শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

দেহত আঘাতৰ পিছতো অপ্ৰতিৰোধ্য পণ্টঃ মানচেষ্টাৰত কৰি দেখুৱালে শচীন-ধোনীয়ে কৰিব নোৱাৰা কাম

মানচেষ্টাৰ টেষ্টৰ প্ৰথম দিনা ভৰিত আঘাতৰ বাবে খেলপথাৰ এৰিছিল পণ্টে। কিন্তু এই আঘাত সত্বেও পণ্টে আজি পুনৰ বেটিং কৰি অৰ্ধশতক অৰ্জন কৰে। এইদৰে পণ্টে কেইবাটাও অভিলেখ ৰচে।

monjit-dutta
Monjit Dutta | Published: 25 Jul 2025 00:00 AM
ভৰিত পোৱা আঘাতৰ বাবে চলিত মানচেষ্টাৰ টেষ্টৰ প্ৰথম দিনা ঋষভ পণ্টে ব্যক্তিগত ৩৭ ৰানৰ স্ক’ৰত খেলপথাৰ ত্যাগ কৰিছিল। কিন্তু আজি দ্বিতীয় দিনা দলৰ প্ৰয়োজনৰ সময়ত পণ্টে পুনৰ বেটিং কৰিবলৈ ক্ৰীজলৈ আহে আৰু এক দৰ্শনীয় অৰ্ধশতকীয় ইনিংছ খেলে। এই ইনিংছটোৰ সময়ত পণ্টে কেইবাটাও ঈৰ্ষণীয় অভিলেখ ৰচে।

1 / 5
পণ্টে আজি ভৰিৰ আঘাতৰ পিছতো ৭৫টা বলত ৫৪ ৰানৰে এক গুৰুত্বপূৰ্ণ ইনিংছ খেলে। শৃংখলাত দৰ্শনীয় প্ৰদৰ্শন অব্যাহত ৰাখি পণ্টে কেৱল অৰ্ধশতক অৰ্জন কৰাই নহয়, এক নতুন অভিলেখ গঢ়ি টেষ্ট ক্ৰিকেটত ভাৰতৰ হৈ সৰ্বাধিক ছয় কোবোৱা বেটাৰৰ ক্ষেত্ৰত এতিয়া তাৰকাগৰাকী শীৰ্ষস্থানত উপনীত হৈছে।

2 / 5
এই ইনিংছটোত পণ্টে দুটা ছয় কোবায়। এইদৰে পণ্টে টেষ্ট কেৰিয়াৰত কোবোৱা ছয়ৰ সংখ্যা ৯০টালৈ বৃদ্ধি কৰে। লগে লগে পণ্টে ছয়ৰ ক্ষেত্ৰত প্ৰাক্তন তাৰকা বীৰেন্দৰ ছেহৱাগক স্পৰ্শ কৰে। অৱশ্যে ছেহৱাগে ইতিপূৰ্বেই অৱসৰ লোৱাৰ সূত্ৰে পণ্ট এতিয়া ভাৰতৰ হৈ টেষ্টত সৰ্বাধিক ছয়ৰ অভিলেখৰ অধিকাৰী হৈছে।

3 / 5
কেৱল এয়াই নহয়, পন্ত এতিয়া বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ইতিহাসত সৰ্বাধিক ৰান সংগ্ৰহকাৰী ভাৰতীয় ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছে। আঘাতৰ পিছতো খেলি থকা অৱস্থাত পণ্টে আজি ১৫ ৰান সম্পূৰ্ণ কৰাৰ লগে লগে ৰোহিত শৰ্মা (২৭১৬)ক অতিক্ৰম কৰি এই অভিলেখৰ অধিকাৰী হয়। এইপৰ্যন্ত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত পণ্টে সংগ্ৰহ কৰিছে নামত ২৭৩১ ৰান আছে।

4 / 5
তাৰকা উইকেটকীপাৰগৰাকীয়ে লগতে ইংলেণ্ডৰ মাটিত অনুষ্ঠিত এটা টেষ্ট শৃংখলাত সৰ্বাধিক ৰান সংগ্ৰহকাৰী উইকেটকীপাৰ বেটাৰ হিচাপেও অভিলেখ ৰচিছে। এইক্ষেত্ৰত তেওঁ ইংলেণ্ডৰ এলেক ষ্টুৱাৰ্টৰ নামত থকা ২৭ বৰ্ষৰ পুৰণি অভিলেখ ভংগ কৰে। এইপৰ্যন্ত চলিত শৃংখলাটোত পণ্টে সংগ্ৰহ কৰিছে ৪৭৯ ৰান। ষ্টুৱাৰ্টে ১৯৯৮ চনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৪৬৫ ৰান সংগ্ৰহ কৰিছিল।

5 / 5