শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ৰীমা দাসৰ আন এক সাফল্য! ‘ভিলেজ ৰকষ্টাৰ্ছ ২’লৈ সন্মানীয় Kim Jiseok বঁটা

চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাসৰ আন এক সাফল্য। বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ‘ভিলেজ ৰকষ্টাৰ্ছ ২’লৈ সন্মানীয় Kim Jiseok বঁটা।একমাত্ৰ ভাৰতীয় ফিচাৰ ফিল্ম হিচাপে ২৯সংখ্যক বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ‘শ্ৰেষ্ঠ ছবি’ৰ শিতানত ‘Village Rockstars 2’এ লাভ কৰিছে এই বঁটা।

trishna-kalita
Trishna Kalita | Published: 11 Oct 2024 21:35 PM
এইবাৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাসৰ দ্বাৰা পৰিচালিত আৰু প্ৰযোজিত ‘ভিলেজ ৰকষ্টাৰ্ছ ২’(Village Rockstars 2)-এ।  একমাত্ৰ ভাৰতীয় ফিচাৰ ফিল্ম হিচাপে ২৯সংখ্যক বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ‘শ্ৰেষ্ঠ ছবি’ৰ শিতানত ‘Village Rockstars 2’এ লাভ কৰিছে ‘কিম জিচিঅ’ক বঁটা’।

1 / 5
এই বঁটা লাভ কৰি ৰোমাঞ্চিত হৈ কাহিনীকাৰ-পৰিচালক-প্ৰযোজক ৰীমা দাসে কয়, ‘এছিয়ান চিনেমাৰ বিকাশৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰা এগৰাকী মহান অভিনয়শিল্পীৰ সন্মানত প্ৰদান কৰা কিম জিচিঅ’ক বঁটা লাভ কৰাটো সঁচাকৈয়ে আমাৰ বাবে পৰম সৌভাগ্যৰ কথা।’

2 / 5
ক্রিষ্টিয়ান জেউনে, প্রসন্ন ভিথানেজে আৰু শ্বিন ছুৱনকে ধৰি জিচিঅ’ক জুৰীয়ে ‘ভিলেজ ৰকষ্টাৰ্ছ ২’ক দৈনন্দিন জীৱনৰ সৰল কাব্যিক প্রকাশ হিচাপে অভিহিত কৰিছে।  তেওঁলোকে কয়, ‘এই চিনেমাখনে এগৰাকী কণমানি ছোৱালীৰ সংগ্রাম আৰু তেওঁৰ দৃষ্টিভংগীৰ মাজেৰে প্রকৃতি আৰু মানৱজাতিৰ মাজৰ সমন্বয়ক প্ৰতিফলিত কৰিছে।’

3 / 5
ছবিখনত অভিনয় কৰিছে ভনিতা দাস, বাসন্তী দাস, জুনুমণি বড়ো, বলোৰাম দাস, মানবেন্দ্ৰ দাসকে ধৰি কেইবাগৰাকীও অভিনয়-অভিনেত্ৰীয়ে।

4 / 5
ইয়াৰ উপৰিও MAMI মুম্বাই চলচ্চিত্ৰ মহোৎসৱ ২০২৪তো ভাৰতীয় প্ৰিমিয়াৰ হ’ব ‘ভিলেজ ৰকষ্টাৰ্ছ ২’ৰ। ১৯ অক্টোবৰৰ পৰা ২৪ অক্টোবৰলৈ অনুষ্ঠিত হ’ব এই মহোৎসৱ।

5 / 5