পিতৃৰ চকী দেখা পাই ভাবুক হৈ পৰিল শচীন তেণ্ডুলকাৰঃ সামাজিক মাধ্যমত আৱেগিক পোষ্ট
ভদ্ৰলোকৰ খেল ক্ৰিকেট। ২২ গজৰ এই জগতখনত নিজৰ অবিস্মৰণীয় প্ৰদৰ্শনেৰে ‘ক্ৰিকেটৰ ভগৱান’ হিচাপে খ্যাতি অৰ্জনৰ সমান্তৰালভাৱে খেলুৱৈসুলভ আচৰণেৰে এক চিৰ চানেকি ৰাখি গৈছে শচীন তেণ্ডুলকাৰে। পিতৃৰ মৃত্যু বাৰ্ষিকী উপলক্ষে মুম্বাইৰ এটা সংগ্ৰহালয় দৰ্শন কৰে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে। এই সংগ্ৰহালয়টোত শচীনৰ পিতৃ ৰমেশ তেণ্ডুলকাৰৰ সকলো সামগ্ৰী সুৰক্ষিতভাৱে ৰখা হৈছে। আজি সংগ্ৰহালয়টো দৰ্শনৰ সময়ত পিতৃৰ পুৰণি চকীখন দেখি আৱেগিক হৈ পৰিল শচীন। কেইখনমান ছবি পোষ্ট কৰি তেওঁ পিতৃৰ স্মৰণত এক আৱেগিক বাৰ্তা লিখিছে।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5