শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বিজেপি কাৰো মুখলৈ চোৱা দল নহয়… বিধানসভা নিৰ্বাচনত কোন কোন বিধায়কৰ পাখি কাটিব দলটোৱে?

নিৰ্বাচনৰ বাবে মাজত মাথোঁ আছে ৬ মাহ, নিৰ্বাচনৰ ৰণকৌশল প্ৰস্তত কৰাত ব্যস্ত শাসকীয় বিজেপি। ইয়াৰ মাজতে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই টিকট সন্দৰ্ভত কৰিছে মন্তব্য।

barasha-misra
Barasha Misra | Updated On: 19 Jul 2025 09:11 AM
শুক্ৰবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অসম চৰকাৰৰ বিভিন্ন জনকল্যাণমুখী ধ্বজাবাহী আঁচনিৰ ৰূপায়ণ আৰু বিধায়িনী দলৰ প্ৰতিগৰাকী বিধায়কৰ কৰণীয় সন্দৰ্ভত এক বিশেষ বৈঠক অনুষ্ঠিত হয়।

1 / 5
এই বৈঠকৰ অন্তত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই কয়, আগন্তুক তিনি-চাৰি মাহত ভালকৈ কাম কৰি প্ৰত্যেকে টিকটৰ যোগ্যতা অৰ্জন কৰিব লাগিব। য’ত যাৰ যি দুৰ্বলতা আছে সেইখিনি দূৰ কৰি '২৬ লৈ নিজকে সাজু কৰিব লাগিব।

2 / 5
লগতে তেওঁ কয়,  টিকট বিচাৰিলেই নহ’ব জনসাধাৰণৰ আস্থা, বিশ্বাস পুনৰ যাতে ঘূৰাই আনিব পাৰি তাৰ বাবে কাম কৰিব লাগিব । অৰ্থাৎ প্ৰত্যেকে ৰাইজৰ আস্থা শক্তিশালীভাৱে বুটলিবলৈ সংকল্প লৈছোঁ।

3 / 5
ইয়াৰোপৰি ২৬'ৰ নিৰ্বাচনৰ বাবে কোনে কোনে টিকেট পাব সেই কথা প্ৰসংগত সভাপতিগৰাকীয়ে কয়, বিজেপি কাৰো মুখলৈ চোৱা দল নহয়। যিবিলাকে ভাল কাম কৰিছে, ৰাইজে ভাল বুলি কৈছে তেওঁলোকৰ মৰণ নাই।।

4 / 5
নিৰ্বাচনৰ ৰণকৌশল প্ৰস্তত কৰাত ব্যস্ত শাসকীয় বিজেপি। সেয়ে সমষ্টিৰ উন্নয়ণত গুৰুত্ব দিছে বিজেপিয়ে। এতিয়া বিধানসভা নিৰ্বাচনত কোন কোন বিধায়কৰ পাখি কটা যায় সময়ত লক্ষণীয় হ'ব।

5 / 5