শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

কেতিয়া অনুষ্ঠিত হ’ব ADREৰ মৌখিক পৰীক্ষা? লিখিত পৰীক্ষাৰ কাট অব্ মাৰ্কক লৈ কি ক’লে মুখ্যমন্ত্ৰীয়ে?

শুকুৰবাৰে ঘোষণা হ’ল অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ লিখিত পৰীক্ষাৰ ফলাফল । সৰ্বমুঠ ১২,৬৭৩ টা পদৰ বাবে অনুষ্ঠিত হৈছিল লিখিত পৰীক্ষা । লিখিত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাছত মৌখিক পৰীক্ষা অনুষ্ঠিত হোৱাক লৈ ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে।

trishna-kalita
Trishna Kalita | Updated On: 08 Mar 2025 08:02 AM
৭ মাৰ্চত ঘোষণা হ'ল বহু প্ৰতীক্ষিত ADREৰ লিখিত পৰীক্ষাৰ ফলাফল। সৰ্বমুঠ ১২,৬৭৩ টা পদৰ বাবে অনুষ্ঠিত হৈছিল লিখিত পৰীক্ষা ।  ইয়াৰ ভিতৰত তৃতীয় বৰ্গৰ ৭,৬৫০টা আৰু চতুৰ্থ বৰ্গৰ ৫,০২৩ টা পদ আছে ।

1 / 6
তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ ২৫ হাজাৰ শিক্ষাৰ্থী। দ্বিতীয় পৰ্যায়ত হ'ব SKILL TEST। তাৰ পাছতেই মৌখিক পৰীক্ষা। তাৰপাছত নথি-পত্ৰৰ প্ৰামাণিকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পাছতহে চূড়ান্ত নিযুক্তিৰ বাবে বিবেচিত হ’ব ।

2 / 6
ইয়াৰ মাজতে  কাট অব্ মাৰ্কক লৈ হোৱা চৰ্চা সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই  কয়, ‘কাট অব্ মাৰ্ক বেছি বা কম হোৱাটো কিমান পদ খালী আছে, তাৰ ওপৰতহে নিৰ্ভৰ কৰে। কাট অব্ মাৰ্ক মেৰিটৰ ওপৰত নিৰ্ভৰ কৰে।  কাট অব্ মাৰ্ক আন কোনোবাই বা চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া বস্তু নহয়।’

3 / 6
এপ্ৰিলত মৌখিক পৰীক্ষাৰ সম্ভাৱনাক নস্যাৎ কৰি তেওঁ কয়, ‘এপ্ৰিলত পঞ্চায়ত নিৰ্বাচন হ’ব।  সেইসময়ত মৌখিক পৰীক্ষা অনুষ্ঠিত নহয়। মে’ মাহত মৌখিক পৰীক্ষা অনুষ্ঠিত কৰা হ’ব।’

4 / 6
তেওঁ লগতে কয়, ‘ যিমান পদ আছে তাৰ দুগুণ প্ৰাৰ্থী উত্তীৰ্ণ হৈছে।  এদিনত ১০০গৰাকীতকৈ বেছি পৰীক্ষাৰ্থীৰ মৌখিক পৰীক্ষা ল’ব নোৱাৰি।  ডেৰমাহধৰি মৌখিক পৰীক্ষা চলিব। জুন মাহটো চলিব মৌখিক পৰীক্ষা।"

5 / 6
মুখ্যমন্ত্ৰীয়ে লগতে কয়, "মই তাৰিখ দিব বিচৰা নাই। জুলাই নহয়, আগষ্টতো হ'ব পাৰে। কিন্তু সম্পূৰ্ণ প্ৰক্ৰিয়াটো আমাৰ কাৰ্যকালতে সম্পন্ন হ’ব।"

6 / 6