শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ড° ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গ সম্পৰ্কীয় গ্ৰন্থ ক্ৰয়, যুৱ প্ৰজন্মক পঢ়াৰ সংস্কৃতি গঢ়ি তুলিবলৈ আহ্বান সৰ্বানন্দ সোণোৱালৰ

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, অধ্যয়ন স্পৃহা বঢ়াবলৈ আগবঢ়োৱা প্ৰতিটো খোজ এটা জাতিৰ বৌদ্ধিক বিকাশৰ বাবে একো একোটা সুদৃঢ় পদক্ষেপ৷ সেয়ে মই নৱপ্ৰজন্মৰ প্ৰতিগৰাকী নাগৰিকক কিতাপ পঢ়িবলৈ উৎসাহ দিওঁ৷

manas-borah
Manas Borah | Published: 02 Jan 2026 21:55 PM
কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী (MoPSW) সৰ্বানন্দ সোণোৱালে শুকুৰবাৰে মহানগৰীৰ খানাপাৰাত অনুষ্ঠিত অসম গ্ৰন্থমেলাত উপস্থিত থাকি গ্ৰন্থমেলাক “জ্ঞানৰ তীৰ্থস্থান” বুলি অভিহিত কৰে। তেখেতে কয় যে, গ্ৰন্থমেলাই বৌদ্ধিক বিকাশ আৰু চিন্তাশীল সমাজ গঢ়ি তোলে।

1 / 5
এই উপলক্ষে জুবিন গাৰ্গ সোঁৱৰণী প্ৰেক্ষাগৃহত নিজৰ বক্তব্য ৰাখি সোণোৱালে কয়, “জ্ঞানৰ পোহৰেৰে নিজকে উদ্ভাসিত কৰিবলৈ, মনৰ মলিনতা দূৰ কৰি বৌদ্ধিকতাৰ চাদৰ উৰিবলৈ, বিভিন্ন গ্ৰন্থকাৰৰ অমৃত বাণীৰ প্ৰসাদেৰে নিজৰ মানসিক উদৰ পূৰাবলৈ এনে তীৰ্থভূমিলৈ আহি এক অদ্ভুৎ প্ৰশান্তি লাভ কৰিছোঁ৷ গ্ৰন্থ সম্ভাৰ এখন সমাজৰ, একোটা জাতিৰ দাপোণস্বৰূপ। মানুহৰ চিন্তাধাৰা, সৃষ্টিশৈলী আৰু কল্পনা কিতাপৰ জৰিয়তে যুগে যুগে প্ৰতিফলিত হৈছে আৰু গ্ৰন্থ অধ্যয়নৰ উজ্জীৱিত পৰিৱেশে এখন চিন্তাশীল, বৌদ্ধিকভাৱে আগবঢ়া সমাজ সৃষ্টিত বিশেষকৈ অৰিহণা যোগায়। আজি অসমৰ সাতখনকৈ চহৰত গ্ৰন্থমেলা অনুষ্ঠিত হৈছে৷ ই জাতিটোৰ বাবে এটি সুখবৰ৷”

2 / 5
সোণোৱালে কয়, “অধ্যয়ন স্পৃহা বঢ়াবলৈ আগবঢ়োৱা প্ৰতিটো খোজ এটা জাতিৰ বৌদ্ধিক বিকাশৰ বাবে একো একোটা সুদৃঢ় পদক্ষেপ৷ সেয়ে মই নৱপ্ৰজন্মৰ প্ৰতিগৰাকী নাগৰিকক কিতাপ পঢ়িবলৈ উৎসাহ দিওঁ৷ কোনো ৰীল বা টুইটে মানুহক পূৰ্ণ কৰিব নোৱাৰে। কেৱল অধ্যয়নেহে আমাক গভীৰতা, চিন্তা আৰু কল্পনাৰে ভৰাই তুলিব পাৰে।”

3 / 5
লগতে তেখেতে কয় যে, প্ৰযুক্তিয়ে আমাৰ পঢ়াৰ ধৰণ সলনি কৰিছে। আমি কাগজতকৈ স্ক্ৰীণত বেছি পঢ়োঁ।কিন্তু প্ৰযুক্তি আমাৰ শত্ৰু নহয়। ই আমাৰ মিত্ৰও হ’ব পাৰে। ই-বুক, অডিঅ’বুক, ডিজিটেল গ্ৰন্থাগাৰ-এই সকলোবোৰে জ্ঞান লাভৰ প্ৰক্ৰিয়াক সহজ কৰি তুলিছে। আমাৰ যুৱ চামক মনত পেলোৱা উচিত যে পুথিয়ে নটিফিকেশ্যন নিদিয়ে, পুথিয়ে দিয়ে জ্ঞানৰ পোহৰ।

4 / 5
কেন্দ্ৰীয় মন্ত্ৰীজনক সংগ দিয়ে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা, বিকুল ডেকা, অধ্যক্ষ, অসম পেট্ৰকেমিকেল লিমিটেড, বিজেপি অসম প্ৰদেশৰ সম্পাদক লক্ষ্য কোঁৱৰে৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে গ্ৰন্থমেলাৰ বাকৰিত ৰাষ্ট্ৰীয় সামুদ্ৰিক ঐতিহ্য চৌহদ আৰু বিভিন্ন প্ৰকাশন গোষ্ঠীৰ বিপনী পৰিদৰ্শন কৰে আৰু ড° ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গ সম্পৰ্কীয় গ্ৰন্থ ক্ৰয় কৰে মন্ত্ৰীগৰাকীয়ে।

5 / 5