জীৱনৰ ৫২তম বসন্ত গচকিলে দাদাইঃ ক্ৰিকেট ইতিহাসত এতিয়াও অক্ষত গাংগুলীৰ এইসমূহ ৰেকৰ্ড
ভাৰতীয় ক্ৰিকেট ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ, অধিনায়ক তথা ‘প্ৰিন্স অৱ কলকাতা’ খ্যাত ‘দাদা‘ সৌৰভ গাংগুলীৰ আজি ৫২ তম জন্মদিন। ‘দাদা’ৰ জন্মদিনত ক্ৰিকেট বিশ্বৰ বহু ৰথী-মহাৰথীৰ লগতে অনুৰাগীয়ে জনাইছে শুভেচ্ছা। ভাৰতীয় ক্ৰিকেটৰ নৱ উত্থানৰ খনিকৰ গাংগুলীয়ে জাতীয় দলক ১১৩খন টেষ্ট, ৩০০খন এদিনীয়াত প্ৰতিনিধিত্ব কৰিছে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সংগ্ৰহ কৰিছে ১৮৫৭৫ ৰাণ। লৰ্ডছৰ পেভিলিয়নত নেটৱেষ্ট ট্ৰফী জয়ৰ পিছত জাৰ্চি খুলি কৰা গাংগুলীৰ বিজয় উদযাপনৰ সেই ঐতিহাসিক দৃশ্য আজিও যেন চকুত ভাঁহি আহে ভাৰতীয় ক্ৰিকেটপ্ৰেমীৰ। বিদেশৰ মাটিত ভাৰতৰ জয়ৰ ধাৰা ৰচনাৰ পৰা ক্ৰিকেট জগতৰ অন্যতম সৰ্বশ্ৰেষ্ঠ অধিনায়কৰ লগতে কেৰিয়াৰত বহু অনন্য কৃতিত্ব ৰচা কৰিছে গাংগুলীয়ে। প্ৰাক্তন তাৰকাগৰাকীৰ নামত এতিয়াও অক্ষত আছে এনে আঠটা ৰেকৰ্ড....

1 / 8

2 / 8

3 / 8

4 / 8

5 / 8

6 / 8

7 / 8

8 / 8