শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Shraddhanjali scheme: আজিৰ পৰা আৰম্ভ ‘শ্ৰদ্ধাঞ্জলি আঁচনি’: জানক ইয়াৰ বিষয়ে সকলো…

Shraddhanjali scheme: আজিৰ পৰা আৰম্ভ শ্রদ্ধাঞ্জলি আঁচনি। ৰাজ্য চৰকাৰৰ এই আঁচনিৰ অধীনত শিক্ষা অথবা কর্মসুত্রে ৰাজ্যৰ বাহিৰত থকা কোনো অসমৰ লোকৰ মৃত্যু হ'লে সন্মান সহকাৰে চৰকাৰে মৃতদেহ ঘূৰাই অনাৰ ব্যৱস্থা কৰিব।

barasha-sarma
Barasha Sarma | Updated On: 06 Oct 2025 15:43 PM
আজি ৬ অক্টোবৰ, ২০২৫ চনৰ পৰা আৰম্ভ হ'ল ৰাজ্য চৰকাৰৰ শ্ৰদ্ধাঞ্জলি আঁচনি। ২২ জুন, ২০২৫ত অসম চৰকাৰে এই বিশেষ আঁচনিখনত অনুমোদন জনাইছিল। তাৰ পাছতে আজি কেবিনেটযোগে এই আঁচনিৰ আৰম্ভ হোৱা বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

1 / 5
'শ্ৰদ্ধাঞ্জলি আঁচনি'ৰ অধীনত ভাৰতৰ যিকোনো ৰাজ্যত অসম সন্তানৰ মৃত্যু হ'লে মৃতদেহ সন্মানজনক আৰু অসুবিধামুক্ত পৰিবহন নিশ্চিতকৰণ কৰা হ'ব। অসম চৰকাৰে মৃত্যুৰ প্ৰতিবেদন লাভ কৰি আৰু সত্যাসত্য নিৰূপন কৰাৰ পাছত মৃতকক অন্তিম সংস্কাৰৰ বাবে অসমলৈ ঘূৰাই অনাৰ বাবে সকলো ধৰণ লজিষ্টিকেল আৰু অন্যান্য আনুষ্ঠানিক নিশ্চিত কৰিব।

2 / 5
ইয়াৰ বাবে ৰাজ্য চৰকাৰে ফোন নম্বৰ মুকলি কৰিছে। নম্বৰ কেইটা- ৯১৮১০-১৪৮৮৮, ০৩৬১-২৩৮১৫১১ আৰু ১১২। ইয়াৰ বাবে Sewasetu.assam.gov.in তো আবেদন কৰিব পাৰিব। এই আঁচনিৰ অধীনত চৰকাৰে অসমৰ যুৱক-যুৱতীৰ বহিঃ ৰাজ্যত হত্যা, দুর্ঘটনা আদিৰ দৰে বিশেষ পৰিস্থিতিত মৃত্যু হ’লে তেওঁলোকৰ মৃতদেহ সন্মান সহকাৰে অসম চৰকাৰে নিজা ব্যয়ত আনিব।

3 / 5
অৱশ্যে ৰাজ্যৰ বাহিৰত চিকিৎসাধীন অৱস্থাত মৃত্যু হোৱা ব্যক্তিক এই আঁচনিয়ে সামৰি নলয়। অসম আৰক্ষীৰ বিশেষ শাখাই এই ক্ষেত্ৰত ন’ডেল প্রতিষ্ঠান হিচাপে কাম কৰিব আৰু ডি আই জি পৰ্যায়ৰ আৰক্ষী বিষয়া এগৰাকী ন’ডেল বিষয়া হিচাপে নিযুক্ত হ’ব। যিয়ে সকলো চোৱাচিতা কৰিব।  এই পদক্ষেপে আৰ্থিকভাৱে পিছপৰা পৰিয়ালসমূহক যথেষ্ঠ সকাহ দিব। কিয়নো বহু সময়ত টকা-পইচাৰ অভাৱৰ বাবে কিছুমানে আত্মীয়ৰ মৃতদেহ ঘূৰাই আনিব পাৰে।

4 / 5
এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত লিখে যে-"আজি আমি শ্রদ্ধাঞ্জলি আঁচনি আৰম্ভ কৰিছোঁ। ইয়াৰ অধীনত শিক্ষা অথবা কর্মসুত্রে ৰাজ্যৰ বাহিৰত থকা কোনো অসম সন্তানৰ দুৰ্ভাগ্যজনক মৃত্যু হ'লে ৰাজ্য চৰকাৰে উল্লেখ কৰা হেল্পলাইনত অভিযোগ প্ৰাপ্ত কৰাৰ পাছত মৃতকক সন্মানজনকভাৱে অসমলৈ ঘূৰাই অনাটো নিশ্চিত কৰিব"।

5 / 5