শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

51 Shakti Peeth: ভগৱান বিষ্ণুৱে কিয় সতীৰ শৰীৰৰ ৫১ টুকুৰা কৰিছিল?

৫১ শক্তিপীঠৰ হিন্দু ধৰ্মত বিশেষ গুৰুত্ব আছে। ধৰ্মীয় বিশ্বাস অনুসৰি সতীৰ শৰীৰৰ অংগ সৰি পৰা ঠাইবোৰক শক্তি পীঠ বোলা হয়। কোৱা হয় বিষ্ণুয়ে সতীৰ শৰীৰৰ ৫১ টুকুৰা কৰিছিল। ইয়াৰ কাৰণ জানো আহক।

barasha-misra
Barasha Misra | Published: 29 Jul 2025 16:39 PM
৫১ শক্তিপীঠক হিন্দু ধৰ্মত অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। এই শক্তিপীঠৰ কাহিনী ভগৱান শিৱ, ভগৱান বিষ্ণু, মাতা সতী আৰু তেওঁৰ পিতৃ প্ৰজাপতি দক্ষৰ সৈতে জড়িত। ধৰ্মীয় বিশ্বাস অনুসৰি ভগৱান বিষ্ণুৱে মাতা সতীৰ শৰীৰটো ৫১টা টুকুৰা কৰিছিল।

1 / 6
পৌৰাণিক কাহিনী অনুসৰি ভগৱান শিৱৰ প্ৰথম পত্নী আছিল মাতা সতী, যি ৰজা দক্ষ প্ৰজাপতিৰ কন্যা আছিল। মাতা সতীয়ে পিতৃৰ বিৰুদ্ধে গৈ ভগৱান শিৱৰ সৈতে বিয়া হৈছিল। যাৰ বাবে প্ৰজাপতি দক্ষ সুখী হোৱা নাছিল।

2 / 6
এবাৰ প্ৰজাপতি দক্ষই নিজৰ ঘৰত যজ্ঞৰ আয়োজন কৰি সকলোকে নিমন্ত্ৰণ জনাইছিল। কিন্তু তেওঁ শিৱক নিমন্ত্ৰণ কৰা নাছিল। পিছে সতীয়ে নিমন্ত্ৰণ অবিহনে ভগৱান শিৱৰ সৈতে পিতৃৰ যজ্ঞত অংশগ্ৰহণ কৰিবলৈ গৈছিল। তাত উপস্থিত হোৱাৰ লগে লগে পিতৃয়ে ভগৱান শিৱক বহুত অপমান কৰিলে।

3 / 6
দক্ষ প্ৰজাপতিয়ে ভগৱান শিৱক অপমান কৰি বেয়াকৈ কয়। সতীয়ে স্বামীৰ অপমান সহ্য কৰিব নোৱাৰি সেই যজ্ঞৰ কুণ্ডত জপিয়াই জীৱন শেষ কৰে। ভগৱান শিৱই যেতিয়া এই বিষয়ে গম পালে, তেতিয়া তেওঁ অত্যন্ত ক্ৰোধিত হৈ পৰিল।

4 / 6
সতীয়ে প্ৰাণ ত্যাগ কৰাৰ সময়ত ভগৱান শিৱই এই বিচ্ছেদ সহ্য কৰিব নোৱাৰি মৃতদেহৰ সৈতে তাণ্ডৱ কৰিবলৈ আৰম্ভ কৰে। ফলত সমগ্ৰ বিশ্বব্ৰহ্মাণ্ড ধ্বংস হ’বলৈ ধৰিলে। এই ধ্বংস ৰোধ কৰিবলৈ ভগৱান বিষ্ণুৱে তেওঁৰ সুদৰ্শন চক্ৰৰে মাতা সতীৰ শৰীৰটো টুকুৰা টুকুৰ কৰি পেলায়।

5 / 6
ভগৱান বিষ্ণুৰ সুদৰ্শন চক্ৰৰ বাবে ৫১ টা ভিন্ন স্থানত মাতা সতীৰ শৰীৰৰ ৫১ টুকুৰা পৰে। এই ৫১ টা স্থানক শক্তি পীঠ বুলি কোৱা হয় আৰু প্ৰতিটো স্থানতে মাতা সতীক বেলেগ বেলেগ নামেৰে পূজা কৰা হয়।

6 / 6