শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

অষ্ট্ৰেলিয়ান ভূমিত আজি অন্তিম মেচত নামিব ‘ৰোকো’, এনে প্ৰদৰ্শনেৰে কেংগাৰু আক্ৰমণক কৰিছিল প্ৰতিৰোধ

ভাৰতীয় দলৰ দুই অভিজ্ঞ তাৰকা বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ ভৱিষ্যতক লৈ ধাৰাবাহিকভাৱে চলি আছে আলোচনা। তাৰ মাজতে আজি দুয়োগৰাকী তাৰকাই অষ্ট্ৰেলিয়াৰ মাটিত অন্তিমখন আন্তঃৰাষ্ট্ৰীয় মেচ খেলিবলৈ সাজু হৈছে। এক কথাত এয়া প্ৰায় স্পষ্ট হৈ পৰিছে।

monjit-dutta
Monjit Dutta | Updated On: 25 Oct 2025 07:34 AM
বহু প্ৰতীক্ষা তথা প্ৰত্যাশাৰ অন্তত আৰম্ভ হোৱা ভাৰত-অষ্ট্ৰেলিয়াৰ এদিনীয়া শৃংখলা আজি অন্ত পৰিব। আজি ছিডনীত অনুষ্ঠিত হ’ব শৃংখলাৰ তৃতীয় তথা অন্তিমখন মেচ। ইয়াৰ লগে লগে ভাৰতীয় দলৰ মেৰুদণ্ড স্বৰূপ দুই তাৰকা খেলুৱৈ বিৰাট কোহলী আৰু ৰোহিত শৰ্মাই অন্তিমবাৰৰ বাবে অষ্ট্ৰেলিয়াৰ মাটিত নামিব খেলপথাৰত।

1 / 5
অৱসৰৰ জল্পনা-কল্পনাৰ মাজতে বিৰাট আৰু ৰোহিতে সুদীৰ্ঘ প্ৰায় ৭ মাহৰ পিছত অষ্ট্ৰেলিয়াৰ বিপক্ষে এই এদিনীয়া শৃংখলাত প্ৰত্যাৱৰ্তন কৰে। সেয়ে অনুৰাগীয়ে যথেষ্ট আশাৰে এই শৃংখলালৈ অপেক্ষা কৰিছিল। অৱশ্যে এই দুয়োগৰাকী তাৰকাৰ প্ৰত্যাৱৰ্তন সুখকৰ নাছিল, ক্ৰীজত সন্মুখীন হৈছিল সংকটৰ।

2 / 5
বিশেষকৈ বিৰাট কোহলী দুয়োখন মেচতে চূড়ান্তৰূপে ব্যৰ্থ হয়। এখনো মেচত কোনো ৰান নকৰাকৈয় ক্ৰীজ এৰে কোহলীয়ে। আনহাতে প্ৰথম মেচত ব্যৰ্থ হৈ মাত্ৰ ৮ ৰানত ক্ৰীজ এৰিছিল যদিও দ্বিতীয় মেচত অৱশ্যে ছন্দলৈ উভতে ৰোহিত। এডিলেইডত অনুষ্ঠিত দ্বিতীয়খন এদিনীয়াত ৰোহিতে খেলে ৭৩ ৰানৰ এক ইনিংছ।

3 / 5
অষ্ট্ৰেলিয়াৰ মাটিত আজি দুয়োৰে অন্তিমখন মেচৰ পূৰ্বে অষ্ট্ৰেলিয়াত তেওঁলোকৰ অভিলেখ যথেষ্ট উল্লেখযোগ্য। ৰোহিত শৰ্মাই অষ্ট্ৰেলিয়াত ৬৪খন আন্তঃৰাষ্ট্ৰীয় ইনিংছত ৫টা শতক আৰু ১১টা অৰ্ধশতককে ধৰি ৩৭ গড়ে  ২১৪৫ ৰান সংগ্ৰহ কৰিছে। কেৱল এদিনীয়াত ৰোহিতে ৩২খন মেচত ৫২ গড়ে ১৪০৯ ৰান সংগ্ৰহ কৰিছে।

4 / 5
ইফালে কোহলীয়ে তিনিওটা ফৰ্মেটতে ৮১টা ইনিংছত ৫১ গড়ে ১২টা শতক আৰু ১৯টা অৰ্ধশতকৰ সহায়ত ৩৬১৬ ৰান সংগ্ৰহ কৰিছে। কেৱল এদিনীয়াত কোহলীয়ে অষ্ট্ৰেলিয়াৰ মাটিত ৩১খন মেচত ৪৭ গড়ে ১৩২৭ ৰান সংগ্ৰহ কৰিছে। আজি অন্তিমখন মেচত দুয়োৰে উন্নত প্ৰদৰ্শনৰ আশা কৰিছে অনুৰাগীয়ে।

5 / 5