শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

গৰমে দহিছে ৰাজ্য! কামৰূপ (ম) জিলাৰ বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সলনি…

প্ৰচণ্ড গৰমে দহিছে ৰাজ্য। গুৱাহাটীৰ লগতে ৰাজ্যৰ কেইবাখনো জিলাত আজি তাপমাত্ৰা ৩৫ ডিগ্ৰী পাৰ কৰে। এনে অৱস্থাত শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে জিলা আয়ুক্তসকলক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে।

barasha-sarma
Barasha Sarma | Updated On: 10 Jun 2025 17:29 PM
প্ৰচণ্ড গৰমে দহিছে ৰাজ্য। নেৰানেপেৰা বৰষুণৰ পাছত এইবাৰ ৰ'দে জলা-কলা খুৱাইছে জনতাক। আজিৰ দিনটোত গুৱাহাটীত তাপমাত্ৰ ৩৬ ডিগ্ৰী পৰ্যন্ত হয়গৈ। ইয়াৰোপৰি আন জিলাসমূহতো গৰমে ৩৫ ৰ পৰ ৩৬ ডিগ্ৰী পাৰ কৰিছে।

1 / 5
গৰমৰ প্ৰতি লক্ষ্য ৰাখি পাঠদানৰ বাবে সময়সূচী আগুৱাবলৈ নিৰ্দেশ শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ। ৰাজ্যৰ সকলো জিলা আয়ুক্তলৈ নিৰ্দেশ শিক্ষামন্ত্ৰীগৰাকীৰ।প্ৰতিখন জিলাৰ স্থানীয় বতৰ অনুযায়ী বিদ্যালয়ৰ সময়সূচী সালসলনি কৰাৰ নিৰ্দেশ।

2 / 5
এই সন্দৰ্ভত সামাজিক মাধ্যমত পেগুয়ে লিখে যে- বতৰ বিজ্ঞান বিভাগে জাৰি কৰা গ্ৰীষ্ণ প্ৰবাহৰ সতৰ্কবাণীৰ পৰিপ্ৰেক্ষিতত সকলো জিলা উপায়ুক্তক সজাগ হৈ থাকিবলৈ আৰু স্থানীয় বতৰ অনুসৰি বিদ্যালয়ৰ সময়সীমা পুনৰ নিৰ্ধাৰণৰ বাবে নিজৰ প্ৰত্যয় কৰ্তৃত্ব প্ৰয়োগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।

3 / 5
ইতিমধ্যে কামৰূপ (ম)ত পাঠদানৰ সময় সলনি কৰা হৈছে। এলপি স্কুল পুৱা ৭.৩০ ৰা পৰা দিনৰ ১১.৩০ বজালৈ, এমই-এমভি পুৱা ৭.৩০ বজাৰ পৰা ১২ বজালৈ আৰু হাইস্কুল পুৱা ৭.৩০ ৰ পৰা ১২.৩০ বজালৈ। বুধবাৰৰ পৰা সোমবাৰলৈ  এই নিৰ্দেশনা। ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ বাবেও এই নিৰ্দেশনা।

4 / 5
ইয়াৰোপৰি কেইবাখনো জিলাৰ বিভাগীয় প্ৰশাসনে বিদ্যালয়ৰ পাঠদানৰ কাৰ্যসূচী সলনি কৰিছে। শ্ৰীভূমি, নগাঁও, যোৰহাট আদি জিলাত গৰমৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ নিৰ্দেশনা দিয়া হৈছে।

5 / 5