শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Udasin Bhakat Scheme: ‘উদাসীন ভকতলৈ আৰ্থিক সাহায্য’ আঁচনিৰ শুভাৰম্ভ, প্ৰতিমাহে ভকতে লাভ কৰিব ধনৰাশি…

Udasin Bhakat Scheme: পুনৰ এক নতুন আঁচনি। ৰাজ্যৰ উদাসীন ভকতসকললৈ ভাল খবৰ। নৱবৰ্ষৰ দ্বিতীয় দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই “উদাসীন ভকতলৈ আৰ্থিক সাহায্য” আঁচনিৰ শুভাৰম্ভ কৰে।

barasha-sarma
Barasha Sarma | Published: 02 Jan 2026 13:04 PM
ৰাজ্যৰ শ শ উদাসীন ভকতলৈ ভাল খবৰ। ২ জানুৱাৰী, ২০২৬ ত অসম চৰকাৰে প্ৰৱৰ্তন কৰে 'উদাসীন ভকতলৈ আৰ্থিক সাহাৰ্য' শীৰ্ষক আঁচনি। ২০২৬ চনটোত চৰকাৰে প্ৰৱৰ্তন কৰা এয়া প্ৰথমখন আঁচনি। যাৰ দ্বাৰা উদাসীন ভকতলৈ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। ইয়াৰ অধীনত ভকতসকলে প্ৰতিমাহে ১,৫০০ টকাকৈ লাভ কৰিব।

1 / 5
আজি লোকসেৱা ভৱনত এই আঁচনিৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তথ্য অনুসৰি, এই আঁচনিৰ অধীনত ৰাজ্যৰ স্বীকৃতিপ্ৰাপ্ত সত্ৰৰ ৬২০গৰাকী উদাসীন ভকত আৰ্থিক সাহাৰ্য লাভ কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আজি ভকতসকলক চেক বিতৰণ  কৰে।

2 / 5
এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত লিখে যে- "উদাসীন ভকতলৈ আৰ্থিক সাহায্য-- নৱবৰ্ষৰ দ্বিতীয়টো দিনতে আমাৰ চৰকাৰে প্ৰৱৰ্তন কৰা প্ৰথমখন আঁচনি ৰাজ্যৰ সমাজ আৰু সাংস্কৃতিক জীৱনৰ মেৰুদণ্ডসদৃশ সত্ৰৰ সেৱাত উছৰ্গা কৰিবলৈ পাই ধন্য অনুভৱ কৰিছোঁ। সত্ৰৰ ভূমি সংৰক্ষণৰ বাবে সত্ৰ আয়োগ গঠনৰ পৰা উদাসীন ভকতলৈ আৰ্থিক সাহায্যৰ আঁচনিলৈ আমি প্ৰয়াস কৰিছোঁ গুৰুজনাপ্ৰদত্ত অসম পৰিচায়ক সংস্কৃতিক সুৰক্ষিত কৰিবলৈ"।

3 / 5
লগতে লিখে,"লোকসেৱা ভৱনত আজি ৰাজ্যৰ স্বীকৃতিপ্ৰাপ্ত সত্ৰৰ ৬২০গৰাকী উদাসীন ভকতলৈ আৰ্থিক সাহায্য প্ৰদানৰ শুভাৰম্ভ কৰা হয়৷ সত্ৰ সংস্কৃতি ৰক্ষাৰ বাবে নিজৰ জীৱন সমৰ্পণ কৰা পৰম শ্ৰদ্ধাৰ উদাসীন ভকতসকলে আধ্যাত্মিক, সাংস্কৃতিক আৰু সামাজিক প্ৰতিটো ক্ষেত্ৰতে অৱদানেৰে আমাক ঋণী কৰি আহিছে৷ এয়া সেই মহৎ অৱদানক স্বীকৃতি তথা তেখেতসকলৰ কল্যাণ সুনিশ্চিত কৰাৰ যৎকিঞ্চিৎ প্ৰয়াস মাথোঁ"৷

4 / 5
উল্লেখ্য যে, চৰকাৰে বিভিন্ন সময়ত বহু আঁচনি ৰূপায়ণ কৰি আহিছে। তাৰ মাজতে আজিৰ পৰা প্ৰৱৰ্তন হোৱা এই আঁচনি অন্যতম। শৰ্মাই কয় যে, এই আঁচনিয়ে ভকতসকলক প্ৰতিমাহে কিছু পৰিমাণে হ'লেও আৰ্থিক সকাহ প্ৰদান কৰিব।

5 / 5