শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

সুখবৰঃ কাজিৰঙাত বৃদ্ধি পাইছে পৰ্যটকৰ সংখ্যা, দুমাহতে আহিল ইমান পৰ্যটক…

ৰাজ্যৰ পৰ্যটন উদ্যোগলৈ সুখবৰ। পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ বৃদ্ধি পাইছে পৰ্যটকৰ আগমনৰ সংখ্যা। বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাত বিগত দুটা মাহত দেশৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যটকৰ সংখ্যা যথেষ্ট বৃদ্ধি পোৱা বুলি তথ্য প্ৰকাশ পাইছে। এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক।

monjit-dutta
Monjit Dutta | Published: 07 Dec 2024 15:35 PM
জৈৱ বৈচিত্ৰৰে ভৰপূৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সদায়ে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ আহিছে। অসমৰ পৰ্যটন উদ্যোগৰ ক্ষেত্ৰত কাজিৰঙাই এক প্ৰধান ভূমিকা গ্ৰহণ কৰি আহিছে। প্ৰতি বছৰতে দেশৰ লগতে সমগ্ৰ বিশ্বৰ পৰা বৃ্হৎ সংখ্যক পৰ্যটকে কাজিৰঙা ভ্ৰমণ কৰে।

1 / 5
তথ্য অনুসৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত শেহতীয়া সময়ছোৱাত পৰ্যটকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। বিগত কিছুদিনত ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় উভয় পৰ্যটকৰে ব্যাপক সমাগম ঘটিছে ৰাষ্ট্ৰীয় উদ্যানখনত। ৰাজ্যৰ পৰ্যটন উদ্যোগৰ বাবে স্বাভাৱিকতেই এয়া এক সুখবৰ হিচাপে বিবেচিত হৈছে।

2 / 5
গত অক্টোবৰ আৰু নৱেম্বৰ মাহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মুঠ ৮১,০৬৮ গৰাকী পৰ্যটকে ভ্ৰমণ কৰিছে। ইয়াৰ ভিতৰত মুঠ ৩৪২৫ গৰাকী আন্তঃৰাষ্ট্ৰীয় পৰ্যটক বুলি তথ্য প্ৰকাশ কৰা হৈছে।

3 / 5
তথ্য মতে অক্টোবৰ মাহত মুঠ ২৯,৫৭৯ জন পৰ্যটকে কাজিৰঙা ভ্ৰমণ কৰিছিল। আনহাতে নৱেম্বৰ মাহত ৰাষ্ট্ৰীয় উদ্যানখনলৈ পৰ্যটকৰ আগমন বৃদ্ধি পায়। নৱেম্বৰত মুঠ ৫১,৪৮৯ গৰাকী পৰ্যটকে কাজিৰঙা ভ্ৰমণ কৰে।

4 / 5
পৰ্যটকৰ আগমনৰ লগে লগে লাভ কৰা ৰাজহৰ পৰিমাণো বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। এই সময়ছোৱাত মুঠ ১,৪৬,৬০,০৮৫ টকা ৰাজহ লাভ কৰা বুলি তথ্যত প্ৰকাশ পাইছে। ৰাষ্ট্ৰীয় উদ্যানখনত পুনৰ আৰম্ভ কৰা হাতী ছাফাৰীৰ বাবেই পৰ্যটকৰ আকৰ্ষণ ক্ৰমাৎ বৃদ্ধি পোৱা বুলি অনুমান কৰা হৈছে।

5 / 5