শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

জনতাৰ দুৰ্ভোগ! সাঙীত তুলি চিকিৎসালয়লৈ নিয়া হৈছে ৰোগীক, এই দৃশ্যই আচৰিত কৰিব…

উন্নয়নৰ শ্লোগান আওৰাই থকা সময়তে কাৰ্বি আংলং পৰিষদীয় এলেকাত দেখিবলৈ পোৱা গৈছে এই ধৰণৰ উন্নয়নৰ ফোপোলা স্বৰূপ। ঠেলা বা চাইকেল নহয়, কাপোৰ আৰু বাঁহৰ সহায়ত কান্ধত ভাৰ বৈ ৰোগীক নিবলগীয়া হৈছে চিকিৎসালয়লৈ। এই দৃশ্যই অলপ সময়ৰ বাবেও আপোনাৰ চিন্তা-চেতনাক জোকাৰি যাব।

trishna-kalita
Trishna Kalita | Published: 10 Sep 2025 16:23 PM
স্বাধীনতা ৭৫ বছৰৰ পাছতো স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত সাধাৰণ লোক। ঠেলা বা চাইকেল নহয়, কাপোৰ আৰু বাঁহৰ সহায়ত কান্ধত ভাৰ বৈ ৰোগীক নিবলগীয়া হৈছে চিকিৎসালয়লৈ। এই পৰিস্থিতি সৃষ্টি হৈছে কাৰ্বি আংলং জিলাৰ পৰিষদীয় এলেকাত।

1 / 5
এই দৃশ্যই অলপ সময়ৰ বাবেও আপোনাৰ চিন্তা-চেতনাক জোকাৰি যাব। আচৰিত, যিখন ৰাজ্যৰ নেতাই ভাৰতৰ পাঁচখন উন্নত ৰাজ্যৰ তালিকাত অসমৰ নাম অন্তৰ্ভুক্ত কৰাৰ সপোন দেখিছে সেই ৰাজ্যতে এই অৱস্থা! বিকাশৰ ঢাক-ঢোল বজালেও যে, সাধাৰণ ৰাইজে চিকিৎসা সেৱাৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে, সেই কথা এই দৃশ্যই প্ৰমাণ কৰে।

2 / 5
এই দৃশ্য অসমৰ পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণি অঞ্চলৰ। তুলিৰাম ৰংহাঙৰ নেতৃত্বত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদত উন্নয়নৰ ঢাক-ঢোল বজাই থকাৰ সময়তে আধুনিক মানৱ সভ্যতাক ভ্ৰুকুটি দেখুওৱা এই দৃশ্য পোহৰলৈ আহিছে।

3 / 5
উন্নয়নৰ শ্লোগান আওৰাই থকা সময়তে কাৰ্বি আংলং পৰিষদীয় এলেকাত দেখিবলৈ পোৱা গৈছে এই ধৰণৰ উন্নয়নৰ ফোপোলা স্বৰূপ। এই দৃশ্য ৯ নং আমৰেং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ৰংমানপি গাঁৱৰ।

4 / 5
স্থানীয় লোকৰ অভিযোগ অনুসৰি অঞ্চলটোত নাই যাতায়তৰ বাবে সুচল পথ, নাই দলং। বাঁহৰ সাঁকোৰে এইদৰে কান্ধ ভাৰ বৈ ৰোগীক নিবলগীয়া হৈছে চিকিৎসালয়লৈ। এইদৰে ৰোগী জেৰিকিংডিং চিকিৎসালয়লৈ নিয়াৰ দৃশ্যই উদঙাই দিছে উন্নয়নৰ প্ৰকৃত স্বৰূপ। গতিকে স্থানীয় লোকে স্বাস্থ্য সেৱাৰ লগতে অঞ্চলটোৰ উন্নয়নৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে।

5 / 5