শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Assamese Movie Rudra: ভাইমন দা ভালদৰে চলিছে, ৰুদ্ৰ দেৰিকৈ আহিব…

আপুনিও জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাৰ নতুন ছবি 'ৰুদ্ৰ' চাম বুলি ভাবি আছে নেকি? তাৰ পূৰ্বে জানক বহু প্ৰত্যাশিত ছবিখনৰ মুক্তিৰ তাৰিখটো...

barasha-misra
Barasha Misra | Updated On: 03 Jun 2025 18:39 PM
‘শ্ৰী ৰঘুপতি’ৰ সফলতাৰ পাছত এইবাৰ ছবিগৃহলৈ আহি আছে অভিনেতা ৰবি শৰ্মাৰ নতুন ছবি  'ৰুদ্ৰ'। শ্যাম প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ কৰা এই ছবিখন পৰিচালনা কৰিছে ৰূপক গগৈয়ে ।

1 / 5
অসমবাসীয়ে অধীৰ আগ্ৰহেৰে ৰৈ আছে ৰবি শৰ্মাৰ অভিনীত ‘ৰুদ্ৰ’ চাবলৈ। কিন্তু এই ছবিখনৰ মুক্তিৰ পূৰ্বে ডাঙৰ সিদ্ধান্ত ল’লে টীম ‘ৰুদ্ৰ’ই। আজি সংবাদমেলযোগে টীমে লোৱা সিদ্ধান্ত ৰাজহুৱা কৰিলে।

2 / 5
অৱশেষত পিছুৱাই দিয়া হ’ল অহা ৬ জুনত ৰাইজৰ মাজলৈ আগবঢ়াই দিব বিচৰা ছবিখনৰ মুক্তিৰ তাৰিখ। যিহেতু ছবিগৃহত বৰ্তমান আন এখন অসমীয়া চলচ্চিত্ৰ 'ভাইমন দা' সগৌৰৱেৰে চিত্ৰগৃহত চলি আছে। সেয়ে টীম 'ৰুদ্ৰ'ই মুক্তিৰ তাৰিখ পিছুৱাই অহা ২৭ জুনলৈ লৈ যোৱাৰ সিদ্ধান্ত লৈছে।

3 / 5
সংবাদমেলত জনোৱা মতে, এই সিদ্ধান্ত অসমীয়া চলচ্চিত্ৰৰ অন্যতম শ্ৰেষ্ঠ সাধক মুনিন বৰুৱাৰ (ভাইমন দা) প্ৰতি গভীৰ শ্ৰদ্ধা আৰু অসমীয়া চলচ্চিত্ৰ জগতখনৰ সামগ্ৰিক বিকাশৰ বাবে কৰা চিন্তাৰ আন্তৰিক প্ৰতিফলন। তেওঁলোকে আশা কৰে চলচ্চিত্ৰপ্ৰেমীসকলে আগৰ দৰেই সহায় সহযোগেৰে অহা ২৭ জুনত 'ৰুদ্ৰ'ক আদৰিবলৈ চিত্ৰগৃহলৈ যাব।

4 / 5
আজি সংবাদমেলত 'ৰুদ্ৰ'ৰ টীমৰ সদস্যৰ লগতে, ভাইমন দা বোলছবিখনৰ পৰিয়াল বৰ্গৰ হৈ প্ৰযোজক তথা জিল ক্ৰিয়েচনছৰ স্বত্বাধিকাৰী শ্যামন্তক গৌতম, পৰিচালক শশাংক সমীৰ উপস্থিত থাকে। 'ৰুদ্ৰ'ৰ শুভমুক্তিৰ নতুন তাৰিখ ২৭ জুন ঘোষণা কৰাৰ পিছত চিনেমাখনক লৈ খুবেই আশাবাদী বুলি মন্তব্য কৰে কাৰ্যবাহী প্ৰযোজক হৃষীকেশ ভট্টাচাৰ্যই।

5 / 5