শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Gautam Gambhir: কামাখ্যা মন্দিৰত গৌতম গম্ভীৰ, বৰ্ষাপাৰাৰ টেষ্টৰ পূৰ্বে ল’লে মাৰ আশীৰ্বাদ…

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ পূৰ্বে বৃহস্পতিবাৰে পুৱা কামাখ্যা মন্দিৰ দৰ্শন কৰে গৌতম গম্ভীৰে। মাৰ চৰণত বিশেষ পূজা-অৰ্চনা আগবঢ়াই ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষকগৰাকীয়ে।

trishna-kalita
Trishna Kalita | Updated On: 20 Nov 2025 12:49 PM
২২ নৱেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ'ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ দ্বিতীয়খন টেষ্ট।  ACA ষ্টেডিয়ামত হ'বলগীয়া Test Matchৰ বাবে বুধবাৰে গৌতম গম্ভীৰসহ গুৱাহাটীত উপস্থিত হৈছে ভাৰতীয় দল।  দলটোত আছে অধিনায়ক শুভমন গিল, তাৰকা বেটছমেন ঋষভ পণ্টকে ধৰি আন খেলুৱৈসকল।

1 / 5
বুধবাৰে বিমান বন্দৰৰ পৰা পোনে পোনে ৰেডিচন ব্লু হোটেললৈ ৰাওনা হয় খেলুৱৈসকল। নিশাটো তাতে কটাই আজি মা কামাখ্যাক দৰ্শন কৰে ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰে। কটকটীয়া নিৰাপত্তাৰ মাজেৰে কামাখ্যা মন্দিৰত উপস্থিত হয় গম্ভীৰ।

2 / 5
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ পূৰ্বে বৃহস্পতিবাৰে পুৱা কামাখ্যা মন্দিৰ দৰ্শন কৰে গৌতম গম্ভীৰে।  মাৰ চৰণত বিশেষ পূজা-অৰ্চনা আগবঢ়াই মুখ্য প্ৰশিক্ষকগৰাকীয়ে। উল্লেখ্য যে, প্রথমবাৰলৈ গুৱাহাটীত অনুষ্ঠিত হ’ব টেষ্ট মেচ।

3 / 5
অনাগত শৃংখলাত ভাৰতীয় দলে যাতে ভাল প্ৰদৰ্শন দাঙি ধৰে তাৰে কামনাৰে মাক দৰ্শন কৰে  গম্ভীৰে। ইয়াৰ পূৰ্বেও কামাখ্যা মন্দিৰলৈ আহিছিল গম্ভীৰ।

4 / 5
গৌতম গম্ভীৰক এবাৰ ওচৰৰ পৰা চাবলৈ কামাখ্যাধামত ভিৰ কৰে অগণন অনুৰাগীয়ে। ইতিমধ্যে 'ৰেডিচন ব্লু'ত উপস্থিত দক্ষিণ আফ্রিকাৰ টেষ্ট ক্ৰিকেট দলৰ খেলুৱৈসকল। হোটেল কৰ্তৃপক্ষই উষ্ম আদৰণি জনাই দলটোক। বৃহস্পতিবাৰৰ পৰা দুয়োটা দলৰ খেলুৱৈ নেট অনুশীলন কৰিব বৰ্ষাপাৰা ষ্টেডিয়ামত ৷

5 / 5