শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Happy Birthday Neeraj Chopra: শৈশৱত যিয়ে কৰিছিল মেদবহুলতাৰ বাবে ঠাট্টা, আজি কৰে নীৰজৰ প্ৰশংসা! জানক নীৰজ চোপ্ৰাৰ সফলতাৰ আঁৰৰ কাহিনী

নীৰজ চোপ্ৰা এথলেটিকছত সোণৰ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ। ২০২৪ চনত পেৰিছ অলিম্পিকতো ৰূপৰ পদক জয় কৰিছিল জেভেলিন থ্ৰ’ৰ তাৰকা নীৰজ চোপ্ৰাই।

barasha-misra
Barasha Misra | Updated On: 27 Dec 2024 13:28 PM
টকিঅ’ অলিম্পিকত ভাৰতৰ পতাকা উৰুৱা ভাৰতৰ গোল্ডেন বয় নীৰজ চোপ্ৰা। এথলেটিকছত ১২১ বছৰীয়া সপোন বাস্তৱায়িত কৰিছিল নীৰজে। আজি অৰ্থাৎ ২৪ ডিচেম্বৰ তাৰিখে নীৰজ চোপ্ৰাৰ ২৭ বছৰীয়া জন্মদিন। ১৯৯৭ চনৰ আজিৰ দিনটোতে হাৰিয়ানাৰ পানীপাট জিলাৰ খান্দাৰা গাঁৱৰ কৃষক পৰিয়ালত জন্মগ্ৰহণ কৰিছিল খেলুৱৈজনে।

1 / 5
টকিঅ' অলিম্পিকত স্বৰ্ণ পদক লাভ কৰি ভাৰতৰ গোল্ডেন ব'য় হৈ পৰিছিল খেলুৱৈগৰাকী। পেৰিছ অলিম্পিক ২০২৪ত ভাৰতৰ জেভলিন খেলুৱৈ নীৰজে ৮৯.৪৫ মিটাৰ থ্ৰ’ৰে ৰূপৰ পদক জয় কৰি ইতিহাস সৃষ্টি কৰিছিল। কিন্তু নীৰজৰ শৈশৱৰ কাহিনী অলপ বেলেগ। আচলতে আজি ফিট আৰু ধুনীয়া দেখা নীৰজ চোপ্ৰা শৈশৱৰ দিনত এনেকুৱা নাছিল।

2 / 5
শৈশৱত নীৰজ যথেষ্ঠ শকত আছিল। মেদবহুলতাৰ বাবেও তেওঁক ঠাট্টাও কৰিছিল, যাৰ বাবে তেওঁৰ পৰিয়ালৰ লোকসকল চিন্তিত হৈছিল। মেদবহুলতা কমোৱাৰ বাবে নীৰজ চোপ্ৰাৰ ককাকে তেওঁক ষ্টেডিয়ামলৈ লৈ গৈ দৌৰাই দিছিল যদিও তেওঁৰ মন নগ’ল। অৱশ্যে ষ্টেডিয়ামত তেওঁ আন খেলুৱৈক জেভেলিন নিক্ষেপ কৰা দেখি আগ্ৰহ বাঢ়িবলৈ ধৰিলে।

3 / 5
নীৰজ চোপ্ৰাই জেভলিন নিক্ষেপ কৰি নিজৰ কেৰিয়াৰ গঢ়ি তুলিছিল। আজিৰ সত্যতা হ'ল সেই ল'ৰাজন ভাৰতৰে নহয় গোটেই বিশ্বৰ সম্পদ। নীৰজ চোপ্ৰা এথলেটিকছত সোণৰ পদক লাভ কৰা প্ৰথমজন ভাৰতীয় খেলুৱৈ। ভাৰতৰ ১২১ বছৰীয়া সপোন বাস্তৱায়িত কৰিছিল খেলুৱৈজনে।

4 / 5
টকিঅ’ অলিম্পিকত নীৰজ চোপ্ৰাই ৮৭.৫৮ মিটাৰ দূৰত্ব জুখি স্বৰ্ণ পদক লাভ কৰে। অলিম্পিকৰ ইতিহাসত ভাৰতে একক ইভেণ্টত লাভ কৰা এয়া দ্বিতীয়টো স্বৰ্ণ পদক।  ২০১৮ চনৰ কমনৱেলথ গেমছত তেওঁ দেশৰ পতাকা ধাৰণ কৰিছিল। তেওঁৰ কেৰিয়াৰৰ আৰম্ভণিত, তেওঁ ২০১৬ চনত বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপ খিতাপ জয় কৰিছিল আৰু বিশ্বৰ ২০ বছৰৰ তলৰ ৮৬.৪৮ মিটাৰ অভিলেখ গঢ়িছিল।

5 / 5