰ ভাতৃ সন্দিপন গাৰ্গে মোবাইলটো বিচাৰিছিল যদিও সিদ্ধাৰ্থই তেওঁক গতাই নিদিলে। সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰাৰ পিছত অসম আৰক্ষীয়ে জব্দ কৰে মোবাইল।

5 / 5