শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

জাপানত চাকৰি কৰাৰ সুযোগ! ৫০,০০০ যুৱক-যুৱতীয়ে পাব কৰ্ম সংস্থাপন…

এতিয়াৰ পৰা আৰু অধিক শক্তিশালী হৈ পৰিব জাপান অসমৰ মাজৰ সামাজিক-অৰ্থনৈতিক সম্পৰ্ক। শীঘ্ৰেই অসমৰ যুৱক-যুৱতীয়ে জাপানত চাকৰি কৰাৰ সুযোগ লাভ কৰিব। ইয়াৰ বাবে আমিনগাঁৱত নিৰ্মাণ হৈ আছে প্ৰশিক্ষণ কেন্দ্ৰ।

barasha-sarma
Barasha Sarma | Published: 04 May 2025 17:50 PM
আজি অসমত উপস্থিত হয় জাপানৰ প্ৰতিনিধি সদনৰ অধ্যক্ষ নুকাগা ফুকুছিৰো, ৪ গৰাকী সাংসদ সহিতে ৪০ গৰাকী বিভিন্ন ক্ষেত্ৰৰ বিষয়া। এই সকলোকে আদৰণি জনাই মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে।

1 / 5
এই সাক্ষাতৰ পাছত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে এক ভাল খবৰ দিয়ে। কামৰূপ জিলাৰ আমিনগাঁৱত স্থাপন হ'ব জাপান চৰকাৰৰ উদ্যোগত কাৰিকৰী প্ৰশিক্ষণ কেন্দ্ৰ। য'ত জাপানীজ ভাষাৰ লগতে যুৱক-যুৱতীসকলক কাৰিকৰী দিশত প্ৰশিক্ষণ প্ৰদান কৰা হ'ব।

2 / 5
দাসে কয় যে,জাপান আৰু অসমৰ মাজত এতিয়া সামাজিক আৰু অৰ্থনৈতিক সম্পৰ্ক অধিক শক্তিশালী হৈ উঠিব।কাৰণ, অসমৰ বিভিন্ন ক্ষেত্ৰত অৰ্থাৎ IT, নাৰ্ছিং তথা মেডিকেল আদিত প্ৰায় ৫০,০০০ গৰাকী যুৱক-যুৱতীক আত্মসংস্থাপন প্ৰদান কৰা হ'ব । এই কৰ্মসংস্থাপন দিয়াৰ প্ৰাকমুহূৰ্তত গুৱাহাটী IIT ৰ সহযোগত প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰা হৈছে, যাৰ নাম হৈছে গুৱাহাটীৰ আমিনগাঁৱত নিৰ্মীয়মান অৱস্থাত থকা Asean - One Technical Development Centre।

3 / 5
দাসৰ সৈতে আজি জাপানৰ পৰা অহা প্ৰতিনিধি দলটোৱে নিৰ্মীয়মান অৱস্থাত থকা প্ৰশিক্ষণ কেন্দ্ৰটো পৰিদৰ্শন কৰে। উল্লেখ কৰা প্ৰয়োজন যে, এই কেন্দ্ৰটো জাপানত কাম কৰিব বিচৰা  অসমৰ যুৱক-যুৱতীসকলৰ  সুবিধাৰ্থে মুকলি হ'ব।

4 / 5
এই সন্দৰ্ভত সামাজিক মাধ্য়মত পোষ্ট কৰি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কয় যে, পৰিদৰ্শন কালত জাপানৰ প্ৰতিনিধি সদনৰ অধ্যক্ষ নুকাগা ফুকুছিৰোই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যপাল লক্ষ্মণ আচাৰ্যৰ কামৰ শলাগ লয়।

5 / 5