শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

পলাশবাৰীত বিদ্যুৎস্পৃষ্ট হৈ বনৰীয়া হাতীৰ কৰুণ মৃত্যু, বিদ্যুৎ বিভাগৰ বিৰুদ্ধে উঠিল গাফিলতিৰ অভিযোগ

প্ৰায় ৮ ফুট উচ্চতাৰ বিদুৎ সংযোগী তাঁৰত লাগি বিদ্যুৎস্পৃষ্ট হৈ ওচৰতে থকা পুখুৰী এটাত বাগৰি পৰে হাতীটো। লগে লগে হাতীটোৱে শোকাৱহভাৱে প্ৰাণ হেৰুৱায়। ইফালে স্থানীয় ৰাইজে মিৰ্জা বৈদ্যুতিক উপ সংমণ্ডলৰ গাফিলতিৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি অভিযোগ কৰিছে।

monjit-dutta
Monjit Dutta | Updated On: 06 Dec 2025 14:55 PM
শেহতীয়া সময়ছোৱাত ৰাজ্যৰ ভিন্ন প্ৰান্তত বন্যহস্তীৰ কৰুণ মৃত্যুৰ খবৰ প্ৰকাশ পাইছে। ইয়াৰে বহুকেইটা ঘটনাত বিদ্যুৎস্পৃষ্ট হোৱাৰ বাবে হাতীৰ মৃত্যু ঘটা দেখা গৈছে। এতিয়া পুনৰ পোহৰলৈ আহিছে এনে এক শোকজনক খবৰ।

1 / 5
দক্ষিণ কামৰূপৰ পলাশবাৰী অঞ্চলৰ কান্দুপুৰত যোৱা নিশা বিদ্যুৎস্পৃষ্ট হৈ এটা বনৰীয়া হাতীৰ কৰুণ মৃত্যু ঘটে। স্থানীয় ৰাইজে আৰক্ষীক এই বিষয়ে অৱগত কৰাৰ পিছতে লোহাৰঘাট বন বিভাগৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ মৃত হাতীটোক উদ্ধাৰ কৰে।

2 / 5
মৃত হাতীটোক স্থানীয় ৰাইজে ধৰ্মীয় নীতি-নিয়ম অনুসাৰে শেষ বিদায় জনায়। উল্লেখ্য যে দীৰ্ঘদিন ধৰি দক্ষিণ কামৰূপৰ মাজকুছি, উৰপুত, তিনিআলি, পাৰাকুছিকে আদি কৰি বিভিন্ন প্ৰান্তত বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই আহিছে।

3 / 5
যোৱা নিশা কান্দুপুৰত খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীটো বিদ্যুতৰ সংস্পৰ্শলৈ আহে। প্ৰায় ৮ ফুট উচ্চতাৰ বিদুৎ সংযোগী তাঁৰত লাগি বিদ্যুৎস্পৃষ্ট  হৈ ওচৰতে থকা পুখুৰী এটাত বাগৰি পৰে হাতীটো। লগে লগে হাতীটোৱে শোকাৱহভাৱে প্ৰাণ হেৰুৱায়।

4 / 5
ইফালে স্থানীয় ৰাইজে মিৰ্জা বৈদ্যুতিক উপ সংমণ্ডলৰ গাফিলতিৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি অভিযোগ কৰিছে। মিৰ্জা বৈদ্যুতিক উপ সংমণ্ডলে কি হিচাপত মাত্ৰ ৮ ফুট উচ্চতাৰ বিদুৎ সংযোগী তাঁৰ স্থাপন কৰিছে, সেই লৈ প্ৰশ্ন উত্থাপন কৰিছে স্থানীয় একাংশ লোকে।

5 / 5