শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Nijut Moina 2.0: নিযুত মইনা ২.০ আঁচনিৰ শুভাৰম্ভঃ নতুনকৈ সামৰি লোৱা হ’ব এইসকল ছাত্ৰীক…

আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰে নিযুত মইনা ২.০ আচনি। ইয়াৰ অধীনত লাখ লাখ ছাত্ৰী উপকৃত হ'ব। এই আঁচনিয়ে ছাত্ৰীসকলক অধ্যয়নৰ বাবে অনুপ্ৰাণিত কৰিব বুলি কয় মুখ্যমন্ত্ৰীয়ে।

barasha-sarma
Barasha Sarma | Published: 27 Oct 2025 18:45 PM
সোমবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰে নিযুত মইনা আঁচনি ২.০। গুৱাহাটীৰ অর্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্রকল্পত আয়োজিত অনুষ্ঠানত ৰাজ্যৰ ছাত্ৰীসকলৰ মাজত এই আঁচনিৰ চেক বিতৰণ কৰা হয়। এই অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে,  আঁচনিখনে ২০২৫-২৬ বৰ্ষত ৰাজ্যৰ ৩.৫ লাখৰো অধিক ছাত্রীক উপকৃত কৰিব। ২০২৪-২৫ বৰ্ষত ১.৬০ লাখতকৈ অধিক ছাত্রী আঁচনিখনৰ জৰিয়তে উপকৃত হৈছিল।

1 / 5
উল্লেখ্য যে, নিযুত মইনা আঁচনিৰ অধীনত একাদশ আৰু দ্বাদশ শ্ৰেণীত নামভৰ্তি কৰা প্ৰতিগৰাকী ছাত্ৰীয়ে প্রতিমাহে ১ হাজাৰ টকাকৈ, সংহত শিক্ষক প্রশিক্ষণ কাৰ্যসূচীত নামভৰ্তি কৰা ছাত্ৰীসকলকে ধৰি স্নাতক পাঠ্যক্রমত নামভৰ্তি কৰা ছাত্ৰীসকলে প্রতিমাহে ১,২৫০ টকাকৈ আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমত নামভৰ্তি কৰা প্ৰতিগৰাকী ছাত্রীয়ে প্রতিমাহে ২,৫০০ টকাকৈ সর্বাধিক দহ মাহৰ বাবে লাভ কৰিব।

2 / 5
মুখ্যমন্ত্ৰীয়ে কয় যে, বিগত বৰ্ষত ১,৬১,৩০২ গৰাকী ছাত্ৰীয়ে নিযুত মইনা আঁচনিৰ সুবিধা লাভ কৰাৰ বিপৰীতে এইবাৰ ৩,৫০,২৬৫ গৰাকী ছাত্ৰীয়ে এই সুবিধা লাভ কৰিছে। ইয়াৰোপৰি বিগত বৰ্ষৰ তুলনাত ৩০ হাজাৰৰ অধিক ছাত্ৰীয়ে শিক্ষানুষ্ঠানত নামভৰ্তি কৰিছে। ই নিশ্চয়কৈ শিক্ষা খণ্ডৰ বাবে ভাল খবৰ। কোনো ছাত্ৰীয়ে যাতে আধাতে শিক্ষা ত্যাগ নকৰে তাৰ বাবে এই আঁচনিয়ে সহায় কৰিব।

3 / 5
শৰ্মাই কয় যে,বাল্য বিবাহ ৰোধত এই আঁচনিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। আগতে বহু ছোৱালী সোনকালে বিয়া হৈছিল। এয়া ৰোধ কৰিবলৈ চৰকাৰে বহু ব্যৱস্থা গ্ৰহণ কৰিছে। মহাবিদ্যালয়ত ছাত্ৰীৰ নামভৰ্তি বিনামূলীয়া কৰিছে, লগতে নৱম শ্ৰেণীৰ ছাত্ৰীক চাইকেল, উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণসকলত স্কুটী দিয়া আদিৰ ব্যৱস্থা কৰা হৈছে।

4 / 5
স্নাতক শ্ৰেণীৰ পঞ্চম ষান্মাসিকত অধ্যয়ন কৰা ছাত্ৰী, ৰাজ্যৰ পলিটেকনিক, আইটিআইত অধ্যয়নৰত ছাত্রীকো নিযুত মইনা আঁচনিয়ে সামৰি ল'ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। ইয়াৰ ফলত আঁচনিখনৰ সুবিধা লাভ কৰা ছোৱালীৰ সংখ্যা ১ লাখ বৃদ্ধি পাব। লগতে তেওঁ কয় যে,চৰকাৰৰ লক্ষ্য হৈছে ১০ লাখ ছাত্রীক নিযুত মইনা আঁচনিখনৰ জৰিয়তে শিক্ষাগ্রহণৰ সুবিধা কৰি দিয়া।

5 / 5