আহি আছে নতুন অসমীয়া ছবি চিকাৰ। অহা ২০ ছেপ্টেম্বৰত মুক্তি লাভ কৰিব চেম ভট্টাচাৰ্যই প্ৰযোজনা কৰা ছবি চিকাৰ। ছবিখনৰ মুক্তিৰ কথা কণ্ঠশিল্পী জুবিন গাৰ্গে ইতিমধ্যে ঘোষণা কৰিছে। গুৱাহাটীকে ধৰি অসমৰ কেইবাটাও ছবিগৃহত চিকাৰ প্ৰদৰ্শন হ'ব।
ছবিখনত অভিনয় কৰিব জুবিন গাৰ্গ, আদিল হুচেইন, ধ্যানী মহন্ত, অন্তৰীক্ষ চহৰীয়া, উৰ্মিলা মহন্তকে ধৰি কেইবাজনো অভিনেতা- অভিনেত্ৰীয়ে। এই ছবিখনত জুবিন গাৰ্গে মুখ্য চৰিত্ৰত অভিনয় কৰিব। চাহ বাগানীয়া যুৱক হিচাপে দেখা যাব জুবিনক।
ছবিখনত জুবিনৰ নাম হ'ব শংকৰ। অসমৰ চাহ বাগিচাৰ পৰা লণ্ডণলৈ গৈ তেওঁ বাগদত্তাৰ জীৱন ৰক্ষা কৰিব বিচাৰে। ছবিখনত অসমৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু আমেৰিকাৰ নাটকীয় দৃশ্যপটৰ সমম্বয় দেখুওৱা হ'ব। পৰম্পৰাগত আৰু আধুনিকতাৰ মাজৰ সংঘৰ্ষ আৰু সম্পৰ্কৰ সন্ধান কৰা ই এক একশ্যন থ্ৰীলাৰ।
ইয়াৰোপৰি এই ছবিখনত চাহ বাগিছাৰ বিভিন্ন দিশ দাঙি ধৰা হ'ব। ছবিখনৰ কাহিনী, চিত্ৰনাট্য় আৰু পৰিচালনা কৰিছে দেবাংকৰ বৰগোঁহাইয়ে। ছবিখন অসমৰ বাহিৰতো পৰৱৰ্তী সময়ক মুক্তি পাব।
ছবিখন উপভোগ কৰিবলৈ জুবিন গাৰ্গে সকলোকে আহ্বান জনাইছে। ছ'চিয়েল মিডিয়াৰ যোগেদি সকলোকে এই আহ্বান জনাইছে কণ্ঠশিল্পী গৰাকীয়ে। ইতিমধ্যে ছবিখনৰ ট্ৰেইলৰে মুক্তি লাভ কৰিছে।