শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ৰাজ্যজুৰি দৌলোৎসৱৰ উচাহ, কিন্তু বৰষুণে ম্লান পেলাব নেকি আনন্দ?

আজি সমগ্ৰ দেশে উদযাপন কৰিব ৰঙৰ উৎসৱ ফাকুৱা। লোকাৰণ্য হৈ পৰিছে ৰাজ্যৰ সত্ৰসমূহ। আধ্যাত্মিক পৰিৱেশৰ মাজেৰে বৰপেটা, মাজুলীত চাৰিদিনীয়াকৈ অনুষ্ঠিত দৌলোৎসৱ। কিন্তু হোলীৰ পুৱাই বৰষুণ অহাৰ লগে লগে চিন্তাত পৰিছে সকলো।

barasha-misra
Barasha Misra | Updated On: 14 Mar 2025 11:31 AM
ৰঙৰ আবিৰ সানি ফাগুনী বাটেৰে আহিল ফাকুৱা। আজি ৰাজ্যজুৰি পালন কৰা হৈছে ৰঙৰ উৎসৱ। হোলী গীতৰ ধ্বনি আৰু কৃষ্ণ বন্দনাৰে মুখৰ ভিন্ন প্ৰান্ত। 

1 / 5
এই দিনটো সমগ্ৰ দেশে উদযাপন কৰিব ৰঙৰ উৎসৱ ফাকুৱা। লোকাৰণ্য হৈ পৰিছে 
ৰাজ্যৰ সত্ৰসমূহ। আধ্যাত্মিক পৰিৱেশৰ মাজেৰে বৰপেটা, মাজুলীত চাৰিদিনীয়াকৈ অনুষ্ঠিত দৌলোৎসৱ।

এই দিনটো সমগ্ৰ দেশে উদযাপন কৰিব ৰঙৰ উৎসৱ ফাকুৱা। লোকাৰণ্য হৈ পৰিছে ৰাজ্যৰ সত্ৰসমূহ। আধ্যাত্মিক পৰিৱেশৰ মাজেৰে বৰপেটা, মাজুলীত চাৰিদিনীয়াকৈ অনুষ্ঠিত দৌলোৎসৱ।

2 / 5
ইফালে মহানগৰীতো হোলীক লৈ ব্যাপক প্ৰস্তুতি। গুৱাহাটীৰ ফাঁচীবজাৰত ৰেইন ডান্সৰ পৰিৱৰ্তে এইবাৰ হ’ব ৰং ডান্স। কিন্তু পুৱা গুৱাহাটীত অহা এজাক বৰষুণে যেন সকলোকে চিন্তাত পেলাইছে।

3 / 5
ফাকুৱাক লৈ ৰাজ্যজুৰি ব্যাপক আয়োজনৰ মাজতে বতৰ বিজ্ঞানে দিছে বতৰৰ বতৰা। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে হাইলাকান্দিত বৰষুণৰ লগতে আহিছে শিলাবৃষ্টি।

4 / 5
বতৰ বিজ্ঞানৰ তথ্যনুসৰি, ৰাজ্যৰ কেইবাখনো জিলাত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। কামৰূপ, হাইলাকান্দি, কামৰূপ(মহানগৰ), গোলাঘাটকে ধৰি ৰাজ্যৰ কেইবাখনো জিলাত বৰষুণ হৈছে। ১৫ মাৰ্চলৈ অসম, মেঘালয়, ত্ৰিপুৰা, মিজোৰাম আৰু নাগালেণ্ডত বৰষুণ হোৱাৰ আশংকা।

5 / 5