উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ পূৰ্বে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে টাই আহোমৰ সংগঠনটোৱে। ইফালে দীৰ্ঘদিনৰ পৰা টাই আহোমকে ধৰি ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবী উত্থাপন হৈ আহিছে। শেহতীয়াকৈ মুখ্যমন্ত্ৰীয়ে নৱেম্বৰত অসম বিধানসভাত এই বিষয়টো উত্থাপন তথা আলোচনা কৰাৰ কথা সদৰী কৰিছে।
মৰাণৰ ৰাজপথত সমদল কৰা সময়ত "বিজেপি গ'বেক", "নৰেন্দ্ৰ মোডী গ' বে", "জনজাতিকৰণ কৰিব লাগিবই" আদি শ্লোগান দিয়ে টাইপা আৰু টাই আহোম জনগোষ্ঠীৰ প্ৰতিনিধিয়ে।
এই প্ৰতিবাদী কাৰ্যসূচীত শতাধিক টাইপা আৰু টাই আহোম জনগোষ্ঠীৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। জনজাতিকৰণৰ দাবীত ৰূপায়ন কৰা এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিভিন্ন শ্লোগানেৰে উত্তাল কৰে প্ৰতিবাদকাৰীয়ে।
অভিযোগ অনুসৰি, যদিও সংগঠনটোৱে জোঁৰ সমদলৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল তথাপি জোঁৰ জ্বলোৱাত বাধা দিয়ে আৰক্ষীয়ে। ফলত মোবাইলৰ ফ্লাছ লাইট জ্বলাই সমদল কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে সংগঠনটোৱে।
জনজাতিকৰণৰ দাবীত মৰাণত টাই আহোম যুৱ পৰিষদৰ জোঁৰ সমদল। শুকুৰবাৰে সন্ধিয়া সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত ৰূপায়ন কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী। টাইপাৰ মৰাণ মহকুমা সমীতিৰ উদ্যোগত উলিওৱা হয় জোঁৰ সমদল।