শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

বিশ্বজয়ত কৰিলে সহায়, তুলিলে ৰানৰ জোৱাৰ; তাৰ পিছতো বিজয়ৰ পদক নাপালে এইগৰাকী খেলুৱৈয়ে

আইচিচি মহিলা বিশ্বকাপ ২০২৫ত জয়ী সূত্ৰে বিশ্বকাপ ট্ৰফীৰ লগতে বৃহৎ পৰিমাণৰ পুৰস্কাৰৰ ধন লাভ কৰে। ইয়াৰ লগতে খেলুৱৈসকলক বিজয়ী পদকো প্ৰদান কৰা হয়। অৱশ্যে এই পদকৰ পৰা বঞ্চিত হয় এগৰাী খেলুৱৈ।

monjit-dutta
Monjit Dutta | Published: 04 Nov 2025 17:24 PM
আইচিচি মহিলা বিশ্বকাপ ২০২৫ৰ ফাইনেলত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে চেম্পিয়ন হয় ভাৰতীয় মহিলা ক্ৰিকেট দলে। বিশ্বজয়ৰ সূত্ৰে ভাৰতীয় দলে বিশ্বকাপ ট্ৰফীৰ লগতে বৃহৎ পৰিমাণৰ পুৰস্কাৰৰ ধন লাভ কৰে। ট্ৰফী প্ৰদানৰ পূৰ্বে খেলুৱৈসকলক পিন্ধোৱা হয় বিজয়ৰ পদক। পিছে দলৰ এগৰাকী খেলুৱৈয়ে নাপালে এই পদক।

1 / 5
ভাৰতীয় দলৰ সদস্য অপেনিং বেটাৰ প্ৰতীকা ৰাৱালে বিশ্বকাপত দাঙি ধৰিছিল উজ্জীৱিত প্ৰদৰ্শন। প্ৰতিযোগিতাত তেওঁ ভাৰতৰ হৈ দ্বিতীয় সৰ্বাধিক আৰু সামগ্ৰিকভাৱে চতুৰ্থ সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হয়। প্ৰতীকা ৰাৱালে এটাকৈ শতক আৰু অৰ্ধশতকৰ সহায়ত ৫১.৩৩ গড়ে ৩০৮ ৰান সংগ্ৰহ কৰি ভাৰতৰ নকআউট পৰ্যায়লৈ উন্নীত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

2 / 5
অৱশ্যে বঁটা প্ৰদান অনুষ্ঠানত তেওঁক বিজয়ী পদক প্ৰদান কৰা হোৱা নাছিল। প্ৰতীকা ৰাৱাল বিশ্বকাপত ভাৰতৰ মূল দলৰ অংশ আছিল। কিন্তু ছেমি ফাইনেলৰ পূৰ্বে আঘাতৰ বাবে তেওঁ প্ৰতিযোগিতাৰ পৰা বাহিৰ হয় আৰু তেওঁৰ স্থানত শ্বেফালী বাৰ্মাক দলত অন্তৰ্ভুক্ত কৰা হয়। আই চি চিৰ নিয়ম অনুসৰি বিজয়ী দলৰ ১৫ গৰাকী খেলুৱৈকহে পদক প্ৰদান কৰা হয়। এনে কাৰণতে প্ৰতীকা পদকৰ পৰা বঞ্চিত হয়।

3 / 5
আঘাতৰ বাবে প্ৰতীকা ৰাৱাল লীগ পৰ্যায়ৰ সমাপ্তিৰ সময়তে প্ৰতিযোগিতাৰ পৰা বাহিৰ হ’ব লগা হৈছিল যদিও দেওবাৰে অনুষ্ঠিত হোৱা ফাইনেলত দলক উৎসাহ যোগোৱাৰ উদ্দেশ্যে ষ্টেডিয়ামত উপস্থিত থাকে। খিতাপ জয়ৰ পিছত দলৰ সৈতে এই ঐতিহাসিক বিজয়ো উদযাপন কৰে প্ৰতীকাই। আনকি হুইল চেয়াৰৰ পৰা উঠি সতীৰ্থ খেলুৱৈৰ সৈতে আনন্দ উদযাপনো কৰে খেলুৱৈগৰাকীয়ে।

4 / 5
বিগত এটা বছৰ ধৰি ভাৰতৰ হৈ প্ৰতীকা ৰাৱালে ধাৰাবাহিকভাৱে উন্নত প্ৰদৰ্শন আগবঢ়াই আহিছে। এনে প্ৰদৰ্শনেৰে দলৰ এগৰাকী গুৰুত্বপূৰ্ণ খেলুৱৈ হিচাপে বিবেচিত হৈছে প্ৰতীকা। সদ্যসমাপ্ত বিশ্বকাপতো প্ৰতীকাই দলে দেখুওৱা আস্থাক শুদ্ধ প্ৰমাণিত কৰি শক্তিশালী প্ৰদৰ্শন আগবঢ়াইছিল। অৱশ্যে দুৰ্ভাগ্যৱশতঃ আধাতৰ বাবে প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছিল খেলুৱৈগৰাকী।

5 / 5