শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

মহানগৰীত শীতৰ নিশা উষ্ম কৰি তুলিলে পোষ্ট মেলনে, মঞ্চৰ পৰাই জুবিন গাৰ্গলৈ জনালে সন্মান

খানাপাৰাত যোৱা নিশা ইটোৰ পিছত সিটোকৈ গীত পৰিৱেশনেৰে শীতৰ সেমেকাক উষ্ম কৰি তুলিলে প্ৰসিদ্ধ প’পষ্টাৰ পোষ্ট মেলনে। অনুষ্ঠান পৰিৱেশনৰ মাজতে মেলনৰ মুখত শুনা গ’ল অসম তথা অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নাম। জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই তেওঁ কৰিলে বিশেষ মন্তব্য।

Monjit Dutta
Monjit Dutta | Updated On: 09 Dec 2025 07:28 AM
সোমবাৰে নিশা সুৰৰ মূৰ্চ্ছনাত আচ্ছন্ন হ’ল গুৱাহাটী মহানগৰী। আন্তৰাষ্ট্ৰী খ্যাতিসম্পন্ন প’পষ্টাৰ পোষ্ট মেলনৰ সংগীতৰ মায়াজালে যোৱা নিশা মহানগৰীত তুলিলে জোৱাৰ। ইটোৰ পিছত সিটোকৈ গীত পৰিৱেশনেৰে শীতৰ সেমেকাক উষ্ম কৰি তুলিলে প্ৰসিদ্ধ প’পষ্টাৰগৰাকীয়ে।

1 / 5
তাৰকা শিল্পীগৰাকীৰ সংগীতানুষ্ঠান উপভোগৰ বাবে খানাপাৰাৰ খেলপথাৰত ভিৰ কৰিছিল অসংখ্য অনুৰাগীয়ে। অসমৰ ভিন্ন প্ৰান্তৰ অনুৰাগীৰ লগতে দেশৰ আন ৰাজ্য তথা বিদেশৰ বহু অনুৰাগীয়েও খানাপাৰাত স্বচক্ষুৰে প্ৰত্যক্ষ কৰে প্ৰিয় শিল্পীগৰাকীৰ অনুষ্ঠান।

2 / 5
অনুৰাগীক নিৰাশ নকৰিলে পোষ্ট মেলনেও। নিজৰ সহশিল্পীৰ সৈতে কেইবাটাও জনপ্ৰিয় গীত পৰিৱেশন কৰি পোষ্ট মেলনে অনুষ্ঠানক প্ৰাণৱন্ত কৰি তোলে। তেওঁৰ গীতৰ তালে তালে নাচি উঠে উপস্থিত দৰ্শক। গানৰ লগতে তেওঁৰ এক বিশেষ কাৰ্যই বিশেষকৈ অসমৰ অনুৰাগীসকলৰ মন জয় কৰে।

3 / 5
অনুষ্ঠান পৰিৱেশনৰ মাজতে মেলনৰ মুখত শুনা গ’ল অসম তথা অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নাম। হিয়াৰ আমঠু যিগৰাকী শিল্পীৰ অকাল মৃত্যুৱে সমগ্ৰ ৰাজ্যক শোকাহত কৰি ৰাখিছে সেই শিল্পীগৰাকীক ‘মহান কিংবদন্তি শিল্পী’ আখ্যা দিয়ে পোষ্ট মেলনে।

4 / 5
কিংবদন্তি জুবিন গাৰ্গৰ জন্মভূমিত থাকি অভিভূত তথা নিজকে ধন্য বুলি উল্লেখ কৰে পোষ্ট মেলনে। তেওঁৰ এই বাক্যটিৰ লগে লগে অনুৰাগীৰ ধ্বনিৰে আন্দোলিত হৈ উঠে খানাপাৰা। আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পীগৰাকীৰ মুখত জুবিন গাৰ্গৰ প্ৰতি সন্মানে অনুৰাগীক মুগ্ধ কৰি তোলে।

5 / 5