5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

টেষ্টত ৯ হাজাৰ ৰান সম্পূৰ্ণ উইলিয়ামছনৰঃ ভংগ কৰিলে কোহলী, ৰুটৰ অভিলেখ

ক্ৰাইষ্টচাৰ্চত চলি আছে ইংলেণ্ড আৰু নিউজিলেণ্ডৰ মাজত টেষ্ট শৃংখলাৰ প্ৰথমখন টেষ্ট। এই টেষ্টখনত ভ্ৰমণকাৰী ইংলেণ্ডৰ বিপক্ষে নিউজিলেণ্ড পৰাজয়ৰ শংকাত ভুগিছে। দলীয় বিপৰ্যয়ৰ পিছতো অৱশ্যে স্বকীয় শৈলীৰে উজলি উঠে কিৱি তাৰকা কেন উইলিয়ামছন। দৰ্শনীয় বেটিঙেৰে উইলিয়ামছনে এই মেচখনত অনন্য কৃতিত্ব অৰ্জন কৰে।

monjit-dutta
Monjit Dutta | Published: 30 Nov 2024 13:58 PM
ইংলেণ্ডৰ বিপক্ষে চলিত ক্ৰাইষ্টচাৰ্চ টেষ্টত দৰ্শনীয় বেটিং প্ৰদৰ্শন দাঙি ধৰিছে কেন উইলিয়ামছনে। এই মেচখনৰ প্ৰথম ইনিংছত ৯৩ ৰান সংগ্ৰহ কৰা উইলিয়ামছনে দ্বিতীয় ইনিংছতো ৬১ ৰানৰ আন এক অৰ্ধশতকীয় ইনিংছ খেলে। দ্বিতীয় ইনিংছত ২৬ ৰান সংগ্ৰহ কৰাৰ লগে লগে উইলিয়ামছনে টেষ্টত ৯ হাজাৰ ৰান সম্পূৰ্ণ কৰে।

1 / 5
এই কৃতিত্ব অৰ্জন কৰা নিউজিলেণ্ড প্ৰথমগৰাকী খেলুৱৈ হিচাপে পৰিগণিত হৈছে উইলিয়ামছন। সামগ্ৰিকভাৱে তেওঁ টেষ্ট ক্ৰিকেটৰ ইতিহাসত ৯ হাজাৰ ৰান সংগ্ৰহ কৰা বিশ্বৰ ১৯ সংখ্যক বেটাৰ হিচাপে পৰিগণিত হয়। নিজ কেৰিয়াৰৰ ১০৩খন টেষ্টৰ ১৮২ ইনিংছত ৯ হাজাৰ ৰান সম্পূৰ্ণ কৰে তাৰকা বেটাৰগৰাকীয়ে।

2 / 5
এইদৰে উইলিয়ামছনে দ্ৰুততম ৯০০০ টেষ্ট ৰান সংগ্ৰহৰ পথত বিশ্ব ক্ৰিকেটৰ ফেব ফ’ৰৰ আন দুই তাৰকা জ’ ৰুট আৰু বিৰাট কোহলীক অতিক্ৰম কৰাৰ লগতে স্পৰ্শ কৰিছে শ্ৰীলংকাৰ কুমাৰ ছাংগাকাৰা আৰু পাকিস্তানৰ ইউনিছ খানৰ দৰে কিংবদন্তি বেটছমেনক। ৯ হাজাৰ টেষ্ট ৰান সংগ্ৰহ কৰা তৃতীয় দ্ৰুততম বেটাৰ হিচাপে পৰিগণিত হৈছে উইলিয়ামছন।

3 / 5
ৰুটে ১৯৬ ইনিংছত আৰু কোহলীয়ে ১৯৭ ইনিংছত এই কৃতিত্ব অৰ্জন কৰিছিল। এই তালিকাত শীৰ্ষস্থানত আছে ফেব ফ’ৰৰ আন এগৰাকী তাৰকা খেলুৱৈ অষ্ট্ৰেলিয়াৰ ষ্টিভ স্মিথ। স্মিথে ৯৯খন টেষ্টৰ ১৭৪ ইনিংছত এই কৃতিত্ব অৰ্জন কৰিছিল। আনহাতে দ্বিতীয় স্থানত থকা ৱেষ্ট ইণ্ডিজৰ কিংবদন্তি তাৰকা ব্রায়ান লাৰাই ১০০খন টেষ্টত সম্পূৰ্ণ কৰিছিল ৯ হাজাৰ ৰান।

4 / 5
নিউজিলেণ্ডৰ হৈ টেষ্ট ক্ৰিকেটত সৰ্বাধিক ৰান সংগ্ৰহৰ অভিলেখ সম্প্ৰতি উইলিয়ামছনৰ হাতত আছে। তাৰকা ক্ৰিকেটাৰগৰাকীয়ে এইপৰ্যন্ত ১০৩খন টেষ্ট মেচত ৫৪.৭৬ গড়ে ৯,০৩৫ ৰান সংগ্ৰহ কৰিছে। টেষ্টত উইলিয়ামছনে ৩২টা শতক অৰ্জন কৰাৰ লগতে ৩৫টা অৰ্ধশতক অৰ্জন কৰিছে।

5 / 5
Latest Stories